ETV Bharat / sports

Womens T20 World Cup 2023 Final : কাৰ শিৰত ক্ৰিকেটৰ ৰাণীৰ মুকুট

author img

By

Published : Feb 26, 2023, 5:39 PM IST

আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৩ৰ ফাইনেলত অৱতীৰ্ণ অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা (AUS Women vs SA Women final)। দুয়োটা দলে খিতাপ অৰ্জনৰ বাবে খেলপথাৰত যুঁজত নামিব । অষ্ট্ৰেলিয়া শক্তিশালী স্থিতিত আছে যদিও দক্ষিণ আফ্ৰিকাই নিজৰ মাটিত খিতাপ জয়ৰ সুযোগ হেৰুৱাব নিবিচাৰিব ।

Womens T20 World Cup 2023 Final
কাৰ শিৰত ক্ৰিকেটৰ ৰাণীৰ মুকুট

স্পৰ্টছ ডেস্ক,২৬ ফেব্ৰুৱাৰী : দক্ষিণ আফ্ৰিকাৰ নিউলেণ্ডছ খেলপথাৰত আন ইতিহাস ৰচনা হ'বলৈ গৈ আছে । কোনে দখল কৰিব ৰাণীৰ খিতাপ ? তাৰ সাক্ষী হ'ব নিউলেণ্ডছ খেলপথাৰ । আমি আইচিচি মহিলা টি-২০ বিশ্বকাপৰ কথা ক'ব বিচাৰিছো (Womens T20 World Cup 2023 Final)। দেওবাৰে সন্ধিয়া ৬.৩০ বজাৰ লগে লগে ২০২৩ বৰ্ষৰ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেল খেল আৰম্ভ হ'ব ।

ফাইনেলত মুখামুখি হ'ব অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দল (AUS vs SA Final)। অষ্ট্ৰেলিয়াৰ দলটোৱে মেগ লেনিংৰ নেতৃত্বত চেম্পিয়নৰ খিতাপ জয় কৰি ইতিহাস ৰচনা কৰিব বিচাৰিব । একে সময়তে, দক্ষিণ আফ্ৰিকাৰ দলটোৱে প্ৰথমবাৰৰ বাবে ফাইনেল খেলিবলৈ গৈ আছে । ইফালে কেঙ্গেৰু বাহিনীক নিজ দেশৰ মাটিত চিকাৰ কৰাৰ সুযোগ পাইছে চুনে লুউছ বাহিনীয়ে । কিন্তু এয়া ইমান সহজ নহ'ব । তথাপিও দক্ষিণ আফ্ৰিকাৰ দলটোৱে চেষ্টা চলাই যাব ।

এতিয়ালৈকে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহিলা দল দুটা মুঠ ৬ খন টি-২০ মেচত মুখামুখি হৈছে (AUS and SA head to head)। য'ত অষ্ট্ৰেলিয়াই আটাইকেইখনতে জয়লাভ কৰিছে । একে সময়তে, দুয়োটা দলৰ মাজত ১৫ খন এদিনীয়া খেলো অনুষ্ঠিত হৈছে, যাৰ ভিতৰত অষ্ট্ৰেলিয়াই ১৪ খনত জয়লাভ কৰিছে । অষ্ট্ৰেলিয়াৰ দলটোৱে মহিলা টি-২০ বিশ্বকাপ ২০২৩ত ৫ খন খেলতে জয়লাভ কৰিছে (AUS Womens team in T20 world cup 2023)। একে সময়তে, দক্ষিণ আফ্ৰিকাৰ দলটোৱে তিনিখন খেলত হে জয়লাভ কৰিছে (SA Womens team in T20 world cup 2023)।

দক্ষিণ আফ্ৰিকাৰ লৰা ৱ'লভাৰ্ডট, তাজমিন ব্ৰিটছ আৰু মাৰিজান কেপে ফাইনেলত ভাল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে । প্ৰতিযোগিতাখনত দক্ষিণ আফ্ৰিকাৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী (৪৪ ৰ গড়ত ১৭৬) ব্ৰিটছয়ে খেলখনৰ গতিপথ সলনি কৰিব পাৰে ।

দক্ষিণ আফ্ৰিকা মহিলা দল (AUS T20 world cup team): ক্লো ট্ৰিয়ন (উপ-অধিনায়ক), চুনে লুউছ (অধিনায়ক), তাজমিন ব্ৰিটছ, এনেকে বছ, এনেৰি ডিৰ্কচন, নাদিন ডি ক্লাৰ্ক, চাবনিম ইছমাইল, লাৰা গুডল, মাৰিজান কাপ্প, চিনালো জাফতা (উইকেটকিপাৰ বেটছমেন), মাচাবাটা ক্লাছ, আয়াবঙা খাকা, ডালমি টকাৰ, ননকুলে মালাব, লৰা ৱ'লভাৰ্ডট।

অষ্ট্ৰেলিয়া মহিলা দল (SA T20 world cup team): এলিছা হিলি (উপ-অধিনায়ক), মেগ লেনিং (অধিনায়ক), এছলে গাৰ্ডেনাৰ, ডাৰ্চি ব্ৰাউন, হিথাৰ গ্ৰাহাম, কিম গাৰ্থ, জেছ জোনাছেন, গ্ৰেছ হেৰিছ, তেহেলিয়া মেকগ্ৰা, আলানা ৰাজা, এলিজ পেৰী, বেথ মুনি (উইকেটকিপাৰ বেটছমেন), এনাবেল চাদাৰলেণ্ড, জৰ্জিয়া ৱেৰহাম, মেগান শ্বুট ।

লগতে পঢ়ক :ICC Women's T20 World Cup 2023: ফাইনেলত উপনীত অষ্ট্ৰেলিয়া; অথলে গ’ল কৌৰৰ অৰ্ধশতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.