অসম

assam

Gitika Talukdar photo exhibition : অসমৰ ফটো সাংবাদিক গীতিকা তালুকদাৰৰ ক্ৰীড়া ফটো প্ৰদৰ্শনী

By

Published : Feb 26, 2023, 10:56 PM IST

গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেণ্ডুৰত কাটাৰ ফিফা বিশ্বকাপ ২০২২ত উত্তৰ-পূৱক প্ৰতিনিধিত্ব কৰা একমাত্ৰ ফটো সাংবাদিক গীতিকা তালুকদাৰৰ ৰোমাঞ্চকৰ ফটোৰ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয়(Gitika Talukdar photo exhibition) ৷

Gitika Talukdar photo exhibition held in guwahati
অসমৰ ফটো সাংবাদিক গীতিকা তালুকদাৰৰ ক্ৰীড়া ফটো প্ৰদৰ্শনী

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী:ক্ৰীড়া জগতত ফটোগ্ৰাফী কৰি নাম উজলোৱা অসমৰ জ্যেষ্ঠ ক্ৰীড়া জাৰ্নেলিষ্ট তথা ফটো সাংবাদিক গীতিকা তালুকদাৰে ক্ৰীড়া ফটো প্ৰদৰ্শনী অনুষ্ঠিত কৰে (Gitika Talukdar photo exhibition)৷ শেহতীয়াকৈ কাটাৰ ফিফা বিশ্বকাপ ২০২২ত উত্তৰ-পূৱক প্ৰতিনিধিত্ব কৰা একমাত্ৰ ফটো সাংবাদিক গীতিকাই (Senior sports journalist Gitika Talukdar )শনিবাৰে CECৰ সহযোগত মহানগৰীৰ হোটেল গেটৱে গ্ৰেণ্ডুৰত নিজেই উঠোৱা ফটোৰ এক প্ৰদৰ্শনী অনুষ্ঠান আয়োজন কৰে ৷

উল্লেখ্য যে গীতিকা তালুকদাৰে কাটাৰ ফিফা বিশ্বকাপ ২০২২ (Fifa world cup 2022), ৰাছিয়া বিশ্বকাপ ২০১৮ (Russia World cup 2018)ৰ পৰা মেছি, ৰোনাল্ডো, নেইমাৰ, এমবাপে আৰু টকিঅ' অলিম্পিক ২০২০ত ক্লিক কৰা ফটোসমূহ এই প্ৰদৰ্শনীত দেখুৱায় ৷ লাভলীনা বৰগোহাঁই, পি ভি সিন্ধুৰ অন্তৰ্ভুক্ত একচন ছবিসহ গীতিকা তালুকদাৰে তোলা ৫০ খন ৰোমাঞ্চকৰ ফটোৰ এক প্ৰদৰ্শনী দেখুওৱা হয় ৷

এই প্ৰদৰ্শনীত গীতিকাই তোলা মেছি, ৰোনাল্ডো, নেইমাৰ, এমবাপেকে ধৰি লাভলীনা বৰগোহাঁই, পি ভি সিন্ধুৰ অন্তৰ্ভুক্ত ছবিসমূহ খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰে ৷ গীতিকা তালুকদাৰ উত্তৰ-পূব ভাৰতৰ প্ৰথম আৰু একমাত্ৰ ফটো জাৰ্নেলিষ্ট যিয়ে অলিম্পিকত ফটো গ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছিল ৷

এই প্ৰদৰ্শনীত মুখ্য অতিথি হিচাপে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন (Minister Jogen Mohan) উপস্থিত থাকে ৷
ইয়াৰোপৰি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক পি.জে বৰুৱা, ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপ, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামী, শীৰ্ষ আৰক্ষী বিষয়া হীৰেন নাথ, ভাৰততৰ অৰ্থনৈতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখ্য প্ৰতিনিধি অম্লান বৰা, বিজিত গগৈকে ধৰি বহু গণ্য মান্য ব্যক্তি।

লগতে পঢ়ক:Womens T20 World Cup 2023 Final : কাৰ শিৰত ক্ৰিকেটৰ ৰাণীৰ মুকুট

ABOUT THE AUTHOR

...view details