অসম

assam

CFI president Amir Hamza: সোমবাৰে আদালতত হাজিৰ কৰোৱা হ'ব CFI ৰ সভাপতি আমিৰ হামজাক

By

Published : Nov 13, 2022, 4:31 PM IST

নিষিদ্ধঘোষিত ইছলামিক সংগঠন পি এফ আইৰ ছাত্ৰ গোট চি এফ আইৰ পলাতক সভাপতি আমিৰ হামজাক বেংগালুৰুত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ এটা দলে(CFI president Amir Hamza arrested) । তিনি দিনৰ ট্ৰাঞ্জিত ৰিমাণ্ডত গুৱাহাটীলৈ আনিছে অসম আৰক্ষীয়ে । সোমবাৰে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব । আৰক্ষীয়ে জব্দ কৰে বহু আপত্তিজনক নথি-পত্র ।

cfi president amir hamza arrested
সোমবাৰে আদালতত হাজিৰ কৰোৱা হ'ব CFI সভাপতি আমিৰ হামজাক

গুৱাহাটী,১৩ নৱেম্বৰ: নিষিদ্ধঘোষিত ইছলামিক সংগঠন পি এফ আই(Islamic organization PFI)ৰ ছাত্ৰ গোট চি এফ আইৰ সভাপতি আমিৰ হামজাক অসম আৰক্ষীৰ এটা দলে শনিবাৰে বাংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰে(CFI president Amir Hamza arrested) । সংগঠনটোৰ পলাতক সভাপতি আমিৰ হামজাক বেংগালুৰুত গ্ৰেপ্তাৰ কৰাৰ পাছত স্থানীয় আদালতৰ অনুমতি সাপেক্ষে তিনি দিনৰ ট্ৰাঞ্জিত ৰিমাণ্ডত গুৱাহাটীলৈ আনিছে অসম আৰক্ষীৰ দলটোৱে ।

উল্লেখ্য যে অসম আৰক্ষীৰ দলটোৱে শুকুৰবাৰে নিশা বাংগালুৰু আৰক্ষীৰ সহায়ত বাংগালুৰৰ বেলুন্দুৰত এক অভিযান চলাই আমিৰ হামজাক গ্ৰেপ্তাৰ কৰিছিল । আমিৰ হামজাক বাংগালুৰুৰ অতিৰিক্ত মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশে তিনি দিনৰ ট্ৰাঞ্জিট ৰিমাণ্ড প্ৰদান কৰে । সোমবাৰে আমিৰ হামজাক গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব বুলি অসম আৰক্ষীয়ে জানিবলৈ দিয়ে(Amir Hamza tomorrow produced before court) ।

কেন্দ্ৰই সংগঠনটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছৰে এইপৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা কমেও অৰ্ধশতাধিক পি এফ আই সদস্যক আটক কৰা হৈছে(Amir Hamza arrested by Assam Police) ।আৰক্ষীয়ে ইতিমধ্যে গুৱাহাটীৰ হাতীগাঁও অঞ্চলত থকা সংগঠনটোৰ অসমৰ মুখ্য কাৰ্যালয়ৰ লগতে কৰিমগঞ্জ আৰু বাক্সাত ইয়াৰ স্থানীয় কাৰ্যালয়সমূহ বন্ধ কৰি দিছে ।

উল্লেখ্য যে ধৃত আমিৰ হামজাৰ ঘৰ বাক্সাৰ শালবাৰী থানাৰ অন্তৰ্গত ভকুৱামাৰীত । বাংগালুৰুত গ্ৰেপ্তাৰ কৰাৰ সময়ত অসম আৰক্ষীৰ দলটোৱে আমিৰ হামজাৰ ঘৰৰ পৰা পি এফ আই, চি এফ আই, 'কা' বিৰোধী সম্পৰ্কীয়, হাবিজৰ সমৰ্থনৰ বেনাৰ-পোষ্টাৰ-প্ৰচাৰ পত্রিকা, বিজেপি-আৰ এছ এছ- এবিভিপি বিৰোধী পোষ্টাৰ, বহু সংখ্যক বেংক পাচবুক, সংগঠনৰ লেটাৰ পেডকে ধৰি বহু আপত্তিজনক নথিপত্র জব্দ কৰে । সোমবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হ'ব সংগঠনটোৰ সভাপতি আমিৰ হামজাক ।

লগতে পঢ়ক:Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ABOUT THE AUTHOR

...view details