অসম

assam

উপ-নিৰ্বাচন : তিনি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

By

Published : Oct 5, 2021, 1:42 PM IST

by election congress list published
তিনি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

আগন্তুক উপ-নিৰ্বাচনত গোসাইগাঁৱত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে । শীঘ্ৰেই প্ৰকাশ পাব মৰিয়নী আৰু ভৱানীপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থী নাম ।

গুৱাহাটী, ৫ অক্টোবৰ : মাজুলীক বাদ দি অহা ৩০ অক্টোবৰত ৰাজ্যৰ ৫ টা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ তিনিটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । সেই অনুসৰি গোসাইগাঁৱত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰক দলটোৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকে স্বাক্ষৰ কৰা এটা বিবৃতিত কোৱা হৈছে যে, দলৰ সভানেত্ৰী ছোনীয়া গান্ধীৰ অনুমোদন মৰ্মে এই তিনিগৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হৈছে ।

তিনি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

উল্লেখ যে, কংগ্ৰেছে মাজুলী সমষ্টি অসম জাতীয় পৰিষদ (AJP)ক আৰু ভৱানীপুৰ সমষ্টি ৰাইজৰ দল (Raijor Dal)ক এৰি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে । মাজুলীত অসম জাতীয় পৰিষদে প্ৰাৰ্থী দিব যদিও ৰাইজৰ দলে ভৱানীপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা স্পষ্ট কৰি দিছে । ইয়াৰ বিপৰীতে ৰাইজৰ দলে থাওৰা আৰু মৰিয়নীত নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

থাওৰা সমষ্টিটো কোনো কাৰণতে ৰাইজৰ দলে এৰি নিদিয়ে বুলি দলটোৰ সভাপতি অখিল গগৈয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে । তেনেস্থলত ভৱানীপুৰ সমষ্টিটো কংগ্ৰেছ দলে প্ৰাৰ্থী দিয়াটো নিশ্চিত ।

জানিব পৰা মতে, কংগ্ৰেছে মৰিয়নী আৰু ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী তালিকা শীঘ্ৰেই প্ৰকাশ কৰিব । ইফালে বিজেপিয়ে ইতিমধ্যে ভৱানীপুৰ, থাওৰা আৰু মৰিয়নী সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । বিজেপিয়ে ভৱানীপুৰত ফণী তালুকদাৰ, মৰিয়নীত ৰূপজ্যোতি কুৰ্মীআৰু থাওৰাত সুশান্ত বৰগোঁহাইক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক:উপ-নিৰ্বাচন: তিনি সমষ্টিৰ প্ৰাৰ্থী ঘোষণা বিজেপিৰ

ABOUT THE AUTHOR

...view details