ETV Bharat / state

Spy in APCC: কংগ্ৰেছৰ ভিতৰৰ খবৰ পায় মুখ্যমন্ত্ৰীয়ে; ড৹ শৰ্মাৰ অভিযোগকলৈ সৰব কংগ্ৰেছ

author img

By

Published : Mar 30, 2023, 3:58 PM IST

সঁচাকৈ কংগ্ৰেছত হিমন্ত বিশ্ব শৰ্মাৰ কোনোবা চোৰাংচোৱা আছে নেকি ? মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণেই কোনোবাই কংগ্ৰেছৰ ভিতৰুৱা খবৰ দিয়ে নেকি তেওঁক ? নে বিৰোধীক কাবু কৰিবলৈ এয়া মুখ্যমন্ত্ৰীৰ কূট কৌশল ? বুধবাৰে অসম বিধানসভাত কথা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা এটা মন্তব্যৰ পাচতেই এতিয়া ৰাজনৈতিক মহলত চৰ্চিত হৈছে এই খবৰ (CM Himanta Biswa Sarmas comment) ৷

CM Himanta Biswa Sarmas comment
Congress Legislative Party meeting

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগক লৈ সৰৱ কংগ্ৰেছ

গুৱাহাটী, ৩০ মাৰ্চ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যই ৰ‍াজ্যৰ ৰাজনীতিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিশেষকৈ কংগ্ৰেছ দলত সৃষ্টি কৰিছে ধুমুহাৰ । কোনে কংগ্ৰেছৰ ভিতৰুৱা অতি গোপনীয় খবৰ মুখ্যমন্ত্ৰীক দিয়ে । কংগ্ৰেছৰ অন্তৰ্ভাগত থকা হিমন্তৰ চোৰাংচোৱা কোন ? তাক লৈ সৰৱ চৰ্চা হৈছে (Spy in APCC) ।

উল্লেখ্য যে, বিধানসভাৰ বাজেট অধিৱেশনত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত লোৱা সিদ্ধান্তৰ কথা জনা বুলি মুকলিকৈ ব্যক্ত কৰিছিল । মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পাচতে কংগ্ৰেছ দলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰৰ দিনটোতো এই বিষয়টোকলৈ ব্যাপক চৰ্চা হয় । মুখ্যমন্ত্ৰীৰ বক্তব্যকলৈ কংগ্ৰেছৰ বিধায়কসকলে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Congress Legislative Party meeting) ।

ইফালে উক্ত ঘটনা সন্দৰ্ভত কংগ্ৰেছ বিধায়িনী দলৰ বিধায়কসকলে বুধবাৰেই অসম বিধানসভাৰ প্ৰধান সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰ প্ৰমুখ্যে বিধায়কসকলে স্বাক্ষৰ কৰা পত্ৰত কোৱা হয় যে, বিধানসভাৰ নেতা হিমন্ত বিশ্ব শৰ্মাই কৈছে কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত কি আলোচনা হয় তেওঁ জানে । কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলে বিধানসভাৰ নেতাজনে মিছা বক্তব্য আগবঢ়াইছে বুলি অভিযোগ কৰে আৰু লগতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰে (Allegation of violation of privileges against CM) ।

লগতে পঢ়ক: Assam Budget Session 2023: তিনি এপ্ৰিলৰ বিধানসভাৰ সকলো কাৰ্যসূচী বাতিল

এই অভিযোগ সন্দৰ্ভত আইন অনুসৰি ব্যৱস্থা ল’বলৈ কংগ্ৰেছ বিধায়িনী দলে আহ্বান জনায় । অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাচত তেওঁৰ বক্তব্য উঠাই লৈছিল । মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্য উঠাই ল'লেও কিন্তু শান্ত হোৱা নাই কংগ্ৰেছৰ বিধায়কসকল । বিধানসভা চৌহদত আজি মুখ্যমন্ত্ৰীৰ বক্তব্য সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrat Saikia reacts to Assam CM comment) ।

তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমি অভিযোগ কৰিছো । কি হ'ব ধাৰণা কৰিব পৰা নাই । কিন্তু এনেকৈ আমাৰ বিধায়কৰ প্ৰতি সন্দেহ উপজাব নোৱাৰে মুখ্যমন্ত্ৰীয়ে ।’’ তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সঁচা-মিছা নিশ্চিত হোৱাটো ভাল । মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ বিধায়কসকলৰ মাজত সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিবলৈ এই অভিযোগ উত্থাপন কৰিছে । বিৰোধী দলপতিজনে আৰু কয় যে, এয়া বিজেপিৰ কংগ্ৰেছক দুৰ্বল কৰাৰ কূট-কৌশল (Assam political news)।

আনহাতে, এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয় যে, কংগ্ৰেছ বিধায়িনী দলৰ কোনো কথাই কোনো সদস্যই বাহিৰত নকয় । মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত কৰা গুপ্তচৰৰ মন্তব্যৰ অভিযোগ নিজেই উঠাই লৈছে । আন এজন কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই কয় যে, মুখ্যমন্ত্ৰীৰ ভাষ্য এনে হ'ব নালাগে । মুখ্যমন্ত্ৰীয়ে পদবীৰ মৰ্যাদা ৰক্ষা কৰিব লাগে । সদনৰ নেতা হিচাপে মুখ্যমন্ত্ৰীয়ে এনে কথা ক'ব নালাগে । মুখ্যমন্ত্ৰীক যদি কোনোবাই ভিতৰুৱা খবৰ দিছিল তেন্তে মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাচত কিয় পুনৰ উঠাই ল'লে বুলি তেওঁ প্ৰশ্ন কৰে (Assam assembly news) ।

লগতে পঢ়ক: Assam Assembly Budget Session 2023 : বিধানসভাত ৰকিবুল-হিমন্তৰ খণ্ড যুদ্ধত বিশেষ চৰ্চা

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে তেওঁৰ বক্তব্য উঠাই লৈছে যদিও কংগ্ৰেছৰ বিধায়কসকলে বিষয়টোক সহজভাৱে লোৱা নাই । ইয়াৰ পূৰ্বেও বহুবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভিতৰুৱা সকলো খবৰ লাভ কৰি থাকে বা কংগ্ৰেছত হিমন্ত বিশ্ব শৰ্মাৰ মানুহ এতিয়াও আছে বুলি চৰ্চা হৈছিল ৷ পূৰ্বে কংগ্ৰেছৰ দাদা বিগ্ৰেডৰ একাংশ নেতা হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিজেপিলৈ আহিল যদিও সেই সময়ত ড৹ শৰ্মাৰ সোঁৱে বাওঁৱে দেখা পোৱা কিছুসংখ্যক নেতা আজিও কংগ্ৰেছতে আছে ৷ ৰাজ্যসভা নিৰ্বাচনৰ সময়তো এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.