ETV Bharat / state

মূল্যবৃদ্ধি, সুৰা নীতি আৰু ক্ষুদ্ৰ চাহ বাগিচা ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী এজেৱাইচিপিৰ - Ratul Borgohain in Nalbari

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 10:06 AM IST

AJYCP General Secretary : নলবাৰীত উপস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সম্পাদক ৰাতুল বৰগোঁহাই । মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব সংগঠনটোৰ প্ৰতিবাদ । অসমৰ চাহপাত ক্ৰয় নকৰা বণিক গোষ্ঠীৰ সিদ্ধান্ত উঠাই লোৱাৰ দাবীৰে সুৰা নীতিৰ বিৰুদ্ধে নলবাৰীত প্ৰতিক্ৰিয়া ছাত্র নেতাগৰাকীৰ ।

RATUL BORGOHAIN IN NALBARI
নলবাৰীত ৰাতুল বৰগোঁহাই (Etv Bharat Assam)

নলবাৰীত ৰাতুল বৰগোঁহাই (Etv Bharat Assam)

নলবাৰী, 23 মে’: ব্যক্তিগত কাৰ্যসূচীৰে বুধবাৰে নলবাৰীত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল বৰগোঁহাই ৷ আকাশলংঘী মূল্যবৃদ্ধি, ক্ষুদ্ৰ চাহ খেতিয়কৰ দুৰ্দশা আৰু সুৰা নীতিৰ বিৰুদ্ধে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া আগবঢ়াই ছাত্ৰনেতাগৰাকীয়ে ৷

অসমত নিৰ্বাচন শেষ হোৱাৰ পিছৰে পৰা প্ৰতিটো সামগ্ৰীৰ দিনকদিনে বৃদ্ধি হোৱা মূল্যৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমজুৰি শুকুৰবাৰৰ পৰা অনশন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়ক: কিয় ভোটৰ দিনাই অশোক শৰ্মাৰ ওপৰত খড়্গহস্ত হ’ল দিলীপ শইকীয়া - LOK SABHA ELECTION 2024

অনশনৰ জৰিয়তে বৰ্ধিত মূল্য ৰোধ কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰকপত্ৰ প্ৰদান কৰিব বুলিও জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল বৰগোঁহায়ে ৷ নেতাগৰাকীয়ে এই প্ৰসংগত কয় যে, অসমত নিৰ্বাচন শেষ হোৱাৰ পিছৰে পৰা সাধাৰণ জনতাক মূল্যবৃদ্ধিৰ বোজা জাপি দি বহিঃৰাজ্যত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে অসমৰ বৰমূৰীয়াসকল ৷

লগতে পঢ়ক: ধন দাবীৰ অভিযোগত প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল - FIR Against Luit Kumar Barman

অসমৰ জনতাই কি খাইছে, কি পিন্ধিছে, কিমান দামত সদায় বস্তু ক্ৰয় কৰিবলগীয়া হৈছে, তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ ৷ এই অনশন কাৰ্যসূচীৰ পিছত যদি চৰকাৰৰ গা নলৰে, তেন্তে পৰৱৰ্তী পৰ্যায়ত ৰাইজক ৰাজপথলৈ উলিয়াই আনি ব্যাপক আন্দোলন গঢ়ি তুলিব সংগঠনটোৱে ৷

মূল্যবৃদ্ধিৰ উপৰিও অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা বিভিন্ন অজুহাতত বৃহৎ বহিৰাগত কোম্পানীয়ে চাহপাত ক্ৰয় নকৰাৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই বৰগোঁহায়ে ৷ ৰাজ্যৰ প্ৰায় 14 চাহ বাগিচাৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰাৰ সন্দৰ্ভত কয় যে, অসমৰ ক্ষুদ্ৰ চাহ বাগিচাসমূহ ধ্বংস কৰাৰ বাবে চৰকাৰৰ ষড়যন্ত্ৰ এয়া ৷ চৰকাৰক এনে নীতি অচিৰেই বন্ধ কৰিবলৈ দাবী জনায় ৰাতুল বৰগোঁহায়ে ৷ অন্যথা ইয়াৰ বিৰুদ্ধেও আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব সংগঠনটোৱে ৷

উল্লেখ্য যে, বাহিৰৰ কোম্পানীয়ে অসমৰ চাহপাতত ৰাসায়নিক দ্ৰব্য অধিক পোৱা বুলি যি গুৰুতৰ অভিযোগ উত্থাপন কৰি অসমৰ পৰা পাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া উঠাই ল’বলৈও দাবী জনায় ছাত্ৰনেতা গৰাকীয়ে ৷ যদি অসমৰ চাহপাতত ৰাসায়নিক দ্ৰব্য পোৱা গৈছে, তেন্তে প্ৰথমে পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি ইয়াক পৰীক্ষা কৰা দৰকাৰ বুলি তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক: অভিযোগ অনেক; পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক নিলম্বন - Officer Arpana Sharma Suspended

সমান্তৰালকৈ ছাত্ৰনেতা গৰাকীয়ে ৰাজ্য চৰকাৰৰ সুৰা নীতিৰ বিৰুদ্ধেও সৰৱ হৈ পৰে ৷ ৰাজ্য চৰকাৰে অসমৰ চুকে-কোণে সুৰাৰ বিপণী বহুৱাই যি ৰাজহ বৃদ্ধিৰ পৰিকল্পনা কৰিছে, তাক হঠকাৰী সিদ্ধান্ত বুলি গণ্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল বৰগোঁহায়ে ৷ অসমৰ বিদ্যালয় বন্ধ কৰি সুৰাৰ ৰাজ্য গঢ়ি তোলা মানসিকতাৰে চৰকাৰে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায় ৷

উল্লেখ্য যে, বাহিৰৰ কোম্পানীয়ে অসমৰ চাহপাতত ৰাসায়নিক দ্ৰব্য অধিক পোৱা বুলি যি গুৰুতৰ অভিযোগ উত্থাপন কৰি অসমৰ পৰা পাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া উঠাই ল’বলৈও দাবী জনায় ছাত্ৰনেতা গৰাকীয়ে ৷ যদি অসমৰ চাহপাতত ৰাসায়নিক দ্ৰব্য পোৱা গৈছে, তেন্তে প্ৰথমে পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি ইয়াক পৰীক্ষা কৰা দৰকাৰ বুলি তেওঁ মন্তব্য কৰে ৷

সমান্তৰালকৈ ছাত্ৰনেতা গৰাকীয়ে ৰাজ্য চৰকাৰৰ সুৰা নীতিৰ বিৰুদ্ধেও সৰৱ হৈ পৰে ৷ ৰাজ্য চৰকাৰে অসমৰ চুকে-কোণে সুৰাৰ বিপণী বহুৱাই যি ৰাজহ বৃদ্ধিৰ পৰিকল্পনা কৰিছে, তাক হঠকাৰী সিদ্ধান্ত বুলি গণ্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল বৰগোঁহায়ে ৷ অসমৰ বিদ্যালয় বন্ধ কৰি সুৰাৰ ৰাজ্য গঢ়ি তোলা মানসিকতাৰে চৰকাৰে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায় ৷

লগতে পঢ়ক: চক্ৰ বিষয়াক মানসিক হাৰাশাস্তিৰ অভিযোগ, নলবাৰী জিলা আয়ুক্তৰ বিৰুদ্ধে এজাহাৰ - Fir Against DC

কৌশলপূৰ্ণভাৱে বাহিৰৰ কোম্পানীয়ে অসমৰ চাহপাতত ৰাসায়নিক দ্ৰব্য অধিক পোৱা বুলি যি গুৰুতৰ অভিযোগ উত্থাপন কৰি অসমৰ পৰা পাত ক্ৰয় নকৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া উঠাই ল’বলৈও দাবী জনায় ছাত্ৰনেতা গৰাকীয়ে ৷ যদি অসমৰ চাহপাতত ৰাসায়নিক দ্ৰব্য পোৱা গৈছে, তেন্তে প্ৰথমে পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি ইয়াক পৰীক্ষা কৰা দৰকাৰ বুলি তেওঁ মন্তব্য কৰে ৷

উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক পংকজ বৰ্মনৰ পিতৃ তথা জিলাখনৰ সমাজ জীৱনৰ সৈতে জড়িত ব্যক্তি হৰেন্দ্ৰ নাথ বৰ্মনৰ বিয়োগৰ খবৰ লোৱাৰ উদ্দেশ্যে নলবাৰীত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকগৰাকী ৷

লগতে পঢ়ক: এইবাৰ হেকাৰৰ চকু বিধায়ক দিগন্ত বৰ্মনৰ ওপৰত: অশালীন ভিডিঅ’ আপলোডৰ অভিযোগ - Diganta Barman FB Page Hack

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.