অসম

assam

পিতৃৰ শেষ ইচ্ছা পূৰণ কৰাৰ বাবে সাজু পুত্ৰ গৌৰৱ গগৈ

By

Published : Dec 7, 2020, 6:17 PM IST

পিতৃৰ শেষ ইচ্ছাক সাকাৰ ৰূপ দিয়াৰ উদ্দেশ্যে পুত্ৰ গৌৰৱ গগৈৰ অসম ভ্ৰমণ কাৰ্যসূচী ৷ অসমৰ প্ৰতিখন জিলা ভ্ৰমণ কৰিব গৌৰৱ গগৈয়ে ৷

gourav-gogoi-press-meet-organised-in-ghy
পিতৃৰ শেষ ইচ্ছা পূৰণ কৰাৰ বাবে সাজু পুত্ৰ গৌৰৱ গগৈ

গুৱাহাটী, 7 ডিচেম্বৰ : ভূতপূৰ্ব মুখ্যমন্ত্ৰী সদ্য প্ৰয়াত তৰুণ গগৈৰ শেষ ইচ্ছাক সাকাৰ ৰূপ দিয়াৰ উদ্দেশ্যে পুত্ৰ গৌৰৱ গগৈয়ে অসম ভ্ৰমন কৰাৰ কাৰ্যসূচী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সোমবাৰে গুৱাহাটীত এক সংবাদমেলত এই কাৰ্যসূচীৰ কথা অৱগত কৰে গৌৰৱ গগৈয়ে ৷

পিতৃৰ শেষ ইচ্ছা পূৰণ কৰাৰ বাবে সাজু পুত্ৰ গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত 9 ডিচেম্বৰত তৰুণ গগৈ স্মৃতি শান্তি সদ‌ভাৱনা যাত্ৰা আৰম্ভ কৰিব ৷ শদিয়াৰ পৰা ধুবুৰী, দিছপুৰ পৰা হাইলাকান্দিলৈ প্ৰত্যেক জিলা সামৰি চলিব এই যাত্ৰা ৷ 9 ডিচেম্বৰত যোৰহাটৰ পৰা আৰম্ভ হোৱা যাত্ৰা 12 ডিচেম্বৰত গুৱাহাটীত শেষ হ'ব ৷

লগতে পঢ়ক :শান্তিপূৰ্ণভাৱে ভোট দানৰ আহ্বান বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৰ

যাত্ৰা আৰম্ভণিৰ দিনা যোৰহাটত মাতৃ, ভগ্নী, বোৱাৰী সপৰিয়াল থকাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ নেতৃত্ববৃন্দ উপস্থিত থাকিব বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷ 10 ডিচেম্বৰত তিতাবৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিচতে শদিয়ালৈ গৈ ব্ৰহ্মপুত্ৰত চিতা ভষ্ম বিসৰ্জন দিব প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ ৷

ইয়াৰ উপৰিও ডিজিটেল মিডিয়া যোগে তৰুণ গগৈ স্মৃতি জড়িত ফটো সংগ্ৰহ কৰি এটা ইনষ্টাগ্ৰাম পেইজত উপলব্ধ কৰাৰ কথাও উল্লেখ কৰে পুত্ৰ গৌৰৱ গগৈয়ে ৷

উল্লেখ্য যে, 23 ডিচেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ এমহীয়া শ্ৰাদ্ধৰ দিনাই উন্মোচন কৰিব এখনি স্মৃতি গ্ৰন্থ ৷

লগতে পঢ়ক :ভৈৰৱকুণ্ডত ভোটাধিকাৰ সাব্যস্ত মন্ত্ৰী ৰিহণ দৈমাৰীৰ

ABOUT THE AUTHOR

...view details