অসম

assam

Governor Kataria urges Paresh Barua for peace talks: পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আমন্ত্ৰণ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ

By

Published : Mar 5, 2023, 10:08 AM IST

অসমৰ নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ সৈতে ইটিভি ভাৰতৰ দিল্লীৰ সাংবাদিক গৌতম দেবৰয়ৰআছুতীয়া সাক্ষাৎকাৰ ৷ সংযুক্ত মুক্তি বাহিনী অসম (আলফা স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আলোচনা মেজলৈ আহিবলৈ আহ্বান জনায় ৰাজ্যপালগৰাকীয়ে (Assam Governor urges Paresh Barua for peace talks) ।

Assam Governor Gulab Chand Kataria
Governor Kataria urges Paresh Barua for peace talks

নিউজ ডেস্ক, 5 মাৰ্চ:অসমৰ নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) চমুকৈ আলফা(স্বাঃ)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাক শান্তি আলোচনাৰ মাজলৈ অহাৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ ধাৰাত যোগ দিবলৈ আহ্বান জনাইছে ৷ অসমৰ 29 সংখ্যক ৰাজ্যপাল হিচাপে দায়িত্ব লোৱাৰ পিচত ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত কাটাৰিয়াই কয় যে, সকলো অভিযোগ সমাধানৰ একমাত্ৰ পথ হৈছে আলোচনা (Assam Governor urges Paresh Barua for peace talks) ৷

‘‘তেওঁলোক আলোচনাৰ মজিয়ালৈ অহা উচিত ৷ মই বিশ্বাস কৰো যে, যদি কিবা অভিযোগ আছে তাৰ বাবে আলফা(স্বাঃ) আলোচনাৰ মেজলৈ অহাটো জৰুৰী ৷’’ কাটাৰিয়াই কয় ৷ আলফা আৰু চৰকাৰৰ মাজত আলোচনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ পাচত ইতিমধ্যে বিষয়টোৱে গতি লাভ কৰা বুলি বহুতেই ক’ব খুজিছে ৷ তাৰ পাচতে অতি শেহতীয়াভাৱে ৰাজ্যপাল কাটাৰিয়াই কৰা এই মন্তব্য গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ অৱশ্যে, আলফা(স্বাঃ)ৰ মূল যি দাবী ‘সাৰ্বভৌমত্ব’, সেই দাবীয়ে আলোচনা প্ৰক্ৰিয়াৰ ক্ষেত্ৰত স্থৱিৰতা আনিছে (Ulfa Independent chief Paresh Barua) ৷

লগতে পঢ়ক:ULFA I Peace Talk: আলফা(স্বা)ৰে শান্তি আলোচনাত ৰাইজে লওক আগভাগ

কাটাৰিয়াই কয় যে, তেওঁৰ প্ৰধান উদ্দেশ্য হৈছে অসমৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন নিশ্চিত কৰা ৷ ‘‘মই অসমৰ জনসাধাৰণ দেশৰ বাকী অংশৰ সৈতে সংযুক্ত কৰিব বিচাৰোঁ ৷ বিকাশৰ বাবে সকলোৱেই সুবিধা লাভ কৰিব লাগিব ৷’’ অসমৰ জনতাক চৰকাৰৰ উন্নয়নমূলক কাৰ্যত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই এইদৰে কয় কাটাৰিয়াই (Assam Governor on development of NE states) ৷

ৰাজ্যপালগৰাকীয়ে লগতে কয় যে, অসমৰ শিক্ষাখণ্ডৰ সামগ্ৰিক উন্নয় নিশ্চিত কৰাত তেওঁ অগ্ৰাধিকাৰ দিব ৷ ‘‘মই অসমৰ শিক্ষা ব্যৱস্থা আৰু বিশ্ববিদ্যালয়সমূহৰ উন্নয়নত জোৰ দিম ৷ মই লগতে নতুন শিক্ষা নীতিৰ দ্বাৰা শিক্ষাখণ্ডৰ উন্নয়ন সাধনত গুৰুত্ব প্ৰদান কৰিম ৷’’ ৰাজ্যপাল কাটাৰিয়াই কয় (Assam Governor on new education policy) ৷

উত্তৰ-পূবৰ ৰাজ্যকেইখন যোৱা 8/9 বছৰত ব্যাপক উন্নয়নৰ সাক্ষী হৈছে বুলি দৃঢ়তা প্ৰকাশ কৰে কাটাৰিয়াই ৷ তেওঁ কয়, ‘‘শান্তি, সম্প্ৰীতি আৰু উন্নয়নক গুৰুত্ব প্ৰদান কৰি মই অসমক শীৰ্ষ ৰাজ্য হিচাপে গঢ়ি তুলিম ৷’’ তেওঁ লগতে কয় যে, চুবুৰীয়া প্ৰতিখন ৰাজ্যৰ সৈতে এক বন্ধুত্বপূৰ্ণ আৰু সৌহাৰ্দমূলক সম্পৰ্ক বৰ্তাই ৰাখিব লাগিব (Border disputes in North East) ৷

লগতে পঢ়ক:আলফা-চৰকাৰৰ শ‍ান্তি আলোচনা প্ৰক্ৰিয়াত স্থবিৰতা

ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কয়, ‘‘মই উত্তৰ-পূবৰ সাতোখন ৰাজ্যৰ মাজত বুজাবুজি আৰু সৌহাৰ্দমূলক পৰিবেশ নিশ্চিত কৰাৰ চেষ্টা কৰিম ৷ উত্তৰ-পূবৰ ৰাজ্য কেইখনত বহুতো উন্নয়নমূলক কাৰ্য চলি আছে ৷ পথ, যোগাযোগ, আন্তঃগাঁথনি আদিৰ দ্বাৰা চৰকাৰে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে সৰ্বাত্মক প্ৰচেষ্টা চলাইছে ৷’’ (Assam Governor exclusive interview)

পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্বৰ্তসাপেক্ষ আলোচনাত বহিবলৈ ইচ্ছা প্ৰকাশ কৰা আলফা(স্বাঃ) ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই এতিয়া ৰাজ্যপাল কাটাৰিয়াৰ অহ্বানক কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব ৷ লগতে সকলোৱে এই বিষয়টোৰ ওপৰতো দৃষ্টি ৰাখিছে যে, সাৰ্বভৌমত্বৰ চৰ্ত অবিহনে পৰেশ বৰুৱা আলোচনালৈ আহিব নে নাহে (ULFA I peace talk with Govt) ৷

ABOUT THE AUTHOR

...view details