অসম

assam

Assam Sahitya Sabha Election 2022: অসম সাহিত্য সভাৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ

By

Published : Oct 12, 2022, 8:33 PM IST

Updated : Oct 12, 2022, 8:47 PM IST

বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সভাপতি কুলধৰ শইকীয়াই (Assam Sahitya Sabha president Kuladhar Saikia) কয় যে অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে (Assam Sahitya Sabha Election 2022) ।

Sahitya Sabha
অসম সাহিত্য সভাৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ

গুৱাহাটী, ১২ অক্টোবৰ :বুধবাৰৰ পৰা বলৱৎ হৈছে অসম সাহিত্য সভাৰ নিৰ্বাচনী বিধি-ব্যৱস্থা (Election rules of Assam Sahitya Sabha) । আজিৰে পৰা কোনোধৰণৰ প্ৰচাৰ কাৰ্যসূচী চলাব নোৱাৰিব প্ৰাৰ্থীয়ে । ১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব আৰু তাৰ ওপৰত কিবা ওজৰ-আপত্তি থাকিলে গ্ৰহণ কৰা হ'ব ।

বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই (Assam Sahitya Sabha president Kuladhar Saikia) সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে । সংবাদমেলত তেওঁ কয় যে অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে (Assam Sahitya Sabha Election 2022) ।

১৬ৰ পৰা ১৮ অক্টোবৰৰ ভিতৰত আপত্তি নিষ্পত্তিকৰণ আৰু চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব । ২০-২২ অক্টোবৰৰ ভিতৰত নিজৰ মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিব লাগিব প্ৰাৰ্থীসকলে । যোৰহাটস্থিত মুখ্য কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব এই মনোনয়ন-পত্ৰ । আনহাতে, প্ৰতিখন মনোনয়ন-পত্ৰৰ বাবদ ১০০০ টকাৰ চেক জমা দিব লাগিব । এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ নিৰ্বাচন সম্পৰ্কীয় নিয়ম, ২০১৮ বলৱৎ হ'ব ।

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া

প্ৰাৰ্থীসকলে ২৬-২৭ অক্টোবৰত দাখিল কৰিব লাগিব মনোনয়ন-পত্ৰ । আনহাতে, যদি কোনো প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰিব বিচাৰে তেন্তে তেওঁ ২৮ অক্টোবৰত দিনৰ ১১ বজাৰ পৰা ৫ বজাৰ ভিতৰত মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব । ২ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ হ'ব ভোটদান প্ৰক্ৰিয়া । ভোটৰ বাকচ মেঘদূত ভৱনত সংস্থাপিত কৰা হ'ব । ৫ ডিচেম্বৰত ভোটৰ বাকচ বন্ধ হ'ব ।

উল্লেখ্য, মেঘদূত ভৱনত পাণবজাৰ আৰক্ষীৰ নিৰাপত্তাত ৰখা হ'ব ভোটৰ বাকচ । উল্লেখ্য, নলবাৰীত অনুষ্ঠিত হ'বলগীয়া সপ্তম কাৰ্যনিৰ্বাহকতেই হ'ব ভোট গণনা । অৱশ্যে বর্তমানলৈকে ভোট গণনাৰ তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই বুলিও সাহিত্য সভাৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰে ।

লগতে পঢ়ক :MLA Akhil Gogoi: বিজেপিৰ বিধায়কে কয়লা ছিণ্ডিকেট চলাই থকাৰ অভিযোগ অখিল গগৈৰ

Last Updated :Oct 12, 2022, 8:47 PM IST

ABOUT THE AUTHOR

...view details