ETV Bharat / state

MLA Siddhartha Bhattacharya: BJP সভাপতিক কি কি ক্ষোভ-অসন্তুষ্টি পত্ৰযোগে জনালে সিদ্ধাৰ্থ ভট্টাচাৰ্যই ?

author img

By

Published : Aug 16, 2023, 8:36 PM IST

ৰাজ্যিক বিজেপিৰ সভাপতিলৈ প্ৰাক্তন মন্ত্ৰী তথা পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ক্ষোভ ভৰা পত্ৰ । দলৰ ভিতৰতে বহু জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ বিস্ফোৰক অভিযোগ ভট্টাচাৰ্যৰ ।
Letter from Siddhartha Bhattacharya to Bhabesh Kalita
BJP সভাপতি ভৱেশ কলিতালৈ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্ৰ

গুৱাহাটী, ১৬ আগষ্ট: ৰাজ্যৰ বহু জ্যেষ্ঠ বিজেপি কৰ্মীৰ বিৰুদ্ধে দলৰ ভিতৰতে বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰা হৈছে নেকি ? প্ৰসংগ: ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যা ৷ বিজেপি সভাপতি ভৱেশ কলিতালৈ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী আৰু বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ক্ষোভ-অসন্তুষ্টি ভৰা পত্ৰৰে বিস্ফোৰণ ৷

Letter from Siddhartha Bhattacharya to Bhabesh Kalita
BJP সভাপতি ভৱেশ কলিতালৈ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্ৰ
Letter from Siddhartha Bhattacharya to Bhabesh Kalita
BJP সভাপতি ভৱেশ কলিতালৈ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্ৰ

বিজেপিৰ এগৰাকী সক্ৰিয় নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ সৈতে জড়িত চাকৰিৰ নামত দালালী-বিশাল ধনৰ লেন-দেনৰ তথ্য, বিতৰ্কিত টেলিফোনিক বাৰ্তালাপত প্ৰাক্তন মন্ত্ৰীৰ নাম, ব্লেকমেইলিঙ আদি প্ৰসংগই বাৰুকৈয়ে জোকাৰণি তুলিছে ৰাজ্যিক বিজেপিৰ অভ্যন্তৰত । অস্বস্তিত পেলাইছে বিজেপিক ৷ আনকি ৮ টাকৈ মৰ্চাক বশিষ্ঠৰ বাজপেয়ী ভৱনলৈ মাতি আনি জৰুৰী সভা পাতি তৰণি পোৱা নাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ মূল কাৰণ—ফটো ভাইৰেল হোৱা প্ৰসংগত নাম সাঙোৰ খাই পৰে জ্যেষ্ঠ বিজেপি নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷ এই লৈ ক্ষোভিত হৈ পৰিছে সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ এই প্ৰসংগত যথেষ্ঠ অসন্তুষ্টি আৰু ক্ষোভ প্ৰকাশেৰে এখন পত্ৰ লিখে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতালৈ ।

পত্ৰযোগে বিজেপিত এতিয়া পাবত গজা নেতা-কৰ্মীয়ে কৰা দুষ্কাৰ্যৰ ইতি পেলাবলৈ ভৱেশ কলিতাক আহ্বান ভট্টাচাৰ্যৰ । দলীয় তদন্তৰে দোষীৰ শাস্তি দাবী কৰিলে প্ৰাক্তন ৰাজ্যিক সভাপতিগৰাকীয়ে । লগতে অভিযোগ উত্থাপন কৰিলে তেওঁৰ দৰে বহু জ্যেষ্ঠ বিজেপি কৰ্মীৰ বিৰুদ্ধে দলৰ ভিতৰতে বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰাৰ ৷

চিঠিখনৰ আৰম্ভণিতে “মহোদয়,নমস্কাৰ গ্ৰহণ কৰিব। এটা বিশেষ বিষয় আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। বিগত কিছুদিন ধৰি সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত এক স্পর্শকাতৰ বিষয়ত মোক যুক্ত কৰি বিভিন্ন মন্তব্য প্রকাশ পাইছে। দলটোৰ এগৰাকী কৰ্মীৰ আত্মহত্যা সন্দৰ্ভত ৰহস্যজনকভাৱে মোৰ নাম বাৰম্বাৰ উল্লেখ কৰি থকা হৈছে। একাংশ লোকৰ টেলিফোনিক কথোপকথনত মোৰ নাম উল্লেখ কৰাক লৈ বিভিন্ন প্রশ্ন উত্থাপন হৈছে।"- বুলি উল্লেখ কৰে ।

ইয়াৰ পাছতেই তেওঁ পত্ৰখনত তেওঁৰ বিৰুদ্ধে দলৰ ভিতৰচ'ৰাতে তেওঁক বলিৰ পঠা সজাবলৈ চেষ্টা কৰি চলা গভীৰ ষড়যন্ত্ৰৰ কথা উল্লেখ কৰি লিখে, "এই দুর্ভাগ্যজনক তথা দুখজনক কাণ্ড সংঘটিত হোৱাৰ কাৰণ হৈছে দলৰ একাংশ কর্মীয়ে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল আৰু পিছলৈ চাকৰি দিব নোৱাৰাৰ বাবে সেই ধন চাকৰি প্ৰত্যাশীয়ে ঘূৰাই বিচাৰিছিল। ধন ঘূৰাই বিচৰাসকলৰ একাংশই প্রয়াত মহিলাগৰাকীৰ এখন আপত্তিজনক অন্তৰংগ মুহূৰ্তৰ ফটো ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল। প্ৰয়াত মহিলাগৰাকীৰ সৈতে ৰিয়া নামৰ এগৰাকী মহিলা আৰু দ্বীবন ডেকা নামৰ ব্যক্তিৰে সমগ্ৰ ঘটনাটো গাপ দিবলৈ আৰু নিজকে নিৰ্দোষী সজাবলৈ এক ষড়যন্ত্ৰ ৰচনা কৰিছিল। এই ষড়যন্ত্ৰ ফাদিল হয় এটা বিশেষ অডিঅ' ফোনকলৰ জৰিয়তে। ফোনকলৰ বাৰ্তালাপত মোক অনাহকত টানি আনি বলিৰ পঠা সজাই ঘটনাটো অন্য ৰূপ দিবলৈ কৰা অপচেষ্টা প্ৰকাশ পাইছে।"

"স্পষ্টভাবে ৰিয়া নামৰ মহিলাগৰাকীয়ে টেলিফোনিক বার্তালাপত কৈছে— 'আমি সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ মূৰত কঁঠাল ভাঙিব লাগিব।' দলটোৰ প্ৰাৰম্ভিক বেয়া সময়ৰ পৰা আজি পর্যন্ত দলৰ স্বাৰ্থত নিঃস্বাৰ্থভাবে সেৱা আগবঢ়াই আহিছোঁ। বিভিন্ন সময়ত দলে বিভিন্ন দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিছিল। দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্বও নিষ্ঠাসহকাৰে গ্ৰহণ কৰিছিলোঁ । এগৰাকী অধিবক্তা হিচাবে National Legal Cellৰ Co-convenerৰ দায়িত্ব পালন কৰিছিলোঁ। দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰৰ দায়িত্বও মই গ্ৰহণ কৰিছিলোঁ । দুবাৰকৈ পূব গুৱাহাটী সমষ্টিৰ বিধায়কৰ গুৰুদায়িত্বও মই পালন কৰি আহিছোঁ । সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ সদস্যও মই আছিলোঁ । এনেবোৰ বিভিন্ন দায়িত্ব গ্ৰহণ কৰি মই কেবল আৰু কেৱল মাথোঁ সমাজ আৰু দলৰ স্বাৰ্থতে কাম কৰি আহিছোঁ । " - এইদৰে দলৰ প্ৰতি আগবঢ়োৱা নিজৰ অৰিহণাৰ কথা পত্ৰযোগে ভৱেশ কলিতাক সোঁৱৰাই দিলে ভট্টাচাৰ্যই ।

লগতে উল্লেখ কৰিলে বিগত কেইবাবছৰ ধৰি দলৰ ভিতৰতে এলাগী হৈ অহাৰ কথা - "কিন্তু বিগত কেইবছৰমান ধৰি মন কৰিছোঁ যে, দলৰ কোনো বিশেষ দায়িত্ব আমাক দিয়া হোৱা নাই । সেই লৈ মোৰ কোনো আক্ষেপো নাই । হয়তো আমাতকৈ যোগ্যজনক তেনেসমূহ দায়িত্ব অর্পণ কৰা হৈছে । ইয়াৰ পিছতো পূৰ্বৰ দৰে দলৰ স্বাৰ্থত সক্ৰিয়তাৰে দায়িত্ব পালন কৰি আহিছোঁ । দলৰ কোনো কামত হোঁহোঁকা-পিছলা কৰাৰ নজিৰ নাই ।"

অতি দুখেৰে প্ৰাক্তন সভাপতিগৰাকীয়ে বহু জ্যেষ্ঠ বিজেপি কৰ্মীৰ বিৰুদ্ধে দলৰ মজিয়াতে বিভিন্ন ষড়যন্ত্ৰ ৰচিত হৈ অহাৰ বিস্ফোৰক অভিযোগেৰে বৰ্তমানৰ সভাপতিলৈ লিখিলে, "কিন্তু দুখজনক বিষয় এয়ে যে, মোৰ দৰে বহু জ্যেষ্ঠ বিজেপি কৰ্মীৰ বিৰুদ্ধে দলৰ মজিয়াতে বিভিন্ন ষড়যন্ত্ৰ ৰচা হৈছে । দলৰ নীতি-আদৰ্শৰ সৈতে জীণ যাব নোৱাৰা একাংশ পাবত গজা তথাকথিত বিজেপি কৰ্মীৰ দ্বাৰা এনেবোৰ কাৰ্য সংঘটিত হৈ আহিছে । শেহতীয়াভাৱে মোৰ নাম সাঙোৰ খোৱা কাণ্ডটোৰ সৈতেও এনে একাংশ বিজেপি কৰ্মী জড়িত হৈ আছে ।"

পত্ৰখনৰ শেষত তদন্তৰ দাবী কৰি উচিত প্ৰমাণ পালে তেওঁৰ বিৰুদ্ধেও উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় । তেওঁ লিখিছে, "বিজেপিৰ নীতি-আদৰ্শৰে ৰাজনীতি কৰা মোৰ দৰে কোনো ব্যক্তিয়েই এনে নিকৃষ্ট কাণ্ডৰে জড়িত হ’ব নোৱাৰে এয়া মাথোঁ দলৰ নিষ্ঠাবান কৰ্মী তথা জ্যেষ্ঠ পুৰণি কৰ্মীক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ অংশবিশেষ । মহোদয়ক ম‍ই অনুৰোধ জনাওঁ যাতে ম‍ই উল্লেখ কৰা এই কাণ্ডৰ উচিত তদন্ত হওক। বিষয়টোৰ সৈতে জড়িত ব্যক্তিক উচিত শাস্তি প্ৰদান কৰা হওক। যদি এই কাণ্ডৰে তিলমানো মই জড়িত থকাৰ প্ৰমাণ পায় তেনেহ'লে দলে মোৰ ওপৰতো উপযুক্ত শাস্তিৰ বিধান তৈয়াৰ কৰক। সমান্তৰালভাবে, দলৰ মজিয়াত চলি থকা এনেবোৰ নিকৃষ্ট কামৰ ইতি পেলাবলৈ আপুনি সভাপতি হিচাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰক। বিষয়টোৰ গুৰুত্ব বুজি দল তথা চৰকাৰৰ ভাবমূর্তি লাঘৱ নোহোৱাৰ স্বাৰ্থত উপযুক্ত পদক্ষেপ গ্রহণ কৰিব বুলি আশা ৰাখিলোঁ। "

লগতে পঢ়ক: Athlete needs financial aid :হ'ব নে বোকাৰ পদুম প্ৰমিলাৰ সপোন পূৰণ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.