অসম

assam

Assam BJP internal conflict: সিদ্ধাৰ্থ ভট্টাচাৰ্য-ৰাজেন গোহাঁইৰ বিৰুদ্ধে হুংকাৰ শতাধিক বিজেপি নেতা-কৰ্মীৰ

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 4:44 PM IST

জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে সোচ্চাৰ দলীয় নেতা-কৰ্মী ৷ নেতাদ্বয়ৰ বিৰুদ্ধে মঠঘৰীয়াত ব্যাপক প্ৰতিবাদ দলীয় নেতা-কৰ্মীৰ ৷ সিদ্ধাৰ্থ-ৰাজেনৰ লগত নহয় হিমন্ত বিশ্বৰ লগত থকাৰ কথা ব্যক্ত বিজেপি নেতা-কৰ্মীৰ ৷ দল দুৰ্বল কৰিব বিচৰা লোকক দল ত্যাগ কৰাৰ আহ্বান এইসকল লোকৰ ৷
Assam BJP internal conflict
সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজেন গোহাঁই মূর্দাবাদ ধ্বনিৰে প্ৰতিবাদ শতাধিক বিজেপি কৰ্মীৰ

সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজেন গোহাঁই মূর্দাবাদ ধ্বনিৰে প্ৰতিবাদ শতাধিক বিজেপি কৰ্মীৰ

গুৱাহাটী,২২ আগষ্ট:জ্যেষ্ঠ বিজেপি নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজেন গোহাঁইৰ শেহতীয়া মুকলি বিদ্ৰোহে কঁপাইছে বিজেপিৰ ভিতৰচ‘ৰা । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গেৰুৱা দলৰ জ্যেষ্ঠ নেতা দুগৰাকীৰ দল বিৰোধী স্থিতিক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে দলৰ একাংশ নেতা আৰু কাৰ্যকৰ্তা । বিজেপি নেতা দুগৰাকীৰ মন্তব্যৰ প্ৰতিবাদ জনাই মঙলবাৰে শতাধিক বিজেপি নেতা-কৰ্মী ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

পৌৰ নিগমৰ প্ৰাক্তন উপ মেয়ৰ সৌমেন ডেকাৰ নেতৃত্বত অহা বৃহৎ প্ৰতিবাদী সমদলে সিদ্ধাৰ্থ ভট্টাচাৰ্য মুর্দাবাদ, ৰাজেন গোহাঁই মুর্দাবাদ, হিমন্ত বিশ্ব জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে মঠঘৰীয়া । জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে ক্ষোভ উজাৰি পৌৰ নিগমৰ সৌমেন ডেকায়ে তেওঁ এজন অকৰ্মণ্য মন্ত্ৰী আছিল বুলি উল্লেখ কৰি চাৰিবাৰকৈ মন্ত্ৰী হৈ কি কৰিলে বুলি ওলোটাই প্ৰশ্ন কৰে । সুদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঙুলি তুলি কথা কোৱাৰ নৈতিক অধিকাৰ তেওঁৰ নাই বুলি ডেকাই তেওঁক ক্ষুৰধাৰ সমালোচনা কৰে ।

তেওঁ লগতে বিজেপিৰ একাংশ নেতাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে দল বিৰোধী স্থিতি লৈছে বুলি মন্তব্য কৰে । ন-পুৰণি বুলি কোনো বিষয় আহিব নোৱাৰে বুলি দাবী কৰি আগতে বিজেপিত ১০ হাজাৰ কৰ্মী আছিল আৰু এতিয়া ৪০ লাখ কৰ্মী হ’ল বুলি উল্লেখ কৰি কৰ্মী বঢ়াবলৈ হ’লে নতুন সদস্য আহিব লাগিবই কয় পৌৰ নিগমৰ প্ৰাক্তন উপ-মেয়ৰগৰাকীয়ে । তেওঁ ৰাজেন গোহাঁইৰ দৰে মানুহে দল দুৰ্বল কৰিব বুলি উল্লেখ কৰি এনে লোকে দল ত্যাগ কৰাই ভাল বুলি কয় ।

ডেকাই লগতে কয়, সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৈছে যে- বাইকত উঠাই বিমানবন্দৰত নৰেন্দ্ৰ মোডীক থ’ব গৈছিল । অৰ্থাৎ তেওঁৰ কথাত স্পষ্ট হৈছে যে তেওঁৰ দিনত বিজেপি দুৰ্বল আছিল । তেওঁৰ দিনত সদস্য কম আছিল বিজেপিত । তেওঁ বিজেপিক নেতৃত্ব দিয়াত ব্যৰ্থ হৈছিল । সিদ্ধাৰ্থ ভট্টাচাৰ্যক সকীয়াই দিছোঁ আগন্তুক সময়ত দল আৰু চৰকাৰ বিপাঙত পৰা এটা কথাও নক’ব । সিদ্ধাৰ্থ ভট্টাচাৰ্য গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ থাকোতে কোনো কাম কৰিব পৰা নাছিল । গতিকে ব্যৰ্থ মন্ত্ৰী এজনে লম্ফ-জম্ফ কৰা অধিকাৰ নাই বুলি উল্লেখ কৰি তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ লগত থকাৰ কথা স্পষ্ট কৰি দিয়ে ডেকাই ।

লগতে পঢ়ক:MLA Siddhartha Bhattacharya: BJP সভাপতিক কি কি ক্ষোভ-অসন্তুষ্টি পত্ৰযোগে জনালে সিদ্ধাৰ্থ ভট্টাচাৰ্যই ?

ABOUT THE AUTHOR

...view details