ETV Bharat / sports

ICC Womens T20 World Cup 2023 : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত অনিশ্চিত হৰমনপ্ৰীত কৌৰ, পূজা বস্ত্ৰকাৰ

author img

By

Published : Feb 23, 2023, 6:38 PM IST

ICC Womens T20 World Cup 2023
ICC Womens T20 World Cup 2023

২২ খন মেচৰ ধাৰাবাহিক জয়ৰ ধাৰাৰে বিশ্বকাপ জয়ৰ দিশে ওলাই আহিছে অষ্ট্ৰেলিয়া ৷ বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাৰ বাবে ভাৰতৰ সম্ভাৱনাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে কেংগাৰু বাহিনীয়ে (WT20 World Cup 2023 semi final) । যদিহে উইমেন ইন ব্লুৱে খেলপথাৰত নিজৰ দক্ষতাৰে আকৰ্ষণীয় প্ৰদৰ্শন আগনবঢ়ায় তেতিয়া হয়তো বিশ্বকাপ জয়ৰ সপোন পুনৰ এবাৰ আধৰুৱা হৈ ৰ'ব ।

স্পৰ্টছ ডেস্ক, ২৩ ফেব্ৰুৱাৰী : ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰ (Indian skipper Harmanpreet Kaur) আৰু দলটোৰ অন্যতম খেলুৱৈ তথা অলৰাউণ্ডাৰ পূজা বস্ত্ৰকাৰে (Indian all rounder Pooja Vastrakar) বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত (WT20 World Cup 2023 semi final) অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে । অসুস্থতাৰ বাবে অন্তিম মুহূৰ্তত হয়তো কৌৰে গুৰুত্বপূৰ্ণ মেচখনৰ পৰা বাদ পৰিব পাৰে । আনহাতে, বস্ত্ৰকাৰে শ্বাসনলীৰ সংক্ৰমণত ভুগি আছে বুলি সূত্ৰই প্ৰকাশ কৰি কয় যে, তেওঁ হয়তো প্লেয়িং ইলেভেনত স্থান নাপাবও পাৰে (Harmanpreet, Vastrakar may miss against Australia) ।

যদি হৰমনপ্ৰীত কৌৰ মেচখনৰ পৰা বাদ পৰিবলগীয়া হয় তেন্তে ভাৰতীয় দলৰ উপ-অধিনায়ক স্মৃতি মান্ধানাই ভাৰতীয় দলটোক নেতৃত্ব দিব বুলি আশা কৰা হৈছে । ইফালে আইচিচিৰ বিবৃতিত কোৱা হৈছে, "আইচিচি মহিলা টি-২০ বিশ্বকাপ, ২০২৩-ৰ অনুষ্ঠান কাৰ্যকৰী সমিতিয়ে স্নেহ ৰাণাক ভাৰতীয় দলত পূজা বস্ত্ৰকাৰৰ পৰিৱৰ্তে অনুমোদন জনাইছে (Ind vs Aus semifinal in WT20 world cup) ।"

উল্লেখ্য যে, ভাৰতৰ প্ৰদৰ্শন এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত আৰম্ভণিৰে পৰা উজ্জীৱিত হৈ আছে (women T20 world cup 2023 South Africa) । আৰম্ভণিৰ মেচখনত পাকিস্তানক দুৰ্দান্তভাৱে পৰাস্ত কৰাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজ আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধেও বিজয় সাব্যস্ত কৰিছে । অৱশ্যে ইংলেণ্ডৰ হাতত পৰাজয়বৰণ কৰিবলগা হয় হৰমনপ্ৰীত বাহিনীয়ে । তেনে ক্ষেত্ৰত জয়ৰ ধাৰা অব্যাহত ৰাখি ভাৰতীয় মহিলা দলটোৱে কেংগাৰু বাহিনীৰ বিজয় ৰথ স্তব্ধ কৰিবৰ বাবে নিজৰ সৰ্বোচ্চখিনি উজাৰি দিয়াৰ আশা কৰা হৈছে । উল্লেখ্য যে, অষ্ট্ৰেলিয়াই ক্ৰমাগত ২২ খন মেচত বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে আৰু বৃহস্পতিবাৰে খেলপথাৰত উইমেন ইন ব্লুৱে দক্ষতাৰ সৈতে এক আকৰ্ষণীয় প্ৰদৰ্শন আগনবঢ়ালে বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাৰ ভাৰতৰ সম্ভাৱনাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব পাৰে ।

কৌৰে পূৰ্বৰে পৰা সদায় দলটোক অত্যধিক ডট বল খেলাৰ পৰা বিৰত থকা আৰু নিৰ্ভয়ে খেলাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে । "আমি সঁচাকৈয়ে ভাল আৰম্ভণি কৰিছোঁ । কিন্তু মাজৰ অ'ভাৰত, আমি পৰিকল্পনা অনুসৰি বলিং কৰা নাছিলোঁ আৰু অত্যধিক ৰাণ দিছিলোঁ । ইয়াতেই আমি গতি হেৰুৱাইছোঁ । আমি বেটেৰে ভাল প্ৰদৰ্শন কৰি আহিছোঁ যদিও আমি বিচাৰি থকা ৰাণ ৰেট পোৱা নাই । আৰু সেইকাৰণে আমি উইকেট হেৰুৱাইছিলোঁ ।" ইংলেণ্ডৰ বিৰুদ্ধে পৰাজিত হোৱা মেচনৰ পিচত হৰমনপ্ৰীতে এনেদৰে কয় ।

"বিশ্বকাপৰ খেলবোৰ সদায় এনেকুৱা হয়, য'ত দুয়োটা দলেই সদায় চাপত থাকে । মই ভাবোঁ এই মেচবোৰত যদি ৰাণ সংখ্যা 150 স্ক'ৰ বোৰ্ডত থাকে, তেন্তে বিজৰ সম্ভাৱনা সদায়ে ওপৰত থাকে । আমি নিজৰ ওপৰত অত্যধিক চাপ দিয়া নাই । আমি কেৱল নিৰ্দিষ্ট লক্ষ্যলৈ গৈ আছোঁ আৰু কি পৰিস্থিতি আছে বুজি পাইছোঁ । লগতে কেৱল পৰিস্থিতি অনুসৰি খেলি আছোঁ । ডট বলবোৰে অৱশ্যে ইতিমধ্যে আমাক চিন্তিত কৰি তুলিছে । পৰৱৰ্তী খেলখনত, আমি সেই ক্ষেত্ৰতো কিছু উন্নতি ঘটাবলৈ ভাল পাম ।" তেওঁ কয় ।

ছেমি ফাইনেলৰ সম্ভাৱ্য দল দুটা :

ভাৰত : হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা, শেফালী বাৰ্মা, যস্তিকা ভাটিয়া, ৰিচা ঘোষ, জেমিমা ৰড্ৰিগছ, হৰলীন দেউল, দীপ্তি শৰ্মা, দেৱিকা বৈদ্য, ৰাধা যাদৱ, ৰেণুকা ঠাকুৰ, অঞ্জলি সৰ্বানী, পূজা বস্ত্ৰকাৰ, ৰাজেশ্বৰী গায়কোৱাড আৰু শিখা পাণ্ডে ।

অষ্ট্ৰেলিয়া : মেগ লেনিং (অধিনায়ক), এলিছা হিলি, ডাৰ্চি ব্ৰাউন, এশ্লেগ গাৰ্ডেনাৰ, কিম গাৰ্থ, হিথাৰ গ্ৰাহাম, গ্ৰেছ হেৰিছ, জেছ জোনাছেন, আলানা কিং, টাহলিয়া মেকগ্ৰা, বেথ মুনি, এলিজ পেৰী, মেগান শ্বুট, এনাবেল চাদাৰলেণ্ড, জৰ্জিয়া ৱেৰহাম ।

খেলৰ সময় : ভাৰতীয় সময় মতে সন্ধিয়া ৬.৩০ বজা

লগতে পঢ়ক :Women T20 World Cup 2023 : প্ৰথম ছেমি ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী অষ্ট্ৰেলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.