ETV Bharat / state

বিজেপিয়ে আৰোপ কৰা কৰৰ এটা এটা টকা ৰাইজক ওভতাই দিব কংগ্ৰেছে !

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 5:08 PM IST

চৰকাৰে আৰোপ কৰা কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছৰ ৷ তিনিটা ‘হি’ৰ পৰা ৰাইজক বাচি থকাৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

Congress criticizes Assam Govt
Congress criticizes Assam Govt

এটা এটা টকা ৰাইজক ওভতাই দিব কংগ্ৰেছে

গুৱাহাটী, ২২ নবেম্বৰ: SC, ST সংৰক্ষিত সমষ্টিৰ নেতা-কৰ্মীৰ বাবে প্ৰদেশ কংগ্ৰেছে বুধবাৰে আয়োজন কৰে লীডাৰশ্বিপ ডেভেলমেণ্ট ট্ৰেইনিং নামৰ এক অনুষ্ঠানৰ ৷ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড৹ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰশিক্ষণৰ অনুষ্ঠান ৷ SC , ST সংৰক্ষিত সমষ্টিত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ বাবে এই ট্ৰেইনিং কেম্পৰ আয়োজন কৰিছে প্ৰদেশ কংগ্ৰেছে ৷

এই অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ST, SC, OBC কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সমন্নয়ক কে ৰাজুৰ লগতে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ ৷ এই অনুষ্ঠানৰ পিছতে কংগ্ৰেছ নেতৃত্বই এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত কৰ সংগ্ৰহক লৈ চৰকাৰে লোৱা সিদ্ধান্ত সন্দৰ্ভত সৰৱ হৈ পৰে কংগ্ৰেছ নেতৃত্ব ৷

এই সম্পৰ্কে মন্তব্য কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে অসম চৰকাৰে পুঁজি সংগ্ৰহৰ বাবে আৰক্ষীক ব্যৱহাৰ কৰা কাৰ্য গৰিহণাৰ যোগ্য ৷ মেল-মিটিং পাতিলেও কৰ দিব লাগিলে বাক স্বাধীনতা খৰ্ব হ’ব ৷ সাংস্কৃতিক অনুষ্ঠান বা বিহু পাতিলেও কৰ দিব লগাটো দুৰ্ভাগ্যজনক ৷ এতিয়া নতুন ৰূপত ইষ্ট ইণ্ডিয়া কোম্পানী আহিছে ৷ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব ৷

আনহাতে, APSC তদন্তত বিলম্ব সম্পৰ্কত বিৰোধী নেতাজনে কয় যে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পাছতো APSC তদন্তত বিলম্ব কৰি আছে চৰকাৰে ৷ ইয়াৰ কাৰণ কি হ’ব পাৰে ৷ ইফালে একেখন সংবাদমেলতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ‘‘চৰকাৰৰ এই সিদ্ধান্তত আমি 15 টা ৰাজনৈতিক দলে অৱস্থান ধৰ্মঘটত বহাৰ সিদ্ধান্ত লৈছোঁ ৷ চচল বা মনবেন্দ্ৰ শৰ্মা কমপ্লেক্সত হ’ব এই ধৰ্মঘট ৷ চৰকাৰে যদি সিদ্ধান্ত উঠাই নলয় আমি ৰাইজক কথা দিছো 2026 ত চৰকাৰ আহিলে আমি এই কৰ ঘূৰাই দিম ৷’’

বৰাই লগতে কয়, ‘‘ৰাইজক অনুৰোধ কৰিছো এই ৰছিদবোৰ ৰাখি থ’ব আমি ঘূৰাই দিম ৷ হেলিকপ্টাৰত 20 কোটি টকা খৰচ নে চাৰ্টাৰ্ড ফ্লাইটৰ খৰচ নে বহিঃৰাজ্যৰ ইলেকচনত ব্যয় কৰিবলৈ এই কৰ লগোৱা হৈছে ? অসম এতিয়া তিনিটা ‘হি’ ৰ পৰা বাছি থাকিব লাগিব ৷ হিন্দু মুছলিমৰ নামত বিজেপিৰ ৰাজনীতিৰ পৰা ৷ হিতাধিকাৰীৰ নামত ৰাজনীতিৰ পৰা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা বাছি থাকিব লাগিব ৷’’

লগতে পঢ়ক: কৰৰ বোজা বঢ়ালে চৰকাৰে; হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী বিভিন্নজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.