ETV Bharat / state

Punishable Transfer of Kokrajhar jailer : কোকৰাঝাৰ জিলা কাৰাগাৰৰ ৱাৰ্ডেনৰ দায়িত্বত থকা এগৰাকী আৰক্ষীক শাস্তিমূলক বদলি

author img

By

Published : Feb 10, 2023, 12:11 PM IST

Updated : Feb 10, 2023, 2:24 PM IST

ধনৰ বিনিময়তহে আচামীক সাক্ষাৎ কৰিবলৈ দিয়ে কোকৰাঝাৰ জিলা কাৰাগাৰৰ দায়িত্বত থকা আৰক্ষীয়ে (Kokrajhar district jail incident) ৷ কাৰাগাৰৰ আৰক্ষী বিষয়া বিপ্লৱ সৰকাৰক শদিয়া কাৰাগাৰলৈ শাস্তিমূলক বদলি (Punishable transfer of Kokrajhar jailer)৷

Etv Bharat
Etv Bharat

কোকৰাঝাৰ, ১০ ফেব্ৰুৱাৰী : কোকৰাঝাৰ জিলা কাৰাগাৰত চাঞ্চল্যকৰ ঘটনা ৷ কোকৰাঝাৰ কাৰাগাৰত কাৰাবন্দীক সাক্ষাতৰ বাবে লাগে উপঢৌকন ৷ ধনৰ বিনিময়তহে কাৰাগাৰত আচামীক সাক্ষাৎ কৰিবলৈ দিয়াৰ অভিযোগ উত্থাপিত হৈছে কোকৰাঝাৰ জিলা কাৰাগাৰৰ বিৰুদ্ধে (Kokrajhar district jail incident) ৷ ৰাজ্যজুৰি বাল্য বিবাহ কৰোৱা আৰু তেওঁলোকৰ অভিভাৱকসকলক গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণৰ অভিযান অব্যাহত আছে ৷ বুধবাৰে এগৰাকী যুৱকে বাল্য বিবাহ জনিত কাৰণত কাৰাগাৰত আৱদ্ধ হৈ থকা কাৰাবন্দীক সাক্ষাতৰ বাবে গৈ ধন আদায় দিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ।

কাৰাগাৰত আচামীক সাক্ষাৎ কৰাৰ বিনিময়ত ধন লৈছিল কাৰাগাৰৰ আৰক্ষী বিপ্লৱ সৰকাৰে । বুধবাৰে সংঘটিত হৈছিল এই লজ্জাজনক ঘটনাটো (Punishable transfer of Kokrajhar jailer) ৷ উল্লেখ্য যে, বাল্যবিবাহৰ সৈতে জড়িত তথা পকছ’ আইনৰ অধীনত কোকৰাঝাৰ কাৰাগাৰত থকা পুৰোহিত প্ৰদীপ চক্ৰৱৰ্তীক সাক্ষাৎ কৰিবলৈ অহা সময়তে ভাতৃ দুলাল চক্ৰৱৰ্তীৰ লগতে কনকেশ্বৰ ৰায়ে আৰক্ষী ৱাৰ্ডেনগৰাকীয়ে ধণ লোৱাৰ দৃশ্য অতি কৌশলেৰে মোবাইলত বন্দী কৰিবলৈ সক্ষম হয় ৷

এই ঘটনা পোহৰলৈ অহাৰ পিচতে কোকৰাঝাৰ জিলা কাৰাগাৰৰ ৱাৰ্ডেনৰ দায়িত্বত থকা আৰক্ষী বিষয়া বিপ্লৱ সৰকাৰক শদিয়া কাৰাগাৰলৈ শাস্তিমূলকভাৱে বদলি কৰা হৈছে (Punishable transfer of Kokrajhar jailer) । উল্লেখ্য যে, আচামীক সাক্ষাৎ কৰাৰ বিনিময়ত ধন লোৱা ভিডিঅ’ ভাইৰেল হৈছিল সামাজিক মাধ্যম যোগে (Kokrajhar District Jail policemen transferred punitively) ।

ধন লোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমযোগে ভাইৰেল হোৱাৰ পিচতেই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই (IAS Varnali Deka) । বিষয়টো তদন্তৰ বাবে অতিৰিক্ত জিলা উপায়ুক্ত ৱাদিল ইছলামক দায়িত্ব দিয়ে ৷ সেইমৰ্মে অতিৰিক্ত জিলা উপায়ুক্ত ৱাদিল ইছলামে বুধবাৰে নিশা কোকৰাঝাৰ জিলা কাৰাগাৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । কাৰাগাৰটোৰ ৱাৰ্ডেন বিপ্লৱ সৰকাৰ আৰু অভিযোগকাৰী দুলাল চক্ৰৱৰ্তী দুয়ো পক্ষৰে সাক্ষ্য গ্ৰহণ কৰা হয় ৷

তদন্তত কাৰাগাৰৰ ৱাৰ্ডেন আৰক্ষী বিপ্লৱ সৰকাৰে ধন লোৱাটো স্বীকাৰ কৰে যদিও সেয়া তেওঁ নিজৰ বাবে নহয় আচামীক দিয়াৰ বাবেহে লৈছিল বুলি স্বীকাৰোক্তি দিয়ে ৷ তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰি প্ৰতিবেদন দাখিল কৰাৰ পিছতে বৃহস্পতিবাৰে শাস্তিমূলকভাৱে বদলি কৰা হয় কোকৰাঝাৰ কাৰাগাৰৰ আৰক্ষী বিপ্লৱ সৰকাৰক (Kokrajhar district jail) ।

ইপিনে, অভিযোগকাৰী দুলাল চক্ৰৱৰ্তীয়ে যাৱতীয় নিয়ম পালন কৰাৰ পিছতো ধন নিদিলে কাৰাবন্দীক সাক্ষাতৰ অনুমতি নিদিয়ে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় । বাল্য বিবাহৰ গোচৰত অভিযুক্তক সাক্ষাৎ কৰিবলৈ যাৱতীয় নিয়ম পালন কৰাৰ পিছতো উপঢৌকন লোৱাত ক্ষোভ প্ৰকাশ কৰিছে অভিযোগকাৰীয়ে । ধন আদায় লোৱা বিষয়টোৰ ওপৰত অসম চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে অভিযোগকাৰীয়ে ।

লগতে পঢ়ক : Mysterious murder at Teok: মোমায়েকক ঘপিয়াই পুতি থ’লে শৌচালয়ৰ গাঁতত

Last Updated :Feb 10, 2023, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.