অসম

assam

কংগ্ৰেছ শাসিত ৰাজ্যসমূহত অচিৰেই জাতিগত জৰীপ কৰা হ’ব: কে ৰাজু

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 7:39 PM IST

অসমৰ‌ মুখ্যমন্ত্ৰী দেশৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ নিৱনুৱা সমস্যা সমাধানৰ মিছা প্ৰতিশ্ৰুতি দি আহিছে ৷ এই মন্তব্য সৰ্বভাৰতীয় কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য তথা এছ চি, এছ টি, অ’ বি চি আৰু সংখ্যালঘু বিভাগৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্বয়ক কে ৰাজুৰ ।

K Raju press meet in guwahati
কংগ্ৰেছ শাসিত ৰাজ্যসমূহ অচিৰেই জাতিগত জৰীপ কৰা হ’ব: ৰাষ্ট্ৰীয় নেতা কে ৰাজু

কংগ্ৰেছ শাসিত ৰাজ্যসমূহ অচিৰেই জাতিগত জৰীপ কৰা হ’ব: ৰাষ্ট্ৰীয় নেতা কে ৰাজু

গুৱাহাটী, ২২ নৱেম্বৰ: দেশৰ কংগ্ৰেছ শাসিত ৰাজ্যসমূহত জাতিগত জৰীপ কৰাৰ কথা সদৰী কৰিছে সৰ্বভাৰতীয় কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য তথা এছ চি, এছ টি, অ’ বি চি আৰু সংখ্যালঘু বিভাগৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্বয়ক কে ৰাজুৱে।

গুৱাহাটীত বুধবাৰে অনুষ্ঠিত হোৱা এখন সংবাদমেলত কে ৰাজুৱে কয় যে, কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়ত জাতিগত জৰীপৰ কাম প্ৰায় সম্পূৰ্ণ হৈছিল । কিন্তু বিজেপি চৰকাৰ অহাৰ পিচত এই কাম বন্ধ হৈ পৰিল । কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ পুনৰ ক্ষমতালৈ আহিছে । এতিয়া এই জৰীপৰ কাম অচিৰেই আগুৱায় নিয়া হ'ব। ছত্তীশগড় , ৰাজস্থান আৰু মধ্যপ্ৰদেশত কংগ্ৰেছৰ চৰকাৰ গঠন‌ হ'লে এই জৰীপৰ কাম সম্পূৰ্ণ কৰি ৰাজহুৱা কৰা হ'ব ।

তেওঁ লগতে কয় যে, জাতিগত জৰীপ আৰ্থসামাজিক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। কাৰণ এই জৰীপৰ জৰিয়তে পিচপৰা জাতি আৰু সংখ্যালঘুসমূসকলৰ সম উন্নয়ন সম্ভৱ হ’ব ৷ অসমতো এই জাতিগত জৰীপৰ কৰা‌ অতি প্ৰয়োজন । যোৱা দুদিনত অসমৰ কোকৰাঝাৰ, ডিফু আৰু শিলচৰত এছ চি, এছ টি, অ’ বি চি আৰু সংখ্যালঘুৰ মাজত কংগ্ৰেছৰ নেতৃত্ব গঢ়ি তোলাৰ প্ৰশিক্ষণ আয়োজন কৰা‌ হৈছিল । প্ৰশিক্ষণত আগন্তুক লোকসভা নিৰ্বাচনক লৈ অসমৰ পিচপৰা জাতি তথা জনজাতি আৰু সংখ্যালঘুসকলৰ সমস্যাবোৰ তুলি ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিজেপি চৰকাৰে যোৱা সময়ছোৱাত বহুতো ভুৱা জাতিগত প্ৰমাণপত্ৰ বিতৰণ কৰিছে । এই বিষয়টো এইবাৰ নিৰ্বাচনত মূল ইচ্ছু হিচাপে লৈ অৱতীৰ্ণ হ'ব।

ৰাজুৱে অভিযোগ উত্থাপন কৰি কয় যে, অসম চৰকাৰে অনুসূচীত জাতিৰ উন্নয়নৰ বাবে কোনো পুঁজি আৱন্টন কৰা নাই।‌ এই বিষয়বোৰ আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজৰ মাজত তুলি ধৰা হ’ব ৷

ইয়াৰোপৰি এই সংবাদমেলত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সবভাৰতীয় অনুসূচীত জাতিৰ অধ্যক্ষ ৰাজেশ লিলোথিয়াই কয় যে‌, অসমৰ‌ মুখ্যমন্ত্ৰী দেশৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ নিৱনুৱা সমস্যা সমাধানৰ মিছা প্ৰতিশ্ৰুতি দি আহিছে।

লগতে পঢ়ক:বিজেপিয়ে আৰোপ কৰা কৰৰ এটা এটা টকা ৰাইজক ওভতাই দিব কংগ্ৰেছে !

ABOUT THE AUTHOR

...view details