অসম

assam

চিকিৎসা ব্যয় পৰিশোধ ব্যৱস্থাৱলী সৰলীকৰণত গুৰুত্ব চৰকাৰৰ

By

Published : Aug 25, 2022, 6:47 PM IST

সদৌ অসম কৰ্মচাৰী পৰিষদৰ(Sadau Assam karmachari parishad)নেতৃবৰ্গৰ সৈতে জনতা ভৱনত মুখ্যমন্ত্রীৰ বৈঠক। মাষ্টাৰ ৰোলৰ ১২ হাজাৰ কৰ্মচাৰীলৈ ৩ শতাংশ বছৰেকীয়া বৃদ্ধি আদায় দিয়াৰ লগতে ২০০৫ চনত নিয়মীয়া কৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে ৰিটেনচন ৫ বছৰৰ বাবে ৰেহাই ।

m
g

গুৱাহাটী,২৫ আগষ্ট:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Dr Himanta Biswa Sarma)বৃহস্পতিবাৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গৰ সৈতে জনতা ভৱনত (Janata Bhavan)এক বৈঠকত মিলিত হয় । পৰিষদে ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়া-কৰ্মচাৰীৰ বাবে থকা চিকিৎসা ব্যয় পৰিশোধ ব্যৱস্থাৱলী অধিক সৰলীকৰণ কৰা সন্দৰ্ভত আলোচনা কৰে ৷ নতুন ব্যৱস্থাৰ অধীনত বিষয়া-কৰ্মচাৰীসকলৰ বাবে যিসমূহ সুবিধাৰ প্ৰস্তাৱ কৰা হৈছে সেই সম্পৰ্কে পৰিষদৰ বিষয়ববীয়াসকলক অৱগত কৰি তেওঁলোকৰ মতামত জনাবৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় ৷

চিকিৎসা ব্যয় পৰিশোধ ব্যৱস্থাৱলী সৰলীকৰণত গুৰুত্ব

মুখ্যমন্ত্ৰী ড৹শৰ্মাই কয় যে ৰাজ্যিক বিষয়া-কৰ্মচাৰীৰ কল্যাণৰ বাবে অসম চৰকাৰ দায়বদ্ধ(Sadau Assam karmachari parishad meet CM)। নতুন ব্যৱস্থাৰ অধীনত বিষয়া বা কৰ্মচাৰী এজনৰ চিকিৎসা ব্যয় পৰিশোধ কৰাৰ ক্ষেত্ৰত একাধিক কতৃৰ্পক্ষৰ অনুমোদনৰ ব্যৱস্থা আদি আঁতৰাই ক্ষীপ্ৰতাৰে সময় নিৰ্ধাৰিতভাৱে ধনৰাশি আদায়ৰ প্ৰস্তাৱ কৰা হৈছে । তেনেদৰে এই নতুন সৰলীকৃত ব্যৱস্থাৰ অধীনত ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়া-কৰ্মচাৰীসকলক কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সেৱা আঁচনিৰ দৰেই সা-সুবিধাসমূহ প্ৰদানৰো প্ৰস্তাৱ কৰা হৈছে ।

উক্ত বৈঠকত সদৌ অসম কৰ্মচাৰী পৰিষদৰ আবেদনমৰ্মে বিভিন্ন বিভাগত কৰ্মৰত মাষ্টাৰ ৰোলৰ প্ৰায় ১২ হাজাৰ কৰ্মচাৰীলৈ ৩ শতাংশ বছৰেকীয়া বৃদ্ধি আদায় দিয়াৰ লগতে ২০০৫ চনত নিয়মীয়া কৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে ৰিটেনচন ৫ বছৰৰ বাবে ৰেহাই দিয়াৰ বাবে বিত্ত বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে । এই বৈঠকখনতেই ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা,অটল অমৃত অভিযান সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া ড৹সিদ্ধাৰ্থ সিং, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্ত, ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাস, মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাকে ধৰি বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

চিকিৎসা ব্যয় পৰিশোধ ব্যৱস্থাৱলী সৰলীকৰণত গুৰুত্ব

আনহাতে, বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত আন এখন সভাত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কাৰ্যবাহী ব্যৱসায়ৰ অসম বিধি পুনৰীক্ষণৰ(Review of Assam Rules) ওপৰত উপস্থাপন কৰা এক অনুস্থানত অংশগ্ৰহণ কৰে । ১৯৬৮ চনত অসমৰ কাৰ্যবাহী ব্যৱসায়ৰ নিয়ম ফ্ৰেমৱৰ্ক কৰা হৈছিল। পৰিৱৰ্তিত সময়ৰ দ্বাৰা পৰিচালিত নতুন প্ৰয়োজনীয়তাৰ লগে লগে কাৰ্যবাহী ব্যৱসায়ৰ নিয়মসমূহক অধিক সঁহাৰিজনক আৰু অনুকূল কৰি তোলাৰ প্ৰয়োজনৰ দিশত মুখ্যমন্ত্ৰী ড৹শৰ্মাই গুৰুত্ব প্ৰদান কৰে । উপস্থাপন পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশাসনিক সংস্কাৰ,প্ৰশিক্ষণ আৰু পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগক ৰাজ্যৰ প্ৰশাসনিক দক্ষতা আৰু সুবিধাৰ বাবে পুনৰীক্ষণৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। উক্ত বৈঠকত বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগো উপস্থিত থাকে ।

লগতে পঢ়ক:জনতা ভৱনত বিশেষভাৱে সক্ষম কৰ্মচাৰীক প্ৰহাৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ

ABOUT THE AUTHOR

...view details