ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মা পানীৰ দৰে, যি পাত্ৰত ৰাখে তাৰেই আকাৰ লয়: ৰকিবুল হুছেইন

author img

By

Published : May 28, 2022, 5:33 PM IST

"হিমন্ত বিশ্ব শৰ্মা পানীৰ দৰে, যি পাত্ৰত ৰাখে সেই পাত্ৰৰে আকাৰ লয়" ৷ শনিবাৰে বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে এইদৰে কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (Rakibul Hussain criticize Assam CM) ৷

Rakibul Hussain criticize on Assam CM
হিমন্ত বিশ্ব শৰ্মা পানীৰ দৰে, যি পাত্ৰত ৰাখে সেই পাত্ৰৰ আকাৰ লয়: ৰকিবুল হুছেইন

নগাঁও, 28 মে’: "হিমন্ত বিশ্ব শৰ্মা পানীৰ দৰে, যি পাত্ৰত ৰাখে সেই পাত্ৰৰে আকাৰ লয়" ৷ শনিবাৰে বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে (Rakibul Hussain in Nagaon) এইদৰে কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (Rakibul Hussain criticize on Assam CM) ৷ কেৱল কটাক্ষ কৰাই নহয়, একাংশ সংবাদমাধ্যমৰ ওপৰত জাঙুৰ খাই উঠে প্ৰাক্তন মন্ত্ৰীগৰাকী ৷

ৰকিবুল হুছেইনৰ অভিযোগ, প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই যেতিয়া কংগ্ৰেছ দল ত্যাগ কৰিছিল সেই সন্দৰ্ভত বিধায়কগৰাকীয়ে দিয়া মন্তব্যক বিকৃত ৰূপত একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল ৷ তাৰোপৰি সংবাদমাধ্যমে প্ৰাক্তন মন্ত্ৰীগৰাকীক শিখণ্ডী সজোৱাৰো চেষ্টা চলাইছিল বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে ৷

হিমন্ত বিশ্ব শৰ্মা পানীৰ দৰে, যি পাত্ৰত ৰাখে সেই পাত্ৰৰ আকাৰ লয়: ৰকিবুল হুছেইন

আনহাতে, তেওঁ কংগ্ৰেছ ত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰিব বুলি সংবাদমাধ্যমত প্ৰচাৰ হোৱা বাতৰিও নস্যাৎ কৰে ৰকিবুল হুছেইনে । এই বাতৰিৰ কোনো ভিত্তি নাই বুলিও প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক : অসমত বাংলাদেশৰ জেহাদী দলৰ আত্মগোপনঃ 7 ৰাজ্যত সতৰ্কতা জাৰি কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.