অসম

assam

জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মাজত বুজাবুজি চুক্তি

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 4:49 PM IST

জল জীৱন মিছনৰ সজাগতাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । এতিয়াৰে পৰা আশাকৰ্মীসকলেও জল জীৱন মিছনৰ বিভিন্ন কামত সহযোগিতা আগবঢ়াব । এই সন্দৰ্ভত জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ হৈছে ।

Jal Jeevan Mission
জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মাজত বুজাবুজি চুক্তি

গুৱাহাটী,২৮ নৱেম্বৰ :প্ৰতিটো পৰিয়াললৈ বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে অসমৰ প্ৰতিটো প্ৰান্ততে জল জীৱন মিছনৰ কাম চলি আছে । ইতিমধ্যে এই মিছনৰ অধীনত প্ৰায় ৬০ শতাংশ কাম সম্পূৰ্ণ হৈছে । ইয়াৰ মাজতে জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ।

মঙলবাৰে খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমত কৰ্মৰত হৈ থকা আশাকৰ্মীসকলক জল জীৱন মিছনৰ কিছু কামৰ দায়িত্ব প্ৰদান কৰা হ'ব । এই বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানটোত উপস্থিত থাকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ উচ্চপদস্থ বিষয়াসকল ।

জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মাজত বুজাবুজি চুক্তি

অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মূল লক্ষ্য একেটাই, জনতাক সুস্বাস্থ্য প্রদান কৰা ৷ বিভাগ দুটাৰ মাজত হোৱা এই সহযোগিতাৰ অধীনত আশাকর্মীসকলে তেওঁলোকৰ ছুপাৰভাইজাৰ, পিএইছইডি আৰু গাঁও পঞ্চায়তৰ বিষয়াসকলৰ সহযোগত মাহেকীয়া বৈঠকৰ জৰিয়তে বিশুদ্ধ পানী ব্যৱহাৰৰ কৌশল, পানীৰ মানদণ্ড, পানীৰ দ্বাৰা হোৱা ৰোগ আদিৰ বিষয়ে অঞ্চলটোৰ লোকসকলক অৱগত কৰিব ।

আনহাতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ৰাজ্যত জল জীৱন মিছনৰ কাম এতিয়ালৈকে ৬৪ শতাংশ সম্পূৰ্ণ হৈছে । ২০২৪ ৰ মাৰ্চলৈ প্ৰায় ৭৫ শতাংশ কাম সম্পূৰ্ণ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰিছে । আনহাতে ২০২৪ ৰ শেষলৈ জল জীৱনৰ ১০০ শতাংশ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :হাতী-মানুহৰ সংঘাত ৰোধৰ কাম আমিয়েই কৰিব লাগিব- অৰণ্য মানৱ

ABOUT THE AUTHOR

...view details