অসম

assam

Ranjit Bora Murder Case : লকআপৰ ভিতৰতে আত্মহননৰ চেষ্টা ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্তৰ

By

Published : Feb 10, 2023, 2:24 PM IST

দিছপুৰ থানাত অঘটন ৷ থানাৰ লকআপতে আত্মহননৰ চেষ্টা চলায় ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ (Prisoner attempted suicide in Dispur police lock up) ৷ চিকিৎসালয়ত ভৰ্তি ৷

Prisoner attempted suicide in Dispur police lock up
থানাৰ লকআপতে আত্মহননৰ চেষ্টা

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী :মহানগৰীৰদিছপুৰ থানাত চাঞ্চল্যকৰ ঘটনা ৷ আজি অৰ্থাৎশুক্ৰবাৰে গুৱাহাটীৰ দিছপুৰ থানাত সংঘটিত হয় ভয়ংকৰ ঘটনাটো । আৰক্ষীৰ থানাৰ লকআপতে আত্মহননৰ চেষ্টা চলায় আচামীয়ে । আচামীজনৰ নাম শ্বাহ আলম তালুকদাৰ । ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত হ’ল শ্বাহ আলম তালুকদাৰ (Ranjit Bora Murder Case)।

আৰক্ষী থানাৰ শৌচাগাৰৰ মগ ভাঙি ভঙা অংশৰে শ্বাহ আলম তালুকদাৰে হাত কাটি আত্মহননৰ চেষ্টা চলায় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । আৰক্ষীয়ে শৌচাগাৰৰ ভিতৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় শ্বাহ আলম তালুকদাৰক ৷ ইয়াৰ পিচতে আৰক্ষীয়ে ততাতৈয়াকৈ শ্বাহ আলম তালুকদাৰক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে (Guwahati medical college hospital)। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শ্বাহ আলম তালুকদাৰৰ চিকিৎসা বাতৰি লিখাৰ পৰলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চলি আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, মহানগৰীৰ পাঞ্জাবাৰীৰ পূৰৱী ডায়েৰীৰ সন্মুখত ৰঞ্জিত বৰা নৃশংস হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আছিল শ্বাহ আলম তালুকদাৰ । যোৱা ৬ ফেব্ৰুৱাৰীত আদালতে ৭ দিনৰ বাবে শ্বাহ আলম তালুকদাৰক দিছপুৰ আৰক্ষীৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । আৰক্ষীয়ে আদালতত দিয়া ভাষ্য অনুসৰি বিগত 2022 বৰ্ষৰ ২১ নৱেম্বৰৰ দিনা পূৰৱী ডায়েৰীৰ ধন বেংকত জমা দিবলৈ আহি থকা অৱস্থাতে বিতৰক ৰঞ্জিত বৰাক ডকাইতি কৰিবলৈ চেষ্টা কৰে ৷ লুটপাত চলোৱাৰ অভিপ্ৰায়ৰে ৰঞ্জিত বৰাৰ পৰা বেগখন কাঢ়ি নিবৰ বাবে ডকাইত আলমে বৰাক গুলীচালনা কৰিছিল ৷ যাৰ ফলত থিতাতে অকাল মৃত্যুক সাৱটি লৈছিল পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰা (Prisoner attempted suicide in Dispur police lock up) ৷

কামৰূপ গ্ৰাম্য আৰু নলবাৰী আৰক্ষীৰ যৌথ প্ৰচেষ্টাত ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ প্ৰায় দুমাহৰ অন্তত ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আলমৰ লগতে ৫ জনীয়া গেঙটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল অসম আৰক্ষী । আৰক্ষীয়ে ঘটনাত ব্যৱহাৰ কৰা AS-01 AQ 4064 নম্বৰৰ গ্লেমাৰ বাইকখনো উদ্ধাৰ কৰিছে । ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰা হৈছিল । হত্যাকাণ্ড সংঘটিত হোৱাৰ কেইবামাহৰ অন্ততহে অসম আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল ঘটনাৰ সৈতে জড়িত অপৰাধীকেইটাক ৷

কিন্তু ইমানৰ পিচতো লকআপৰ ভিতৰত এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ আচামীয়ে কেনেকৈ সুযোগ পালে বুলিও ৰাজ্যৰ সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে । অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমানলৈ প্ৰকাশ কৰা নাই কোনো মন্তব্য ।

লগতে পঢ়ক :Punishable Transfer of Kokrajhar jailer : কোকৰাঝাৰ জিলা কাৰাগাৰৰ ৱাৰ্ডেনৰ দায়িত্বত থকা এগৰাকী আৰক্ষীক শাস্তিমূলক বদলি

ABOUT THE AUTHOR

...view details