অসম

assam

কামৰূপ মহানগৰ জিলাত ঋতুস্ৰাৱ স্বচ্ছতা দিৱস পালন

By

Published : May 28, 2022, 7:08 PM IST

আজি ঋতুস্ৰাৱ স্বচ্ছতা দিৱস(Menstrual Transparency Day) । সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্ততো পালন কৰা হয় এই দিৱসটি । মহানগৰীৰ দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰীয়ভাৱে এক বিশেষ সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয় । উলিওৱা হয় এক সজাগতামূলক শোভাযাত্ৰা(Awareness procession is taken out on occasion of Menstrual Transparency Day) ।

menstrual transparency day celebrated in guwahati
কামৰূপ মহানগৰ জিলাত ঋতুস্ৰাৱ স্বচ্ছতা দিৱস পালন

গুৱাহাটী,২৮ মে’:শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো পালন কৰা হয় ঋতুস্ৰাৱ স্বচ্ছতা দিৱস(Menstrual Transparency Day) ৷ এই উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম(National Health Mission Assam)ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ সহযোগত মহানগৰীৰ দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰীয়ভাৱে এক বিশেষ সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ ঋতুস্ৰাৱৰ সৈতে জড়িত অন্ধবিশ্বাস দূৰ কৰাৰ লগতে স্বচ্ছতা সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে পালন কৰা এই দিৱসৰ লগত সংগতি ৰাখি পুৱাৰভাগত উলিওৱা হয় এক সজাগতামূলক শোভাযাত্ৰা(Awareness procession is taken out on occasion of Menstrual Transparency Day) ৷

ঋতুস্ৰাৱ স্বচ্ছতা দিৱস উপলক্ষে দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰীয়ভাৱে এক বিশেষ সজাগতা অনুষ্ঠানৰ আয়োজন

শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়া সকলে । শোভাযাত্ৰা মুকলি কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিশ্যন সঞ্চালিকা ডা° এম.এছ লক্ষ্মী প্ৰিয়াই জনায় যে মহিলাসকলে ঋতুস্ৰাৱ চক্ৰৰ তথ্য যাতে নিয়মিত লিপিবদ্ধ কৰি যাব পাৰে তাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ তৰফৰ পৰা শীঘ্ৰে আৰম্ভ কৰা হ’ব ঋতুস্ৰাৱ কাৰ্ডৰ ব্যৱস্থা ৷

শোভাযাত্ৰাৰ পাছত ছাত্ৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এখন সজাগতা সভাও অনুষ্ঠিত কৰা হয় । সজাগতা সভাখনত মিশ্যন সঞ্চালিকা ডা° এম. এছ লক্ষ্মী প্ৰিয়াৰ লগতে উপস্থিত থাকে অভিনেত্ৰী ৰিছা ছেত্ৰী, কামৰূপ মহানগৰৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° কন্দৰ্প কুমাৰ দাস আৰু পাণ্ডু FRU ৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডা° অনুৰাধা বৰঠাকুৰ আৰু দিছপুৰ চৰকাৰী উঃ মাঃ বিদ্যালয়ৰ অধ্যক্ষা ৷

এই দিৱসৰ লগতে সংগতি ৰাখি ২৮ মে’ৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে অনুষ্ঠিত কৰিছে এখন অনলাইন ঋতুস্ৰাৱজনিত স্বচ্ছতা সজাগতা প্ৰতিযোগিতাৰো ৷ ইচ্ছুকসকলে www.nhm.assam.gov.in ত গৈ এই প্ৰতিযোগিতাত অংশ ল’ব পাৰিব ৷ সকলো অংশগ্ৰহণকাৰীয়ে লাভ কৰিব একোখনকৈ ই-প্ৰমাণপত্ৰ ৷ লগতে তেওঁলোকৰ প্ৰমাণপত্ৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সামাজিক মাধ্যমৰ পেজতো আপল’ড কৰা হ’ব ৷

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মা পানীৰ দৰে, যি পাত্ৰত ৰাখে তাৰেই আকাৰ লয়: ৰকিবুল হুছেইন

ABOUT THE AUTHOR

...view details