চাবুৱাত নিগৰিছে ক্ৰুড অইল: অন্য এক বাঘজান কাণ্ডৰ সম্ভাৱনা - Crude oil emission in Chabua
Oil India Limited : চাবুৱাৰ অইল খাদত ক্ৰুড অইল নিগৰি ভয়ংকৰ বিপদৰ আগজাননী ৷ অইল ইণ্ডিয়াৰ অধীনষ্ঠ আসাম এয়াৰ প্ৰডাক্ট নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উঠিছে চৰকাৰী নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ ৷ শংকিত স্থানীয় ৰাইজ ৷

Published : May 23, 2024 at 10:14 AM IST
মৰাণ, 23 মে’: অইল ইণ্ডিয়া লিমিটেডে বৰ্তমান সময়ত প্ৰায়সমূহ কাম ঠিকাভিত্তিক প্ৰতিষ্ঠানৰ জৰিয়তে কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ পাছতে এটা এৰি আনটো ভয়ানক ঘটনা সংঘটিত হ'বলৈ আৰম্ভ কৰিছে ৷
২০২০ চনত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদন ক্ষেত্ৰ বাঘজানত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান জন এনাৰ্জী প্ৰাইভেট লিমিটেডে কৰা গাফিলতিৰ বাবে সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ ঠিক একেদৰে অইল ইণ্ডিয়াৰ গুৰুত্বহীনতাৰ বাবে চাবুৱাত পুনৰ এক বাঘজান কাণ্ড হোৱাৰ দিশে আগবাঢ়িছে ৷ যাক লৈ শংকিত হৈ পৰিছে স্থানীয় লোকসকল ৷
লগতে পঢ়ক: বাঘজান কাণ্ড: 11টা ক্ষতিগ্ৰস্ত পৰিয়াললৈ 20 লাখকৈ টকাৰ চেক প্ৰদান অইল ইণ্ডিয়াৰ
উল্লেখ্য যে, অইল ইণ্ডিয়া লিমিটেডৰ অসম বিৰোধী চক্ৰই দুলীয়াজান অইলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰ কৰিবলৈ বিচৰা কাৰ্যৰ সৰৱ চৰ্চা চলি থকাৰ মাজতে আন এটা বিষয়ে হতবাক কৰি তুলিছে ৰাইজক ৷ সেয়া হৈছে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ অবিবেচকহীন কাণ্ডৰ বাবে চাবুৱাস্থিত কামোহাত অইল খাদত যোৱা কেইবামাহৰ পৰা অহৰহ নিগৰি আছে ক্ৰুড অইল ৷
অভিযোগ অনুসৰি, কামোহাত অইল খাদৰ লগতে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ কেইবাটাও অইল ইণ্ডিয়াৰ পাইপ লাইনত লিকেজ হৈ বৃহৎ পৰিমাণৰ ক্ৰুড অইল আৰু প্ৰাকৃতিক গেছ নিগৰি জনবসতিপূৰ্ণ অঞ্চলসমূহলৈ কঢ়িয়াইছে ভাবুকি ৷ কামোহাত ক্ৰুড অইল আৰু প্ৰাকৃতিক গেছ নিৰ্গমনে অঞ্চলটোৰ জনসাধাৰণ, পশু-পক্ষী, কৃষিভূমিলৈ অশনি সংকেত কঢ়িয়াই আনিছে ৷ তেল নিগৰি থকা স্থানত যিকোনো মুহুৰ্ততে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰো কথা অস্বীকাৰ নকৰাকৈ থাকিব নোৱাৰি ৷
লগতে পঢ়ক: 57 টা দিনে যন্ত্ৰণাদায়ক দিন অতিবাহিত কৰিছে বাঘজানবাসীয়ে
জানিব পৰা অনুসৰি, কামোহাৰ HJC পইন্টত অইলৰ অধীনষ্ঠ আসাম এয়াৰ প্ৰডাক্ট নামৰ ব্যক্তিগত কোম্পানীটোৱে বহুবছৰ পূৰ্বৰে পৰা চোৱাচিতা কৰি আহিছে এই কাম-কাজসমূহ ৷ অসম প্ৰদূষণ ব’ৰ্ডে এই প্ৰতিষ্ঠানলৈ জাননী প্ৰেৰণ কৰি প্ৰতিষ্ঠানটোৰ CTO ৰ ম্যাদ ওকলাৰ বিষয়ে অৱগত কৰিছিল ৷ কিন্তু চৰকাৰী নীতি-নিৰ্দেশনাক কেৰেপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৷
এই কৰ্মকাণ্ডবোৰ দেখি প্ৰশ্ন উত্থাপিত হৈছে যে, অইল ইণ্ডিয়াৰ পৰা নিবিদা লাভ কৰি বিসংগতিপূৰ্ণ কামেৰে চলা প্ৰতিষ্ঠানসমূহক নাকী লগাব কোনে ?
অসম প্ৰদূষণ ব’ৰ্ডে নিৰ্দেশ দিয়াৰ পাছতো অইল ইণ্ডিয়াৰ ঠিকাদাৰী প্ৰতিষ্ঠানে ৰাইজৰ সমস্যাক গুৰুত্ব নিদিয়াক লৈ তীব্ৰ ক্ষোভ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে । তদুপৰি এই বিসংগতি আঁতৰ কৰিবলৈ ব’ৰ্ডে প্ৰতিষ্ঠানটোক বান্ধি দিছিল 15 দিনৰ সময়সীমা ৷ পিছে তাৰ কোনো ফল পোৱা পৰিলক্ষিত নহ’ল ৷
লগতে পঢ়ক: Emission Of Natural Gas: দুলীয়াজানত ভয়ংকৰ বিস্ফোৰণ হৈ নিৰ্গমন প্ৰাকৃতিক গেছ

