ETV Bharat / state

বাঘজান কাণ্ড: 11টা ক্ষতিগ্ৰস্ত পৰিয়াললৈ 20 লাখকৈ টকাৰ চেক প্ৰদান অইল ইণ্ডিয়াৰ

বাঘজানৰ বিস্ফোৰণত তৈলখাদৰ একেবাৰে নিকটৱৰ্তী তথা অগ্নিকাণ্ডত গৃহহাৰা হোৱা 11 টাকৈ পৰিয়ালক শনিবাৰে, 20 লাখকৈ টকাৰ চেক প্ৰদান কৰে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷

বাঘজান কাণ্ড
বাঘজান কাণ্ড
author img

By

Published : Jul 18, 2020, 5:29 PM IST

তিনিচুকীয়া, 18 জুলাই: 9 জুনত তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰত হোৱা বিস্ফোৰণৰ ফলত সংঘটিত হৈছিল অগ্নিকাণ্ড ৷ তৈলক্ষেত্ৰখনৰ 5 নং খাদত বিগত 26 মে’ৰ পৰা হৈ থকা অহৰহ গেছ নিৰ্গমণৰ অন্তত অগ্নিকুণ্ডলৈ পৰিণত হয় বাঘজান ৷ যাৰ ফলত এক হাহাকাৰ পৰস্থিতিয়ে বিৰাজ কৰিছিল স্থানীয় বাসিন্দা সকলৰ মাজত ৷ গৃহহাৰা হৈছিল বহু পৰিয়াল ৷

ক্ষতিগ্ৰস্ত 11টা পৰিয়ালৰ তালিকা
ক্ষতিগ্ৰস্ত 11টা পৰিয়ালৰ তালিকা

শনিবাৰে বাঘজানৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা 11 টা পৰিয়ালক ক্ষতিপূৰণ দিলে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷ তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মন্ত্ৰী সঞ্জয় কিষাণ, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত অইল কৰ্তৃপক্ষই 11 টা পৰিয়ালক প্ৰদান কৰিলে 20 লাখ টকাৰ চেক ৷ তৈলখাদৰ একেবাৰে নিকটৱৰ্তী তথা অগ্নিকাণ্ডত গৃহহাৰা হোৱা পৰিয়ালকেইটাক 20 লাক টকাকৈ মুঠ 220 লাখ টকা প্ৰদান কৰিলে অইল ইণ্ডিয়া লিমিটেডে ৷ আনহাতে অন্যান্য কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা লোক সকলকো অতি শীঘ্ৰেই ক্ষতিপূৰণ দিয়া হ'ব বুলি জানিবলৈ দিয়ে অইল কৰ্তৃপক্ষই ৷

11টা ক্ষতিগ্ৰস্ত পৰিয়াললৈ 20 লাখকৈ টকাৰ চেক প্ৰদান অইল ইণ্ডিয়াৰ

লগতে পঢ়ক: দিহিং-পাটকাইৰ অবৈধ কয়লা খননৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.