ETV Bharat / state

হোজাইত বৃহৎ পৰিমাণৰ চুৰি স্মাৰ্টফোন জব্দ

author img

By

Published : Jul 5, 2022, 2:16 PM IST

আৰক্ষীয়ে সিং গাঁৱৰ আটিকুৰ ৰহমানৰ ঘৰত অভিযান চলাই জব্দ কৰে ৬০ টা ম'বাইল (60 stolen mobile seized in Hojai)। পুত্ৰ ইকবাল হুছেইনে মুম্বাইৰ পৰা উদালীৰ সিং গাঁৱৰ নিজ ঘৰলৈ ডাকযোগে পঠাইছিল ম'বাইল কেইটা । আটিকুল ৰহমানৰ পত্নী আৰু বোৱাৰিক সোধা-পোছাৰ বাবে আটক ।

Smartphone
হোজাইত চুৰি Smartphone জব্দ

হোজাই,৫ জুলাই : হোজাই আৰক্ষীৰ বৃহৎ সফলতা । ম'বাইল চোৰৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ৬০ টা ম'বাইল ফোন (Huge amount of smartphone seized in Hojai)। হোজাই জিলাৰ উদালীৰ সিং গাঁৱত আৰক্ষীয়ে চলাইছিল অভিযান ।

উল্লেখ্য যে বিশেষ সূত্ৰৰ পম খেদি হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্তৰ নিৰ্দেশনাত আৰক্ষীয়ে সিং গাঁৱৰ আটিকুৰ ৰহমানৰ ঘৰত অভিযান চলায় । অভিযানত আৰক্ষীয়ে ম'বাইল কেইটা জব্দ কৰিবলৈ সক্ষম হয় (Police seized 60 mobiles in Hojai)। আটিকুৰ ৰহমানৰ পুত্ৰ ইকবাল হুছেইনে মুম্বাইৰ পৰা উদালীৰ সিং গাঁৱৰ নিজ ঘৰলৈ ডাকযোগে পঠাইছিল ম'বাইল কেইটা ।

লংকা আৰক্ষী বিষয়া দূৰ্গা কিঙ্কৰ শৰ্মায়ে জনোৱা মতে মুম্বাইৰ কোনো বিপনীৰ পৰা ইকবালে চুৰি কৰি ঘৰলৈ ম'বাইল কেইটা ঘৰলৈ পঠাইছিল । লগতে চুৰি কৰি অনা ম'বাইল কেইটা ডিমাপুৰত বিক্রী কৰাৰো তেওঁলোকে এক পৰিকল্পনা কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰে । অভিযানত পিতৃ আটিকুৰ ৰহমান আৰু পুত্ৰ ইকবাল হুছেইনক আৰক্ষীয়ে আটক কৰিবলৈ ব্যৰ্থ হয় ।

অৱশ্যে আটিকুল ৰহমানৰ পত্নী হালিমা বেগম আৰু ইকবাল হুছেইনৰ পত্নী নাজিমা চুলতানাক সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে । জব্দ হোৱা ম'বাইলৰ অনুমানিক বজাৰ মূল্য প্ৰায় ১২ লাখ টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:নলবাৰীৰ লোহাৰকাঠাত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.