অসম

assam

National Press Day: সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ চেষ্টা চলাই আহিছে চৰকাৰে !

By

Published : Nov 16, 2022, 8:51 PM IST

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততো আজি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস (National press day)৷ চৰকাৰেও সংবাদকৰ্মীসকলক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ বিভিন্ন নেতাই সাংবাদিক বন্ধুসকল বুলি সম্বোধন কৰিলেও বিভিন্ন সময়ত সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা যায় ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই সংবাদমাধ্যক তুচ্চ-তাচ্চিল্য কৰাৰ ওপৰিও চূড়ান্ত অপমানজনক মন্তব্য প্ৰদান কৰা দেখা গৈছিল ৷

National press day
সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ চেষ্টা চলাই আহিছে চৰকাৰে !

নিউজ ডেস্ক, 16 নৱেম্বৰ : ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষা কৰাৰ উদ্দেশ্যে 1966 চনৰ 16 নৱেম্বৰত গঠন কৰা হৈছিল প্ৰেছ কাউঞ্চিল অব্ ইণ্ডিয়া (Press Council of India)৷ সেয়েহে প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাবে পালন কৰি অহা হৈছে । সংবাদ মাধ্যমত থকা স্বতন্ত্ৰতা আৰু দায়বদ্ধতাৰ উপস্থিতিক মনত পেলাই দিয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসে ।

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততো আজি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস (National press day)৷ সংবাদকৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে ভিন্নজনে ৷ তাৰ মাজতে চৰকাৰেও সংবাদকৰ্মীসকলক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷

সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাবে আখ্যা দিয়া সংবাদকৰ্মীসকলৰ বাবে আজি বিশেষ দিন ৷ একোখন চৰকাৰ আৰু সাধাৰণ ৰাইজৰ মাজৰ সাঁকো হিচাবে কাম কৰি অহা সংবাদকৰ্মীসকলক আজিৰ দিনটোত বিশেষভাৱে প্ৰশংসা কৰা হয়, সন্মান যঁচা হয় ৷ কিন্তু এইসকল সংবাদকৰ্মী বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ৷

সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ চেষ্টা চলাই আহিছে চৰকাৰে !

বিভিন্ন নেতাই সাংবাদিক বন্ধুসকল বুলি সম্বোধন কৰিলেও বিভিন্ন সময়ত সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা যায় ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই সংবাদমাধ্যক তুচ্চ-তাচ্চিল্য কৰাৰ ওপৰিও চূড়ান্ত অপমানজনক মন্তব্য প্ৰদান কৰা দেখা গৈছিল (CM Himanta Biswa Sarma insults journalist)৷

সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাৰ চেষ্টা এয়াই প্ৰথম নহয় ৷ জানি আচৰিত হ’ব যে এইখন অসমতে ১৯৮৭ চনৰ পৰা এই পৰ্যন্ত প্ৰায় 19 গৰাকী সাংবাদিকক হত্যা কৰা হৈছে (Journalist murder in Assam)৷ মন কৰিবলগীয়া কথাটো হ’ল সাংবাদিক আৰু সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা তুলি ধৰাৰ 16 নৱেম্বৰৰ দিনটোতে সাংবাদিক হত্যাৰ উপৰি ৰাজনৈতিক নেতাই সাংবাদিক আৰু সংবাদমাধ্যমক ৰাজহুৱাভাৱে অপমান কৰা বিষয়সমূহ দৃষ্টিকটুভাৱে ঢাকি ৰখাৰ চেষ্টা চলোৱা হৈছে ৷

দুৰ্ভাগ্যজনকভাৱে অসমৰ গৰিষ্ঠসংখ্যক সাংবাদিক আৰু সংবাদকৰ্মীয়ে সংবাদ মাধ্যমক গুৰুত্বহীন কৰিবলৈ ৰাজনৈতিক ব্যৱস্থাটোৱে চলাই অহা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ বিপৰীতে এই অশুভ ৰাজনৈতিক ধাৰাটোত জীণ নিয়াই নিজকে সৌভাগ্যৱান বুলি আত্মসন্তুষ্টি লভাৰ এক ভয়াবহ প্ৰৱণতাহে বিভিন্ন সময়ত পৰিলক্ষিত হোৱা দেখা গৈছে ৷ সাপ হৈ খুঁটি বেজ হৈ জৰাৰ দৰে আজিৰ দিনটোত নেতা-মন্ত্ৰীয়ে সন্মান যাঁচিলে সংবাদ কৰ্মীসকলক ৷

আমি আশা কৰিম, চৰকাৰৰ বেয়া দিশসমূহৰ সমালোচনা কৰাৰ সময়তো সংবাদ মাধ্যমৰ স্বাধীনতাত হস্তক্ষেপ নকৰক প্ৰশাসনিক ব্যৱস্থাটোৰ লগতে শাসকীয়কে ধৰি বিভিন্ন ৰাজনাতিক দলৰ নেতা-মন্ত্ৰীয়ে ৷

লগতে পঢ়ক :National Press Day 2022: 90 বছৰ বয়সতো সংবাদ সেৱা আগবঢ়োৱা ৰাজেন বৰকাকতিৰ কথাৰে...

ABOUT THE AUTHOR

...view details