অসম

assam

Assam assembly: বিধানসভাৰ অধিবেশত হঠাৎ অগ্নিশৰ্মা হৈ পৰিল বিধায়ক মনোৰঞ্জন তালুকদাৰ

By

Published : Mar 30, 2023, 10:02 PM IST

বিধানসভাত পীযুষ হাজৰিকা আৰু ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গৰজি উঠিল মনোৰঞ্জন তালুকদাৰ । নাৰী‌ আৰু শিশু কল্যাণ বিভাগৰ কৰ্তন প্ৰস্তাৱকলৈ উত্তাল বিধানসভা, সাময়িকভাৱে স্থগিত হয়‌ বিধানসভাৰ কাম-কাজ (Manoranjan Talukdar loses control) ৷

Manoranjan Talukdar loses control
Assam assembly budget session 2023

অগ্নিশৰ্মা হৈ পৰিল বিধায়ক মনোৰঞ্জন তালুকদাৰ

গুৱাহাটী, 30 মাৰ্চ: শাসকীয় পক্ষই বিৰোধী বিধায়কক বৈষম্য কৰা বুলি‌ বিধানসভাত গুৰুতৰ অভিযোগ উত্থাপন‌ কৰিছে চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে । উল্লেখ্য যে, সদনত নাৰী আৰু শিশু কল্যাণ বিভাগৰ বিপক্ষে কৰ্তন প্ৰস্তাৱ উত্থাপন কৰি বৃহস্পতিবাৰে চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে শাসকীয় পক্ষৰ প্ৰতি এই গুৰুতৰ অভিযোগ কৰে (CPIM MLA Manuranjan Talukder slams BJP) ।

তেওঁ কয়, ‘‘নাৰী আৰু শিশু কল্যাণ বিভাগটো এটা ব্যৰ্থ বিভাগ । নাৰী আৰু শিশু কল্যাণ বিভাগটোৰ ব্যৰ্থতাৰ বাবে ৰাজ্যৰ বিকাশ বাধাগ্ৰস্থ হৈছে । সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ বেছি । আকৌ শিশুৰ মৃত্যুৰ হাৰো সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমত বেছি । অসমত 1000 টা শিশুৰ ভিতৰত 48 টা শিশুৰ‌ মৃত্যু ‌হয় ।‌ দেশত 1000 টা শিশুৰ ভিতৰত 40 টা শিশুৰ‌ মৃত্যু ‌হয় ।" (Assam assembly budget session 2023)

বিধায়ক তালুকদাৰে কয় যে, তেওঁৰ‌ সমষ্টিত মাত্ৰ দুটা অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে । তাৰ‌ বিপৰীতে শাসকীয় পক্ষৰ বিধায়কসকলৰ সমষ্টিত ২০-২৫ টাকৈ অংগনবাদী কেন্দ্ৰ স্থাপন কৰিছে । এনে বৈষম্য বিৰোধী বিধায়কসকলৰ‌ প্ৰতি‌ কিয় বুলি প্ৰশ্ন উত্থাপন কৰে বিধায়কজনে (Manuranjan Talukder questioned to Govt) ৷

চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে এই কথা‌ কৈ থকাৰ সময়তে সংসদীয়‌ পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বাধা দিয়ে । তাৰ পিচতে সদনত পীযুষ হাজৰিকা আৰু ৰূপজ্যোতি কুৰ্মীয়ে বিৰুদ্ধে গৰজি উঠে মনোৰঞ্জন তালুকদাৰ ।‌ তাৰ‌ পিচত সদনত উত্তাল পৰিৱেশৰ সৃষ্টি হয় ।‌ ফলত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল‌ মমিনে 5 মিনিটৰ‌ বাবে সদনৰ কাম-কাজ স্থগিত কৰে (Assam Assembly news)।

লগতে পঢ়ক:Spy in APCC: কংগ্ৰেছৰ ভিতৰৰ খবৰ পায় মুখ্যমন্ত্ৰীয়ে; ড৹ শৰ্মাৰ অভিযোগকলৈ সৰব কংগ্ৰেছ

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বহুবাৰ সদনত বিৰোধীক কথা ক’বলৈ দিয়া নহয় বুলি দাবী উত্থাপিত হৈ আহিছে ৷ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে সদনত কোনো বিষয়ত মাত দিয়াৰ সময়ত প্ৰায়েই হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হোৱা দেখা যায় ৷ বহুবাৰ তেওঁক অধ্যক্ষই সদনৰ পৰা বহিস্কাৰ কৰাৰো নজিৰ আছে (Akhil Gogoi news) ৷

ABOUT THE AUTHOR

...view details