অসম

assam

দিপাৱলী উপলক্ষে যুৱমৰ্চাৰ উদ্যোগত মাটিৰ চাকি বিতৰণ কাৰ্যসূচী

By

Published : Nov 13, 2020, 9:51 PM IST

মৃৎ শিল্পৰ লগত জড়িত শিল্পী আৰু কাৰিকৰসকলৰ জীৱিকা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সকাহ দিয়া আৰু উৎসাহ যোগোৱাৰ উদ্দেশ্যে ৰাইজৰ মাজত গুৱাহাটীৰ কমাৰ্চ পইণ্টত প্ৰায় ৫০ হাজাৰ মাটিৰ চাকি বিতৰণৰ কাৰ্যসূচী হাতত লয় জনতা যুৱ মৰ্চাই ।

guwahati-diya-distribution-program
দিপাৱলী উপলক্ষে যুৱমৰ্চাৰ উদ্যোগত মাটিৰ চাকি বিতৰণ কাৰ্যসূচী

গুৱাহাটী, ১৩ নৱেম্বৰঃ সমাগত পোহৰৰ উৎসৱ দিপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি আজি ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰু যুৱ মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ সহযোগত বিগত পাঁচ বছৰৰ দৰে এইবেলিও ৰাইজৰ মাজত মাটিৰ চাকি বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয় । মৃৎ শিল্পৰ লগত জড়িত শিল্পী আৰু কাৰিকৰ সকলৰ জীৱিকা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সকাহ দিয়া আৰু উৎসাহ যোগোৱাৰ উদ্দেশ্যে ৰাইজৰ মাজত গুৱাহাটীৰ কমাৰ্চ পইণ্টত প্ৰায় ৫০ হাজাৰ মাটিৰ চাকি বিতৰণৰ কাৰ্যসূচী হাতত লয় জনতা যুৱ মৰ্চাই। কাৰ্যসূচীত উপস্থিত থাকে সাংসদ কুইন ওজা, মৃগেন শৰনীয়া, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশ সভাপতি অনুপ বৰ্মনৰ লগতে যুৱ মৰ্চাৰ শতাধিক কাৰ্যকৰ্তা ।
লগতে পঢ়ক: সীমা বিবাদত জৰ্জৰিত অসম : মেঘালয় আৰু মিজোৰামৰ পাচত নাগালেণ্ডে লৈছে আগ্ৰাসী ৰূপ

ABOUT THE AUTHOR

...view details