ETV Bharat / state

আলফা-চৰকাৰৰ শ‍ান্তি আলোচনা প্ৰক্ৰিয়াত স্থবিৰতা

author img

By

Published : Jul 5, 2022, 2:55 PM IST

a
a

শেহতীয়াকৈ আলফাৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ পাছতেই প্রস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়াত সদিচ্ছা নোহোৱা হৈ পৰা বুলি মুকলিকৈ ঘোষণা কৰিছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই (Goodwill disappeared in proposed ULFA-Government peace talks) । ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে আলফাত যোগদান কৰাত শিবিৰ চলাবলৈ ধন নথকাৰ বাবে অস্ত্রসহ একাংশ কেডাৰ ম্যানমাৰৰ পাহাৰৰ পৰা নামি আহি ধন সংগ্ৰহৰ চেষ্টা চলোৱাৰ অভিযোগ আৰক্ষীৰ ।

গুৱাহাটী, ৫ জুলাই : ক্ৰমাৎ অনিশ্চয়তাৰ দিশে গতি কৰিছে আলফা-চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়া (ULFA-Government peace talks process going to gradual uncertainty)। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই উদ্যোগ গ্ৰহণ কৰা আলফা-চৰকাৰৰ শান্তি আলোচনা প্রক্রিয়াৰ প্ৰতি সঁহাৰি জনাইছিল আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাই (Paresh Baruah responded to Himanta Biswa Sharma) । কিন্তু শেহতীয়াকৈ আলফাৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ পাছতেই প্রস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়াত সদিচ্ছা নোহোৱা হৈ পৰা বুলি মুকলিকৈ ঘোষণা কৰিছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ।

পৰেশ বৰুৱাৰ শান্তি আলোচনাত সন্দেহ প্ৰকাশ
পৰেশ বৰুৱাৰ শান্তি আলোচনাত সন্দেহ প্ৰকাশ

শেহতীয়াকৈ তিনিচুকীয়াৰ কাকপথাৰত সেনা-আৰক্ষীৰ অভিযানত নিহত হয় আলফা নেতা জ্ঞান অসম ওৰফে সন্তোষ গগৈ (ULFA leader Gyan Assam killed in Kakpathar Tinsukia) । ইয়াৰ পাছতেই শদিয়াৰ আলফা নেতাজনক 'অমৰ মৃতক' ঘোষণা কৰে বিদ্রোহী সংগঠনটোৱে । সেনা-আৰক্ষীৰ এই কঠোৰ স্থিতিৰ পাছতেই সংবাদ মাধ্যমক আলফাৰ মুৰব্বী পৰেশ বৰুৱাই চৰকাৰে আলফাৰ একপক্ষীয় যুদ্ধ বিৰতিক সন্মান নজনালে বুলি স্পষ্ট কৰি দিয়ে । আলফাৰ দলটোৱে সেনা-আৰক্ষীক কোনো আক্ৰমণৰ বাবে যোৱা নাছিল বুলি দাবী কৰি শিবিৰৰ সদস্যসকলৰ বাবে ঔষধ-পাতি সংগ্ৰহৰ বাবেহে তিনিচুকীয়াত বাহৰ পতা বুলিহে ব্যক্ত কৰিছে পৰেশ বৰুৱাই ।

শান্তি আলোচনাত হিমন্ত বিশ্বৰ উদ্যোগ গ্ৰহণ
শান্তি আলোচনাত হিমন্ত বিশ্বৰ উদ্যোগ গ্ৰহণ

অৱশ্যে সেনা-আৰক্ষীয়ে আলফাৰ ওপৰত কৰা আকস্মিক আক্ৰমণৰ কাৰ্যই শান্তি আলোচনা প্ৰক্ৰিয়াত চৰকাৰৰ কোনো যে সদিচ্ছা নাই তাক প্রমাণ কৰা বুলি মন্তব্য কৰি সংবাদ মাধ্যমক পৰেশ বৰুৱাই কয় যে হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াই নিয়া শান্তি আলোচনা প্রক্রিয়া সফল হ’ব নে নহয়, সেয়া সন্দেহৰ ঊর্ধ্বত নহয় । পৰেশ বৰুৱাই কয় যে হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে দিল্লীয়ে আমাৰ সৈতে খেল খেলিছে যেনহে মনে ধৰিছে (Paresh Baruah alleged to Delhi played game) । আমি আলোচনাৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰিছিলোঁ যদিও চৰকাৰে তাত চেঁচাপানী ঢালিছে বুলি পৰেশ বৰুৱাই মন্তব্য কৰে । আলফাই পূৰ্বে ৯ মাহ যুদ্ধ বিৰতি ঘোষণা কৰিছিল যদিও বর্তমান আনুষ্ঠানিকভাৱে যুদ্ধ বিৰতি ঘোষণা কৰা নাই ।

কিন্তু আলোচনাৰ পৰিৱেশৰ স্বাৰ্থত আৰু বৰ্তমান অসম বানত ডুবি থকাৰ সময়ত আলফাই কোনো অভিযান ঘোষণা কৰা নাছিল । ইয়াৰ বিপৰীতে চৰকাৰী পক্ষই আলফাৰ লিংকমেন সজাই সূৰয গগৈক এনকাউণ্টাৰত হত্যা কৰা, আলফাৰ সপেক্ষে ছ'চিয়েল মিডিয়াত পোষ্ট দিয়া যুৱক-যুৱতীক ৰাষ্ট্রদ্ৰোহৰ গোচৰ জাপি দি জে’ললৈ প্ৰেৰণ কৰা কাৰ্যই চৰকাৰৰ প্ৰকৃততে যে শান্তি আলোচনাৰ প্ৰতি সদিচ্ছা নাই তাকে প্রতীয়মান কৰিছে বুলি পৰেশ বৰুৱাই সদৰী কৰিছে । ইফালে শেহতীয়াকৈ ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে আলফাত যোগদান কৰাত শিবিৰ চলাবলৈ ধন নথকাৰ বাবে অস্ত্রসহ একাংশ কেডাৰ ম্যানমাৰৰ পাহাৰৰ পৰা নামি আহি ধন সংগ্ৰহৰ চেষ্টা চলোৱা বুলি আৰক্ষীয়ে সদৰী কৰিছে ।

আনহাতে, আলফা স্বাধীনে উজনি অসমত ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছে । সংগঠন চলাবৰ বাবে টকাৰ অভাৱ হোৱাত দলটো উজনিত সক্ৰিয় হোৱা বুলি আৰক্ষীৰ সূত্রত প্ৰ‍কাশ । আলফাই ঘোষণা কৰা একপক্ষীয় যুদ্ধ বিৰতিৰ সময়ত বহু যুৱক-যুৱতীয়ে সংগঠনটোত যোগদান কৰিছিল । বর্তমান এইসকল কেডাৰক প্ৰশিক্ষণ আৰু কেম্প পৰিচালনা কৰিবলৈ অৰ্থ সংকটত ভুগিছে আলফা স্বাধীন । ইফালে শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ ২৪ গৰাকী যুৱক-যুৱতীয়ে আলফাত যোগদান কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (24 youths from Tinsukia joined ULFA) । আলফাত যোগদানৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে । এফালে আলফা স্বাধীনে সংগঠন শক্তিশালী কৰি মূৰ দাঙি উঠাৰ বিপৰীতে সেনা-আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিয‍ান । তেনেস্থলত আলফা-চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়া কিদৰে আগুৱাব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক :হোজাইত বৃহৎ পৰিমাণৰ চুৰি স্মাৰ্টফোন জব্দ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.