অসম

assam

CM HBS Controversy: মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা শিক্ষা ব্যৱস্থাত শেষ গজালটো মাৰিবলৈ ওলাইছে

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 4:56 PM IST

Updated : Oct 17, 2023, 5:22 PM IST

শিক্ষকসকলক হিতাধিকাৰী বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া ৷ ‘‘মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু শিক্ষামন্ত্ৰীও হিতাধিকাৰী হ’ব ।‌’’ এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ৷

CM HBS Controversy
গজাল মাৰিলে মুখ্যমন্ত্ৰীয়ে ছীল মোহৰ মাৰিবলৈ ৰৈ আছে শিক্ষামন্ত্ৰীয়ে

গজাল মাৰিলে মুখ্যমন্ত্ৰীয়ে ছীল মোহৰ মাৰিবলৈ ৰৈ আছে শিক্ষামন্ত্ৰীয়ে

গুৱাহাটী, 17 অক্টোবৰ : অসমৰ শিক্ষকসকলক হিতাধিকাৰী বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছে । শিক্ষক সমাজৰ একাংশ নিৰ্ভীক শিক্ষক-শিক্ষয়িত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে মুকলিকৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰোধিতা কৰা দেখা গৈছে ।

মুখ্যমন্ত্ৰীয়ে শিক্ষকসকলৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে ৷ তেঁও কয় যে, মুখ্যমন্ত্ৰী শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিদ্যালয় একত্ৰীকৰণৰ জৰিয়তে ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ কাৰ্য আৰম্ভ কৰিলে ৷ এতিয়া শিক্ষকসকলক হিতাধিকাৰী সজালে ।

‘‘চৰকাৰৰ‌ সুবিধা যিয়ে লয় তেওঁ হিতাধিকাৰী বুলি শিক্ষামন্ত্ৰীয়েও কৈছে । যদি তেনে হয় মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু শিক্ষামন্ত্ৰীও হিতাধিকাৰী হ’ব ।‌ মুখ্যমন্ত্ৰী শৰ্মাই শিক্ষকক অপমান কৰিছে ।‌ 500 কোটি টকা‌ খৰচ কৰি স্কুটী দি শিক্ষকক হিতাধিকাৰী সজাব বিচাৰিছে ।’’ এই মন্তব্য কংগ্ৰেছ নেত্ৰী বৰঠাকুৰৰ ৷

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্লজ্জ মন্তব্য কৰিছে । এনে অৱস্থাত ৰাজ্যৰ ভৱিষ্যৎ কি‌ হ’ব‌ বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । ইতিমধ্যে বহু শিক্ষকে প্ৰতিবাদ কৰি আহিছে ।‌ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা শিক্ষা ব্যৱস্থাত শেষ গজালটো মাৰিবলৈ ওলাইছে ।‌ শিক্ষামন্ত্ৰীয়ে শেষ মোহৰ মাৰিবলৈ ৰৈ আছে ।

ইফালে বাওঁপন্থী যুৱ সংগঠন ডি ৱাই এফ আইৰ ৰাজ্যিক নেতা নিৰংকুশ নাথে কয় যে, তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষক সমাজক অপমান কৰিছে । মুখ্যমন্ত্ৰী শৰ্মাই শিক্ষক সমাজক হিতাধিকাৰী বুলি কৰা মন্তব্য উঠাই লোৱাৰ বাবে তেওঁ দাবী জনায় নাথে ৷

লগতে পঢ়ক:Ribi Gacheng controversy : বিতৰ্কৰ ওৰ পেলাই মিচিং জনগোষ্ঠীৰ ওচৰত ক্ষমা খুজিলে ভূপেন বৰাই

Last Updated :Oct 17, 2023, 5:22 PM IST

ABOUT THE AUTHOR

...view details