ETV Bharat / state

দিহিং-পাটকাইৰ অবৈধ কয়লা খননৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jul 18, 2020, 4:02 PM IST

Sarbananda Sonowal
মুখ্যমন্ত্ৰী

শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০০৩ চনৰ পৰা দিহিং-পাটকাইত বৈধ অথবা অবৈধভাৱে চলি থকা সকলো ধৰণৰ খননৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।

গুৱাহাটী, ১৮ জুলাইঃ দিহিং-পাটকাইত চলি থকা কয়লাৰ মুক্ত খনন সন্দৰ্ভত তদন্তৰ নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৷ শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০০৩ চনৰ পৰা দিহিং-পাটকাইত বৈধ অথবা অবৈধভাৱে চলি থকা সকলো ধৰণৰ খননৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে । উল্লেখ্য যে, সুদীৰ্ঘ সময় ধৰি ৰাজ্যবাসীৰ লগতে বিভিন্ন দল-সংগঠনে বৰ্ষাৰণ্যখনত চলি থকা কয়লাৰ অবৈধ খননৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি আহিছে যদিও এই ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল ৷

লগতে পঢ়কঃ জম্মু-কাশ্মীৰত ক’ভিড-19 ত মৃত্যু গহপুৰৰ চিআৰপিএফ জোৱান

কিন্তু শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ কাৰ্যালয়ত দিহিং পাটকাই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰাজেন্দ্ৰ প্ৰসাদ কটকীক চৰকাৰে এই তদন্তৰ গুৰুদায়িত্ব অৰ্পণ কৰা বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.