ETV Bharat / state

57 টা দিনে যন্ত্ৰণাদায়ক দিন অতিবাহিত কৰিছে বাঘজানবাসীয়ে

author img

By

Published : Jul 23, 2020, 7:13 PM IST

বাঘজান কাণ্ড
বাঘজান কাণ্ড

দুমাহ অতিক্ৰমৰ দিশে বাঘজান কাণ্ড ৷ আশ্ৰয় শিবিৰত যন্ত্ৰণাদায়ক দিন কটাইছে ভুক্তভোগী লোকসকলে ৷ কিন্তু এতিয়াও যেন চৰকাৰ তথা অইল কৰ্তৃপক্ষৰ দ্বাৰা অৱহেলিত হৈ ৰৈছে ভুক্তভোগী লোকসকল ৷

ডুমডুমা, 23 জুলাই: 57 টা দিন অতিক্ৰম বাঘজান কাণ্ডৰ ৷ বিগত 9 জুনত ভয়ংকৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছিল 27 মে'ৰ পৰা অহৰত গেছ নিৰ্গত হৈ থকা বাঘজানৰ বি.জি.আৰ-৫নং তৈলখাদত ৷ যাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল তৈলখাদটোৰ নিকটৱৰ্তী লোকসকল ৷ সেই অগ্নিকাণ্ডত মৃত্যুক সাৱটি লৈছিল দুগৰাকীকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ৷ গৃহহাৰা হৈ পৰিছিল বহু লোক ৷ যাৰ বাবে প্ৰাণৰ সংকটত তেওঁলোকে আহি থিতাপি ল'বলগীয়া হৈছিল আশ্ৰয় শিবিৰত ৷ কিন্তু আশ্ৰয় শিবিৰতো কোনো উচিত ব্যৱস্থাপনা নাপালে অগ্নিকাণ্ডৰ ফলত নিজৰ সৰ্বস্ব হেৰুৱাই পেলোৱা বহু ভুক্তভোগী ৰাইজে ৷ অতি যন্ত্ৰণাদায়কভাৱে তেওঁলোকে কটাবলগীয়া হৈছে দিনবোৰ ৷ উল্লেখ্য যে সম্প্ৰতি মানসিক যন্ত্ৰণাকে ধৰি স্মৃতিশক্তি হ্ৰাস,স্বাস-প্ৰশ্বাসজনিত সমস্যা,মূৰৰ বিষ ইত্যাদি ৰোগত ভুগিবলৈ আৰম্ভ কৰিছে ভুক্তভোগী লোকসকল ৷ আনকি কিছুদিন পূৰ্বে মানসিক চাপত ভুগি শুক্লেশ্বৰ নেওগ নামৰ লোক এগৰাকীয়ে বাছি লৈছিল আত্মহননৰ পথ ৷

57 টা দিনে যন্ত্ৰণাদায়ক দিন অতিবাহিত কৰিছে বাঘজানবাসীয়ে

কিন্তু আজি পৰ্যন্ত বাঘজানৰ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুকে ধৰি কোনো লোকৰ বাবেই ব্যৱস্থা গ্ৰহণ নকৰিলে অসম চৰকাৰৰ লগতে ,অইল কৰ্তৃপক্ষই ৷ এনে ৰোগবোৰ দিনক দিনে বাঢ়ি অহাৰ লগতে ভুঁইকপৰ দৰে জোকাৰণি আৰু কিছুমান বিকট শব্দৰ প্ৰভাৱ পৰিছে বুলি জানিব পৰা গৈছে বৃহত্তৰ অঞ্চলটোত ৷ যিয়ে বহু সমস্যাৰ সৃষ্টি কৰিছে আশ্ৰয় শিবিৰত থকা লোক সকলৰ মাজত ৷ যাৰ বাবে স্থানীয় লোকে এই ক্ষেত্ৰত অতি শীঘ্ৰেই কোনো বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় অসম চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষক ৷ বিশেষকৈ লোকসকলৰ স্বাস্থ্য ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোনো বিশেষজ্ঞৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে ভুক্তভাগী লোকসকলে ৷

লগতে পঢ়ক: বান বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দিশহাৰা বন্যপ্ৰাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.