অসম

assam

Opposition Unity Forum: হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ দাবী বিৰোধী ঐক্য মঞ্চৰ

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 3:03 PM IST

অসমৰ শিক্ষা বিভাগক পৰিচালনা কৰাত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবলৈ দাবী বিৰোধী ঐক্য মঞ্চৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা হৈছে ।‌ বিদ্যালয় একত্ৰিতকৰণৰ নামত ৫ হাজাৰৰ অধিক স্কুল বন্ধ কৰি দিয়া হৈছে ৷

Rakibul Hussain demands resignation of Himanta Biswa Sarma as CHIEF Minister
হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰপৰা পদত্যাগ কৰাৰ দাবী ৰকিবুল হুছেইনৰ

হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰপৰা পদত্যাগ কৰাৰ দাবী ৰকিবুল হুছেইনৰ

গুৱাহাটী, ৬ নৱেম্বৰ: "অসমৰ শিক্ষা বিভাগক পৰিচালনা কৰাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই কথা নিজ মুখে স্বীকাৰ কৰিছে।‌ গতিকে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে।‌" সোমবাৰে গুৱাহাটীৰ এখন‌ হোটেলত বিৰোধী ঐক্য মঞ্চৰ এখন সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে ৷

লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে অভিযোগ কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে উজনি, নামনি, বৰাকৰ ভেন্সাৰ স্কুলৰ শিক্ষক-কর্মচাৰীৰ দুখ-দুর্দশাই কুলাই-পাচিয়ে নধৰা হৈছে। বহু শিক্ষকে টেম্প', ই-ৰিক্সা পর্যন্ত চলাবলগীয়া হৈছে। দিন হাজিৰা কৰিবলগীয়া হৈছে ৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মহত্যা কৰিছে। ভেন্সাৰ স্কুলৰ শিক্ষক-কর্মচাৰীৰ সংস্থাৰ তথ্য ‌মতে, অসমত ২০১৯ খন ভেন্সাৰ শিক্ষানুষ্ঠান আছে।‌ ইয়াতে ২০ হাজাৰ শিক্ষক-কর্মচাৰীয়ে কাম কৰি‌ আছে।‌ অসমত ৩৯৭ গৰাকীয়ে ভেন্সাৰ স্কুলৰ শিক্ষক-কর্মচাৰীয়ে আত্মহত্যা কৰিছে।‌ কিছুদিন পূৰ্বে মৰাণত অতুল কলিতা আৰু ৰুদ্ৰ চেতিয়া নামৰ দুজন ভেন্সাৰ স্কুলৰ শিক্ষকে চিকিৎসাৰ অভাৱত মৃত্যুবৰণ‌ কৰিবলগীয়া হৈছে।‌ ২০০০ গৰাকী ভেন্সাৰ স্কুলৰ শিক্ষক-কর্মচাৰীয়ে বিনা‌ বেতনে অৱসৰ‌ গ্ৰহণ কৰিছে।‌

অপ্রাদেশীকৃত শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকলৰ মাজত বিজেপি চৰকাৰে বৈষম্যমূলক আচৰণ কৰা বাবেই ২০১৭-১৮ চনৰ শিক্ষানুষ্ঠানৰ পদ প্রাদেশীকিকৰণ আইন সংশোধনৰ সময়ত ইয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছে। সকলো অপ্ৰাদেশীকৃত বিদ্যালয়ক সাঙুৰি নোলোৱাৰ বাবেই আইনখনৰ আওঁতাৰ বাহিৰত থকা শিক্ষানুষ্ঠানসমূহ প্রাদেশীকিকৰণৰ ভিত্তিবর্ষ ১-১-২০০৬ চনৰ আগত প্রতিষ্ঠিত নিম্ন প্রাথমিকৰ পৰা মহাবিদ্যালয়লৈকে প্রায় ২৩১৯ খন শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষক-কর্মচাৰীক প্রাদেশিকীকৰণৰ জৰিয়তে ন্যায় প্ৰদানৰ দাবী জনাইছিল কংগ্ৰেছে। ২০১৩ আৰু ২০২১ চনত বঞ্চিত শিক্ষক-কর্মচাৰীক প্রাদেশিকীকৰণৰ জৰিয়তে চৰকাৰক ন্যায় প্ৰদান কৰিবলৈয়ো কংগ্ৰেছে দাবী জনাই আহিছে।

ইয়াৰোপৰি হুছেইনে লগতে উল্লেখ কৰে যে, শিক্ষক-কর্মচাৰীৰ প্রতিনিধিয়ে ২০২২ চনৰ ২০ অক্টোবৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল। শিক্ষক-কর্মচাৰীৰ প্রতিনিধিয়ে ২০১৭-১৮ চনৰ পদ প্রাদেশীকিকৰণ আইনৰ সংশোধন আৰু ২০১৩ আৰু ২০২১ চনত বঞ্চিত শিক্ষক-কৰ্মচাৰীক প্রাদেশীকিকৰণৰ বাবে জনোৱা দাবীক মানি লোৱাৰ প্ৰতিশ্ৰুতিও দিছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু আজিলৈ মুখ্যমন্ত্ৰীয়ে কিয় সেই প্রতিশ্রুতি পালন নকৰিলে বুলিও প্রশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা হৈছে ।‌ বিদ্যালয় একত্ৰিতকৰণৰ নামত ৫ হাজাৰৰ অধিক স্কুল বন্ধ কৰি দিয়া হৈছে বুলি সদৰী কৰে কংগ্ৰেছী নেতাগৰাকীয়ে।‌

এই সংবাদমেলত অসম তৃণমূল‌ কংগ্ৰেছৰ নেতা দিলীপ কুমাৰ‌ শৰ্মা, অজাপৰ নেতা জিয়াউৰ‌ ৰহমান আৰু ৰাইজৰ দলৰ নেতা ৰাছেল‌ হুছেইন উপস্থিত আছিল।

লগতে পঢ়ক:Cops loot gold from Railway passenger : খাকী পোচাকত লাগিল দাগ; ৰে’লযাত্ৰীৰ পৰা সোণ কাঢ়ি অন্তৰ্ধান আজমল আৰু দুই সহযোগী

ABOUT THE AUTHOR

...view details