অসম

assam

নুনমাটিত শোৱনী কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ ৰক্তাক্ত মৃতদেহ

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 9:21 PM IST

Woman Found Dead : নুনমাটিৰ নিজৰাপাৰ অঞ্চলত নিজ বাসগৃহত ৰহস্যজনক অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত মহিলাগৰাকীৰ বাসগৃহত থকা চি চি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰে ৷ ইয়াৰ পূৰ্বে মহিলাগৰাকীৰ প্ৰথম স্বামী আৰু পিতৃও বলি হৈছিল হত্যাৰ ৷

Woman Found Dead
তীব্ৰ চাঞ্চল্য

নিজ বাসগৃহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

গুৱাহাটী, 12 জানুৱাৰী : নুনমাটিৰ নিজৰাপাৰ অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগত ঠিকাদাৰ হিচাপে কৰ্মৰত এগৰাকী মহিলাৰ মৃতদেহ নিজ বাসগৃহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ মৃত মহিলা গৰাকী মুনমুন বেগম (41) বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে 10 জানুৱাৰীত নিশা প্ৰায় 11.30 বজাত নিজ বাসগৃহৰ শোৱনী কোঠাত মূৰৰ পিছফালে ৰক্তক্ষৰণ হৈ থকা অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰিছিল পৰিয়ালৰ লোকে ৷ মহিলাগৰাকীক উদ্ধাৰ কৰাৰ পিছত পৰিয়ালৰ লোকে 108 এম্বুলেন্স যোগে গেট হাস্পতাললৈ লৈ যোৱাৰ চেষ্টা কৰিছিল যদিও মহিলাগৰাকীৰ বহু সময় পূৰ্বে মৃত্যু হোৱা বুলি অৱগত কৰে স্বাস্থ্য কৰ্মীয়ে ৷

আনহাতে স্থানীয় একাংশ লোকে মূৰ, পিঠি আৰু কঁকালত তেজৰ চেঁকুৰা প্ৰত্যক্ষ কৰি মহিলাগৰাকীক কোনো লোকে পৰিকল্পিতভাবে হত্যা কৰা বুলি সন্দেহ কৰিছে যদিও পৰিয়ালৰ লোকে স্নানাগাৰত পিছলি মূৰত আঘাত পাই মৃত্যু হোৱা বুলি দাবী কৰিছে ৷ ইফালে মহিলাগৰাকীৰ মৃত্যুৰ ঘটনাটোক গুৰুত্ব সহকাৰে লৈ নুনমাটি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ আজি বিয়লিৰ ভাগত মৃত মহিলাগৰাকীৰ নিজৰাপাৰ স্থিত বাসগৃহত উপস্থিত হৈ ক্ৰাইম চিন ৰিক্ৰীয়েচন কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে, নুনমাটি নিজৰাপাৰস্থিত 115 নং বাসগৃহত মৃত মুনমুন বেগম নামৰ স্বামীহাৰা মহিলাগৰাকীয়ে তেওঁৰ দুই পুত্ৰ সন্তানক লৈ বসবাস কৰি আছিল ৷ বুধবাৰে নিশাৰ ভাগত ৰহস্যজনকভাবে নিজৰ শোৱনী কোঠাত পৰি থকা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ নিঠৰ দেহ ৷ মহিলাগৰাকীৰ পুত্ৰই মাতৃৰ ৰক্তাক্ত দেহ পকী মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতে নুনমাটি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত মহিলাগৰাকীৰ বাসগৃহত থকা চি চি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰে ৷ উল্লেখ্য যে, 2005 চনত মহিলাগৰাকীৰ স্বামী মতলেব আলীক বামুণীমৈদাম বজাৰত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰিছিল ৷ ইয়াৰ পূৰ্বে অৰ্থাৎ 2004 চনত বামুণীমৈদাম ৰে’লৱে কলনী বজাৰত মতলেব আলীৰ একমাত্ৰ ভাতৃ মুন্না আলীক মাছ কটা দাৰে ঘপিয়াই হত্যা কৰিছিল দুৰ্বৃত্তই ৷ তাদুপৰি 2006 চনত মতলেব আলীৰ বনকৰা যুৱক স্বপ্নন দাসক বামুণীমৈদাম বজাৰত হত্যা কৰিছিল দুৰ্বৃত্তই ৷ এই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য উদঘাটন নহওঁতেই 2007 চনত মতলেবৰ পিতৃ মোহব্বত আলীক কোনো দুৰ্বৃত্তই হত্যা কৰি ভৰলুমুখৰ শান্তিপুৰৰ ৰে’ল লাইনত পেলাই থৈছিল ৷ ইয়াৰ পিছতে মুনমুন বেগমৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ ঘটনাক এতিয়া ৰহস্যৰ আবর্তলৈ ঠেলি দিছে ৷

ইফালে মৃত মুনমুন বেগমে প্ৰথম স্বামীৰ মৃত্যুৰ পিছত দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আবদ্ধ হৈছিল যদিও দ্বিতীয় স্বামীৰ সৈতেও বিবাহ বিচ্ছেদ হৈছিল ৷ দুই পুত্ৰৰ সৈতে নুনমাটি নিজৰাপাৰত নিগাজীকৈ থাকি ঠিকাৰ কাম কৰি যোৱা মুনমুন বেগমৰ ঘৰত নিশাৰ ভাগত বহু অচিন লোকৰ আগমন ঘটাৰ কথাও প্ৰতিবেশীয়ে ব্যক্ত কৰিছে ৷ আৰক্ষীয়ে মৃত মুনমুন বেগমৰ পোষ্টমৰ্টেম প্ৰতিবেদনলৈ অপেক্ষা কৰি আছে ৷ আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে পোহৰলৈ আহিব এই ঘটনাৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক :হাতীগাঁৱত ৰহস্যময় হোটেলৰ কোঠাৰ পৰা জপিয়ালে যুৱকে

ABOUT THE AUTHOR

...view details