ETV Bharat / sports

ICC Women's T20 World Cup 2023: ফাইনেলত উপনীত অষ্ট্ৰেলিয়া; অথলে গ’ল কৌৰৰ অৰ্ধশতক

author img

By

Published : Feb 23, 2023, 10:26 PM IST

ICC T20 বিশ্বকাপৰ পৰা বাহিৰ ভাৰতীয় মহিলা ক্ৰিকেট দল ৷ প্ৰথমখন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত 5 ৰাণত পৰাস্ত ভাৰত(India VS Australia Semi Final) ৷ শুকুৰবাৰে দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডৰ মুখামুখি হ’ব দক্ষিণ আফ্ৰিকা ৷

ICC Women's T20 World Cup 2023
T20 বিশ্বকাপ জয়ৰ সপোন আধৰুৱা হ’ল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

স্পৰ্টছ ডেস্ক, 23 ফেব্ৰুৱাৰী: T20 বিশ্বকাপ জয়ৰ সপোন আধৰুৱা হ’ল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ৷ নিউজিলেণ্ডছ গ্ৰাউণ্ডত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত 5 ৰাণত পৰাস্ত হয় ভাৰত (India VS Australia Semi Final ) ৷ ইয়াৰ লগে লগে এই টুৰ্ণামেন্টৰ পৰা বিদায় ল’বলগীয়া হয় ভাৰতীয় দলটোৱে ৷

উল্লেখ্য যে, আজিৰ খেলখনত টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে অষ্ট্ৰেলিয়াই (Australia won the toss in semi final against India) ৷ অষ্ট্ৰেলিয়াৰ দুই অ’পেনাৰ হেলী আৰু মুনীয়ে বিস্ফোৰক বেটিঙেৰে সুন্দৰ আৰম্ভণি কৰে অষ্ট্ৰেলিয়াৰ হৈ ৷ 52 ৰাণত হেলী আউট হোৱাৰ পাচত অধিনায়ক লেনিং বেটিং কৰিবলৈ আহে ৷ লেনিঙে 49 ৰাণৰ এটা অপৰাজিত ইনিংছ খেলাৰ বিপৰীতে মুনীয়ে 54 ৰাণৰ বৰঙণি যোগায় ৷ চতুৰ্থ স্থানত বেটিং কৰিবলৈ অহা গাৰ্ডনাৰে 31 ৰাণ সংগ্ৰহ কৰে ৷

অ’পেনাৰ হেলীয়ে 25 ৰাণৰ বৰঙণি যোগায় (WT20 World Cup 2023 semi final) ৷ ভাৰতৰ হৈ শিখা পাণ্ডেয়ে 2 টা উইকেট দখল কৰে ৷ নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত অষ্ট্ৰেলিয়া 172 ৰাণ সংগ্ৰহ কৰে আৰু ভাৰতক 173 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷

অষ্ট্ৰেলিয়াই বান্ধি দিয়া 173 ৰাণৰ লক্ষ্য আগত লৈ ভাৰতীয় অ’পেনাৰ শেফালী বাৰ্মা আৰু স্মৃতি মান্ধানাই খেল আৰম্ভ কৰে যদিও আৰম্ভণি আছিল হতাশজনক ৷ মাত্ৰ 2 ৰাণ কৰি মান্ধানা পেভিলিয়নলৈ ওভতাৰ বিপৰীতে শেফালীও 9 ৰাণ কৰি আউট হয় ৷

জেমিমা ৰ’ড্ৰিগছ আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰে খেলখনত শক্তিশালী প্ৰদৰ্শনেৰে ৰাণ সংখ্যা আগুৱাই নিয়ে যদিও দলক জয়ী কৰাবলৈ সক্ষম নহয় ৷ ৰ’ড্ৰিগছে 43 ৰাণ আৰু কৌৰে 52 ৰাণ সংগ্ৰহ কৰে ৷ কিন্তু দুয়োৰে উইকেট পতনৰ পাচত ভাৰতীয় দলৰ জয়ী হোৱাৰ সম্ভাৱনা ক্ৰমাৎ হ্ৰাস পাই আৰু 20 অভাৰত 8 উইকেট হেৰুৱাই কেৱল 167 ৰাণতে থমকিব লগীয়া হয় দলটো (Ind vs Aus semifinal in WT20 world cup) ৷

অষ্ট্ৰেলিয়াৰ হৈ গাৰ্ডনাৰ আৰু ব্ৰাউনে 2 টাকৈ উইকেট দখল কৰে ৷ দ্বিতীয়খন ছেমি ফাইনেলত মুখামুখি হ’ব ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা (Eng vs South Africa semifinal in WT20 world cup) ৷ এই দুয়োটা দলৰ মাজত বিজয়ী হোৱা দলটোৰ সৈতে ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়াৰ ৷

লগতে পঢ়ক: ICC Womens T20 World Cup 2023 : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত অনিশ্চিত হৰমনপ্ৰীত কৌৰ, পূজা বস্ত্ৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.