অসম

assam

পৰেশ বৰুৱাক বাদ দি দুৰ্বল দাবী চনদ লৈ আলফা-চৰকাৰৰ শান্তিচুক্তি

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 4:30 PM IST

Updated : Dec 29, 2023, 6:38 PM IST

হীৰেন গোহাঁঁইৰ পৃষ্ঠপোষকতাত ৰূপায়িত দাবী চনদকে লৈ চৰকাৰৰ সৈতে শান্তি আলোচনা কৰিবলৈ ওলাইছে নেকি আলফাই ? য’ত নাই পৰেশ বৰুৱা, নাই সবল কোনো দাবী ৷ পৰেশ বৰুৱা অবিহনে সম্পূৰ্ণ নহয় এই শান্তিচুক্তি ৷ আলফা আৰু চৰকাৰৰ মাজত শান্তিচুক্তি স্বাক্ষৰিত কৰিবলৈ কেইটামান মুহূৰ্ত বাকী থকা অৱস্থাত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পিচিজিৰ সদস্য হিৰণ্য় শইকীয়াই...

ULFA GOI peace agreement
ULFA GOI peace accord

পৰেশ বৰুৱা অবিহনে সম্পূৰ্ণ নহয় এই শান্তিচুক্তি

গুৱাহাটী, 29 ডিচেম্বৰ: কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ মাজত শুকুৰবাৰে নতুন দিল্লীৰ নৰ্থ ব্লকত স্বাক্ষৰিত হ’ব বহু প্ৰত্যাশিত শান্তিচুক্তি । এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিচতে আনুষ্ঠানিকভাৱে আলফা ভংগ হ’ব যদিও ৰৈ যাব ৰক্তবীজ ৷ কিয়নো 2012 চনত দ্বিখণ্ডিত হোৱা সংযুক্ত মুক্তি বাহিনী অসমৰ পৰেশ বৰুৱা ফৈদ এতিয়াও মূলসূঁতিলৈ ঘূৰি অহা নাই ৷ যি দাবীৰে আলফাৰ জন্ম হৈছিল, সেই দাবীত এতিয়াও অটল হৈ আছে আলফা(স্বা) ৷ কিন্তু তাৰ পিচতো আত্মসমৰ্পণকাৰী একাংশ নেতাকলৈ চৰকাৰে শান্তি চুক্তি স্বাক্ষৰিত কৰিব খুজিছে ৷ য’ত নাই পৰেশ বৰুৱা ৷

আলফা-চৰকাৰৰ শান্তিচুক্তি সন্দৰ্ভত শান্তি আলোচনা প্ৰক্ৰিয়াৰ বাবে গঠিত সমিতিৰ অন্যতম সদস্য হিৰণ্য শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত শইকীয়াই কয় যে, পৰেশ বৰুৱা অবিহনে এই আলোচনা কেতিয়াও সম্পূৰ্ণ নহয় ৷ যদি পৰেশ বৰুৱাক আলোচনাৰ মজিয়ালৈ আনিব পৰা যায়, তেতিয়াহে এই প্ৰক্ৰিয়াই পূৰ্ণতা পাব বুলি তেওঁ মত ব্যক্ত কৰে ৷

উল্লেখ্য যে আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনাৰ 2004 চনত পৰেশ বৰুৱাৰ পৰা সেউজ সংকেত লাভ কৰিছিল হিৰণ্য শইকীয়াই ৷ তাৰ পিচতে তেওঁ প্ৰথিতযশা সাহিত্যিক মামনি ৰয়ছম গোস্বামীক আগত ৰাখি চৰকাৰৰ সৈতে যোগসূত্ৰ স্থাপন কৰে ৷ চৰকাৰেও সদিচ্ছা প্ৰকাশ কৰাত 2005 চনত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সৈতে তিনিলানি আলোচনা হয় ৷

কিন্তু সাৰ্বভৌমত্বৰ যি দাবী সেয়া আলফাই এৰিব নোখোজে আৰু চৰকাৰেও মানি ল’ব নিবিচাৰে ৷ তাৰ মাজতেই সেনা আৰু আলফাৰ সংঘাত আৰম্ভ হোৱাত এই আলোচনা প্ৰক্ৰিয়া স্থৱিৰ হয় ৷ হিৰণ্য শইকীয়াই লগতে কয় যে হীৰেন গোহাঁই তেতিয়া আলফাৰ বিৰোধিতা কৰিছিল । হীৰেন গোহাঁয়ে প্ৰস্তুত কৰা দাবী চনদ মতেই এতিয়া আলফাই শান্তিচুক্তিত স্বাক্ষৰ কৰিবলৈ ওলাইছে ৷ কিন্তু সেই দাবী চনদ অত্যন্ত দুৰ্বল আছিল বুলি কয় পিচিজিৰ সদস্যজনে ৷

তেওঁ লগতে কয় যে 2011 চনতেই শান্তিচুক্তি হ’লহেতেন ৷ কিন্তু চৰকাৰে তেতিয়াই ভুল কৰিলে । তদানীন্তন কেন্দ্ৰীয়মন্ত্ৰী পি চিদাম্বৰমে পৰেশ বৰুৱা অবিহনেই আলোচনা হ’ব বুলি কোৱাৰ পিচতেই আলফা দুভাগত বিভক্ত হ’ল ৷ আলফাক দূৰ্বল কৰাৰ বাবে এয়া চৰকাৰৰ কূটকৌশলো হ’ব পাৰে বুলি মন্তব্য কৰে শইকীয়াই ৷

তেওঁ আৰু কয় যে 2012 চনত আলফা স্বাধীনৰ জন্ম হ’ল আৰু পৰেশ বৰুৱাই তাকৰীয়া সৈন্যৰে হ’লেও আজি পৰ্যন্ত যুঁজ দি আহিছে ৷ পৰেশ বৰুৱাক বাদ দি এই আলোচনা কেতিয়াও সম্ভৱ নহয় ৷ যিদিনা পৰেশ বৰুৱা শান্তি আলোচনাৰ মেজলৈ আহিব, স্থায়ী শান্তিৰ সূত্ৰপাত তেতিয়াহে হ’ব ৷ ‘‘আলফা বুলি ক'লে পৰেশ বৰুৱাৰ ছবিখনহে মানুহৰ চকুত ভাঁহি উঠে ৷ পৰেশ বৰুৱা এতিয়াও নিজৰ আদৰ্শত অটল ৷ পৰেশ বৰুৱাক মই অসমৰ বীৰ বুলি ক’ব খোজোঁ ৷ এইগৰাকী বীৰক বাদ দি এই আলোচনাৰ পৰা কেতিয়াও সু-খবৰ নাপায় ৷’’ শইকীয়াই কয় ৷

লগতে পঢ়ক:অসমবাসীয়ে বিচৰা ধৰণেই এই চুক্তি : অনুপ চেতিয়া

Last Updated :Dec 29, 2023, 6:38 PM IST

ABOUT THE AUTHOR

...view details