অসম

assam

Debabrata Saikia: কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত ব্যাপক দুৰ্নীতিৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 8:03 PM IST

Updated : Sep 23, 2023, 8:09 PM IST

কাৰ্বি পাহাৰত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ অসম কংগ্ৰেছ ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ ছত্ৰছায়াত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ ৷ জড়িত আছে মুখ্যমন্ত্ৰী ৷

Debabrata Saikia
Debabrata Saikia

কাৰ্বি পাহাৰত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ অসম কংগ্ৰেছ

গুৱাহাটী, 23 ছেপ্টেম্বৰ: কাৰ্বি আংলং স্বায়ত্ত শাসিত অঞ্চলত ব্যাপক দুৰ্নীতি সংঘটিত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ।

গুৱাহাটীত শনিবাৰে অনুষ্ঠিত এখন সংবাদমেলত দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আঙুলি টোঁৱাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত অঞ্চলত ব্যাপক দুৰ্নীতি কৰি আছে ।

অসমত বৰ্তমান লুটকাল চলি থকা বুলি অভিযোগ কৰি শইকীয়াই চৰকাৰী তথ্যৰ উদ্ধৃতি দি জনায় যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নামত অনুমোদন হোৱা উন্নয়নমূলক কাম-কাজবোৰ পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ পৰিয়াল আৰু তেওঁৰ অতি ঘনিষ্ঠ ব্যক্তিসকলৰ মাজত বিতৰণ কৰা হয় ।

মুখ্যমন্ত্ৰীৰ পথ উন্নয়ন সাহায্য পুঁজিৰ নামত আৱণ্টন হোৱা ১০০ কোটি টকাৰ কাম-কাজ মাথোঁ তুলিৰাম ৰংহাঙৰ পৰিয়ালৰ মাজতে চৰকাৰী নিয়ম আৰু পদ্ধতি অৱজ্ঞা কৰি বিতৰণ কৰা হৈছে বুলি শইকীয়াই উল্লেখ কৰে ।

তেওঁ লগতে অভিযোগ কৰি কয় যে বহুকেইটা প্ৰকল্পত ইতিমধ্যে আন আঁচনিৰ অধীনত সম্পূৰ্ণ হোৱা স্বত্ত্বেও পুনৰ একে কামৰ নামত নতুনকৈ চৰকাৰী ধন আৱণ্টন হোৱা নজিৰ বিহীন দুৰ্নীতি কাৰ্বি আংলঙত দেখা গৈছে ।

এই অভিযোগৰ বিতং তথ্য প্ৰমাণসহ দেবব্রত শইকীয়াই দাঙি ধৰি প্রশ্ন কৰে যে বিৰলাৰ পৰা ৰংশ্লিস্লামৰ ১৭ কিলোমিটাৰ পথ (৩০ কোটি টকীয়া প্রজেক্ট) মাথোঁ ৭ দিনত সম্পূৰ্ণ কৰিব পৰা কি বিশেষ কাৰিকৰী দক্ষতা মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ তুলিৰাম ৰংহাং পৰিয়ালৰ প্ৰতিষ্ঠানৰ হাতত আছে ? গতিকে এই কথাবোৰৰ তদন্ত হ'ব লাগে বুলি তেওঁ দাবী কৰে ।

ইফালে, অসম চৰকাৰে অসমৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সন্দৰ্ভত দেবব্রত শইকীয়াই কয় যে শেহতীয়াকৈ ক’লকাতা উচ্চ ন্যায়ালয়ৰ আদেশ আৰু পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ নেতৃত্বীন ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে অসমৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ বাবে বাধ্য হৈছে ।

তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত আঁচনিৰ জৰিয়তে অসমৰ আত্মসহায়ক গোটবোৰে কি দৰে আৰ্থিক উন্নতি লাভ কৰিছে তাৰ এটা পৰিসংখ্যা দাঙি ধৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায় । সংবাদমেলত কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ উপস্থিত আছিল ।

লগতে পঢ়ক:Rahul Gandhi Slams BJP : আদানিৰ কথা উলিয়ালে পলায় বিজেপি নেতা; মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

Last Updated :Sep 23, 2023, 8:09 PM IST

ABOUT THE AUTHOR

...view details