ETV Bharat / state

Emission of natural gas: দুলীয়াজানত ভয়ংকৰ বিস্ফোৰণ হৈ নিৰ্গমন প্ৰাকৃতিক গেছ

বাঘজান কাণ্ড পুনৰাবৃত্তি হোৱাৰ দিশে দুলীয়াজান । দুলীয়াজানৰ অইল ইণ্ডিয়াৰ ৬৭ নং তেল খাদত ভয়াৱহ ভাৱে প্ৰাকৃতিক গেছ নিৰ্গমন । অগ্নিকাণ্ডৰ ভয়ত লঘোণে সময় পাৰ কৰিছে স্থানীয় ৰাইজে ।

Mysterious natural gas leakage
অইল ইণ্ডিয়াৰ ৬৭ নং তেল খাদত ভয়ংকৰ বিস্ফোৰণ
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 5:04 PM IST

অইল ইণ্ডিয়াৰ ৬৭ নং তেল খাদত ভয়ংকৰ বিস্ফোৰণ

মৰাণ, ১৮ অক্টোবৰ: দুৰ্গা পূজাৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে নিশা দুলীয়াজানৰ অইল ইণ্ডিয়াৰ ৬৭ নং তেল খাদত ভয়ংকৰ বিস্ফোৰণ ঘটাৰ পাছতেই নিৰ্গমন হৈছে প্ৰাকৃতিক গেছ । পুৰণি দিৰিয়েল চাহ বাগিচাৰ লাইনৰ নিচেই কাষত পৰিত্যক্ত অৱস্থাত থকা অইল ইণ্ডিয়া লিমিটেডৰ ৬৭ নম্বৰ তেল খাদটোত সংঘটিত হোৱা এই ঘটনাক লৈ দুলীয়াজানত আতংকময় পৰিৱশ সৃষ্টি হৈছে । দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ থকা তেল খাদটোত এই বিস্ফোৰণ সংঘটিত হোৱাত যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিকাণ্ড হোৱাৰ সম্ভাৱনা থকাত দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজক ঘৰত জুই জ্বলোৱাত বাধা আৰোপ কৰিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ।

ইতিমধ্যে অঞ্চলটোৰ বহুলোকে ঘৰ বাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । ঘৰত জুই জলাব নোৱাৰাত নিশাৰে পৰা লঘোণে ভোকে সময় পাৰ কৰিবলগা হৈছে অঞ্চলটোৰ ৰাইজে । অইল ইণ্ডিয়া লিমিটেডৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, অগ্নি নির্বাপক বাহিনী, বিভাগীয় বিশেষজ্ঞ, স্থানীয় প্ৰশাসনিক বিষয়া ঘটনাস্থলীত অৱস্থান কৰি গেছ নিৰ্গমণ বন্ধ কৰাৰ চেষ্টা চলাইছে যদিও বিশেষ সফল হ'ব পৰা নাই । পুৱতি নিশা পৰিস্থিতি কিছু নিয়ন্ত্ৰনলৈ আহিছিল যদিও পুনৰ ভয়ংকৰ ৰূপ লৈছে গেছ নিৰ্গমনে ।

স্থানীয় ৰাইজৰ অভিযোগ পৰিত্যক্ত অৱস্থাত থকা অইল ইণ্ডিয়া লিমিটেডৰ ৬৭ নম্বৰ তেল খাদটোত নিৰাপত্তাৰ কোনো ধৰণৰ ব্যৱস্থা নকৰাত এই ঘটনা সংঘটিত হৈছে । অইল ইণ্ডিয়া কৰ্তৃপক্ষই নিয়ন্ত্ৰণৰ চেষ্টা কৰি থকা বুলি জানিবলৈ দিছে যদিও যদিহে আজি নিয়ন্ত্ৰনলৈ নাহে তেতিযা পুনৰ যেন বাঘজান কাণ্ড সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে ।

লগতে পঢ়ক:Durga Puja 2023 : ৯০ সংখ্যক বৰমা বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা মহোৎসৱ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.