ETV Bharat / state

Ribi Gacheng controversy : বিতৰ্কৰ ওৰ পেলাই মিচিং জনগোষ্ঠীৰ ওচৰত ক্ষমা খুজিলে ভূপেন বৰাই

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 2:16 PM IST

অৱশেষত মিচিং জনগোষ্ঠীৰ ওচৰত ক্ষমা খুজিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ এক বিবৃত্তি যোগে ভূপেন বৰাই মিচিং জনগোষ্ঠীয় ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে ।

Bhupen Borah controversy
ক্ষমা খুজিলে ভূপেন বৰাই

গুৱাহাটী, ১৭ অক্টোবৰ : অৱশেষত ক্ষমা খুজিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । উল্লেখ্য যে, ‘‘চাঙে চাঙে কংগ্ৰেছ’’ অভিযানৰ অংশ স্বৰূপে ধেমাজি জিলাত অভিযান চলাই বিপদত পৰিব লগা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । মিচিং জনগোষ্ঠীৰ সন্মানীয় বস্ত্ৰ ৰিবি গাচেঙত বহি আহাৰ গ্ৰহণ কৰাক লৈ বিপদৰ সন্মুখীন হ’ব লগা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ।

লক্ষণীয় বিষয় যে, এই ঘটনাৰ পাচতে ভূপেন বৰাই শাসকীয় বিজেপিৰ লগতে একাংশ মিচিং জনগোষ্ঠীয় দল-সংগঠনৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে । ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক বিবৃতিৰ জৰিয়তে মিচিং জনগোষ্ঠীয় ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে ।

Bhupen Borah controversy
ক্ষমা খুজিলে ভূপেন বৰাই

বিবৃত্তি যোগে ভূপেন বৰাই কয়, ‘‘জোনাইৰ ন-পাম কুলি গাঁৱৰ প্ৰাক্তন গাঁও প্ৰধানৰ ঘৰলৈ যোৱাৰ সময়ত আমাক আদৰ-সাদৰ কৰি বস্ত্ৰ পাৰি বহিবলৈ দিয়ে । পৰৱৰ্তী সময়ত যিখন বস্ত্ৰ পাৰি আমাক বহিবলৈ দিয়া হৈছিল সেয়া ৰিবি গাচেং বুলি জানিব পাৰি ময়ো অত্যন্ত দুঃখিত । গৃহস্থই কিয় সেই কাম কৰিলে মই তত ধৰিব নোৱাৰিলো । সকলো জনগোষ্ঠীৰ ৰীতি-নীতি, কলা-কৃষ্টি, পৰম্পৰাক সন্মান কৰাতো আমাৰ জাতীয় দায়িত্ব । ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ অন্তৰত আঘাত দিয়াৰ কোনো ধৃষ্টতা আমাৰ নাই । অজানিতে হোৱা ভুলৰ বাবে মই নতশিৰে ক্ষমা বিচাৰিছো’’ ।

উল্লেখ্য যে, শনিবাৰে জোনাই সমষ্টিৰ চিমেনমুখ পঞ্চায়তৰ ন-পাম কুলি গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া উপেন কুলিৰ গৃহত উক্ত ঘটনাটো সংঘটিত হৈছিল । ‘‘চাঙে চাঙে কংগ্ৰেছ’’ যাত্ৰাত মিচিং চাংঘৰত মিচিং জাতীয় স্বাভিমান ৰিবি গাচেঙত ভৰি দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি একাংশ নেতাই আহাৰ গ্ৰহণ কৰিছিল ।

এই কাৰ্যক লৈ মিচিং সমাজৰ উপৰি বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তাৰ পাচতেই আজি অৱশেষত ভূপেন বৰাই অজানিতে কৰা ভুলৰ বাবে ক্ষমা বিচাৰে ।

লগতে পঢ়ক : Ribi Gacheng controversy: মিচিং ৰাইজে বিচাৰিলে ক্ষমা খুজিবলৈ সাজু ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.