ETV Bharat / city

অসমত বাংলাদেশৰ জেহাদী দলৰ আত্মগোপনঃ 7 ৰাজ্যত সতৰ্কতা জাৰি কেন্দ্ৰৰ

author img

By

Published : May 28, 2022, 4:20 PM IST

অসমসহ সাতখন ৰাজ্যক কেন্দ্ৰৰ সতৰ্কতা । শ্ৰমিকৰ বেশত প্ৰৱেশ কৰি বিভিন্ন ঠাইত আশ্ৰয় জেহাদীৰ । কূটাঘাতৰ আশংকা চোৰাংচোৱাৰ । 'নিয়া'ই পশ্চিম বংগত গ্ৰেপ্তাৰ কৰা জামাতৰ কেইটামান জেহাদীৰ বিস্ফোৰক স্বীকাৰোক্তি ।

অসমত বাংলাদেশৰ জেহাদী দলৰ আত্মগোপনঃ
অসমত বাংলাদেশৰ জেহাদী দলৰ আত্মগোপনঃ

গুৱাহাটী, 28 মে': অসমত শেহতীয়াকৈ জেহাদীৰ তৎপৰতা বৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰ । কেইদিনমান পূৰ্বে ৰাজ্যৰ বৰপেটা-বঙাইগাঁও আদি জিলাত অসম আৰক্ষীয়ে আল-কায়দাৰ আনচাৰুল বাংলা গোটৰ বহুকেইটা জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ অসমত পুনৰ জেহাদীৰ প্ৰৱেশ ঘটিছে । কেৱল অসমেই নহয় পশ্চিম বংগকে ধৰি দেশৰ মুঠ ৭খন ৰাজ্যত বাংলাদেশৰ নতুন জেহাদী সংগঠন জামাতৰ দল প্ৰৱেশ কৰি আত্মগোপন কৰিছে (Jehadi at seven states in North East) ।

কেন্দ্ৰই ইতিমধ্যে উত্তৰ-পূবৰ এই সাতখন ৰাজ্যৰ চৰকাৰক সতর্ক হ’বৰ বাবে হাই এলার্ট জাৰি কৰিছে । উল্লেখ্য যে বাংলাদেশৰ পৰা অসম-ত্ৰিপুৰা সীমান্তৰে দেশৰ এই প্ৰান্তত শ্ৰমিকৰ বেশত জামাতৰ জেহাদীৰ দলটো প্ৰৱেশ কৰাৰ পাছত ভাগ ভাগ হৈ আত্মগোপন কৰা বুলি ৰাজ্যকেইখনক সতৰ্ক কৰি দিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই । জেহাদীৰ দলটোৱে এই ৰাজ্যকেইখনত কূটাঘাত সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰিছে চোৰাংচোৱাই ।

পশ্চিম বংগৰ বহু কূটাঘাতৰ সৈতে এই জেহাদী সংগঠনটো জড়িত থকাৰ তথ্য পোৱাৰ পাছত কেন্দ্ৰই এতিয়া এই ৰাজ্যকেইখনত বাংলাদেশী নাগৰিকৰ ওপৰত সতর্ক দৃষ্টি ৰখাৰ নিৰ্দেশ দিছে । ইফালে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সতর্কবাণী পোৱাৰ পাছতে ৰাজ্যকেইখনত আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে ।

লক্ষণীয় যে বাংলাদেশৰ পৰা জেহাদীৰ দলটোৱে অসম, পশ্চিম বংগ, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আদি বাংলাদেশৰ সীমান্তৰে সংযোজিত হৈ থকা ৰাজ্যকেইখনত বাহৰ পতা তথ্য কেন্দ্ৰীয় চৰকাৰে লাভ কৰাৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্যকেইখনক সতর্ক কৰি দিছে । বাংলাদেশৰ জেহাদীকে ধৰি দুষ্কৃতিকাৰীসকলে দেশখনৰ সীমান্ত সংযোজিত ৰাজ্যকেইখনত বি এছ এফৰ চকুত ধূলি দি ভাৰতত প্ৰৱেশ কৰি আহিছে ।

জেহাদীৰ দলটোৱেও একে পদ্ধতিৰে ভাৰতত প্ৰৱেশ কৰে । উল্লেখ্য যে 'নিয়া'ই কেইদিনমান পূৰ্বে পশ্চিম বংগত জামাতৰ কেইটামান জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল (NIA arrested Jamat jehadi at West Bengal)। পশ্চিম বংগত কূটাঘাতৰ পৰিকল্পনা কৰি থকাৰ সময়তে জেহাদীকেইটা নিয়াৰ জালত পৰিছিল । কেন্দ্ৰীয় সংস্থাটোৱে কৰা জেৰাৰ সময়ত দলটোৰ অন্য বহু সদস্য এই সাতখন ৰাজ্যত প্ৰৱেশ কৰি কূটাঘাতৰ সুযোগৰ অপেক্ষাত থকাৰ বিস্ফোৰক স্বীকাৰোক্তি দিছিল ।

সকলো জেহাদীয়েই ৰেস্তোৰাঁকে ধৰি বিভিন্ন খণ্ডত শ্ৰমিকৰ বেশত ৰাজ্যকেইখনত আত্মগোপন কৰি থকাৰ লগতে যি ৰাজ্যত আছে সেই ৰাজ্যৰ ভাষা শিকাৰ প্ৰচেষ্টাত ব্ৰতী হয় বুলিও জেৰাত প্ৰকাশ কৰে । তেওঁলোকক সন্দেহ নকৰাৰ বাবেই স্থানীয় ভাষা শিকাৰ চেষ্টা কৰিছে । এই কথা পোহৰলৈ অহাৰ পাছতে দেশৰ নিৰাপত্তা ব্যৱস্থাত একপ্ৰকাৰ হাহাকাৰ লাগিছে ।

আনহাতে ভাৰতত প্ৰৱেশ কৰা জামাতৰ জেহাদীয়ে কেৰালা, কৰ্ণাটক আৰু তামিলনাডুত আশ্ৰয় লোৱাৰ বাবে সুৰক্ষিত স্থান হিচাপে ব্যৱহাৰ কৰা বুলিও জেৰাত স্বীকাৰ কৰে (Jamat jehadi at Kerala, Karnataka, Tamil Nadu) । লক্ষণীয় বিষয় যে শেহতীয়াকৈ বটদ্ৰৱা থানা জ্বলাই দিয়া কার্যতো জেহাদীৰ হাত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । লক্ষণীয় বিষয় যে অসমত জেহাদীকে ধৰি মাওবাদী তথা মৌলবাদীৰ উত্থানে ভয়াৱহ পৰিস্থিতিৰ ইংগিত বহন কৰিছে ।

লগতে পঢ়ক: মন্ত্রী সঞ্জয় কিষানলৈ মুখ্যমন্ত্রীৰ কাৰণ দৰ্শোৱাৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.