ETV Bharat / city

জনতা ভৱনত বিশেষভাৱে সক্ষম কৰ্মচাৰীক প্ৰহাৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ

author img

By

Published : Aug 24, 2022, 9:16 PM IST

Updated : Aug 24, 2022, 10:01 PM IST

চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে পৰিবহন বিভাগৰ এজন কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক লৈ বুধবাৰে উত্তপ্ত হৈ পৰে দিছপুৰৰ জনতা ভৱন (Tense situation in Janata Bhawan) । সচিবালয়ৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি বিধায়ক জয়ন্ত বসুমতাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে (Protest against MLA at Janata Bhawan)।

Tense situation in Janata Bhawan
Tense situation in Janata Bhawan

গুৱাহাটী, 24 আগষ্ট: জনতা ভৱনত উত্তপ্ত পৰিস্থিতি (Tense situation in Janata Bhawan)। জনপ্ৰতিনিধিয়ে সচিবালয়ৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে পৰিবহন বিভাগৰ এজন কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক লৈয়ে জনতা ভৱনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় (MLA attacked employee in Janata Bhawan) ।

জনতা ভৱনত বিশেষভাৱে সক্ষম কৰ্মচাৰীক প্ৰহাৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ

জানিব পৰা মতে, বুধবাৰে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰে সচিবালয়ৰ এজন কৰ্মচাৰীক (Secretariat employee attacked by MLA) । পৰিবহন বিভাগৰ সচিবৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিভূতি ভট্টাচাৰ্যক বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰাত পৰিস্থিতি উত্তাল হৈ পৰে (UPPL MLA Jayanta Basumatary)।

উল্লেখ্য যে বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰা কৰ্মচাৰী বিভূতি ভট্টাচাৰ্য বিশেষভাৱে সক্ষম (Specially able employee beaten by MLA) । ঘটনাক কেন্দ্ৰ কৰি সচিবালয়ৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি বিধায়ক জয়ন্ত বসুমতাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে (Protest in Janata Bhawan) । ইউ পি পি এল দলৰ বিধায়ক বসুমতাৰীৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰা হয়, সেয়া লক্ষ্যনীয় হ’ব ৷

লগতে পঢ়ক: যান বাহন আইন মানিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Last Updated :Aug 24, 2022, 10:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.