ETV Bharat / state

MLA Akhil Gogoi: বিজেপিৰ বিধায়কে কয়লা ছিণ্ডিকেট চলাই থকাৰ অভিযোগ অখিল গগৈৰ

author img

By

Published : Oct 12, 2022, 5:39 PM IST

ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰৰ দিনত অসমত ব্যাপক হাৰত চলিছে ছিণ্ডিকেটৰাজ (Coal syndicate in Assam) ৷ বিজেপি বিধায়ক কৃষ্ণেন্দু পাল, কৌশিক ৰয়, ভাস্কৰ শৰ্মা আৰু বলিন চেতিয়া আদিয়ে কয়লাৰ চিণ্ডিকেট চলোৱাৰ অভিযোগ অখিল গগৈৰ । আনহাতে আৱাহন থিয়েটাৰৰ বিতৰ্কিত নাটক ‘লভিতা’ৰ প্ৰদৰ্শনী বন্ধ কৰাৰ দাবী অখিল গগৈৰ ৷

MLA Akhil Gogoi
বিজেপিৰ বিধায়কে কয়লা ছিণ্ডিকেট চলাই থকাৰ অভিযোগ অখিল গগৈৰ

গুৱাহাটী, ১২ অক্টোবৰ: ৰাজ্যত অবাধে চলি থকা কয়লা আৰু চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ । বুধবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সংম্বোধন কৰি বিধায়ক অখিল গগৈয়ে কয় যে, ছিণ্ডিকেটৰাজে ব্যাপক ক্ষতি কৰিছে অসমৰ ৰাইজক ।

ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনত অসমত ব্যাপক হাৰত কয়লা, মাছ, চুপাৰি, কণী আদিৰ ছিণ্ডিকেট চলি থকা বুলি মন্তব্য কৰে অখিল গগৈয়ে (MLA Akhil Gogoi)। কয়লা ছিণ্ডিকেটৰ বাবে অসমত অত্যাধিক হাৰত ইটাৰ দাম বৃদ্ধি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ছিণ্ডিকেটৰ বাবে এটা ইটাৰ দাম ১৪ টকা পৰ্যন্ত হৈছেগৈ । লগতে তেওঁ কয়, কয়লা ছিণ্ডিকেটৰ বাবেই অসমৰ চাহ উদ্যোগত প্ৰভাৱ পৰিছে (Coal syndicate in Assam)। যাৰবাবে চাহ উৎপাদনত অত্যাধিক খৰচ হৈছে ।

ইফালে যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা বৰাকত কয়লা ছিণ্ডিকেট আৰম্ভ হোৱাৰ কথা সদৰী কৰি বৰাকৰ কয়লা ছিণ্ডিকেটৰ নেতৃত্বত বিধায়ক কৃষ্ণেন্দু পাল(MLA Krishnendu Paul) আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰয়(MLA Kaushik Roy) থকা বুলি মন্তব্য কৰে অখিল গগৈয়ে । দিছপুৰৰ ছত্ৰছায়াত ছিণ্ডিকেট চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি বিধায়ক অখিল গগৈয়ে ১২ চকীয়া ট্ৰাকত ১ লাখ টকা, ১৬ চকীয়া ট্ৰাকত ১ লাখ ৩০ হাজাৰ টকা পৰ্যন্ত স্থানীয় বিধায়কে লোৱাৰো অভিযোগ উত্থাপন কৰে । লিডু আৰু মাৰ্ঘেৰিটাৰ কয়লাতো ব্যাপক ছিণ্ডিকেট চলি থকাৰ তথ্য বিধায়কগৰাকীয়ে দাঙি ধৰে ।

তেওঁ কয়, ‘‘দিহিং পাটকাই অভয়াৰণ্য(Dihing Patkai National Park) ভিতৰত আৰু পাটকাই পাহাৰৰ ভিতৰত ইতিমধ্যে ২০০ খন ফকলেন সোমাই অবৈধভাৱে খনন কাৰ্য চলাই আছে । এই কয়লাখিনি প্ৰায় ২০০ খন ডাম্পাৰ আৰু ৫০০ খন ডি আই বাহনে আনি অবৈধ কয়লাখিনি ষ্টপ পইন্টত জমা কৰে । ইয়াৰ পাছত ডাঙৰ ডাঙৰ ট্ৰাকে লৈ যায় । অবৈধভাৱে কয়লাখনন কাৰ্যৰ জৰিয়তে দৈনিক ১২ শ টনতকৈ অধিক কয়লা সংগ্ৰহ কৰি আছে ’’। এই কয়লাৰ ছিণ্ডিকেটৰ নেতৃত্বত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া থকা বুলি ব্যক্ত কৰে অখিল গগৈয়ে । সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক পাটকাই পাহাৰৰ ধ্বংসযজ্ঞ বন্ধ কৰিবলৈ দাবী জনায় অখিল গগৈয়ে (Deforestation in Dehing Patkai)।

চুপাৰি ছিণ্ডিকেটৰ সন্দৰ্ভত অখিল গগৈয়ে কয়, ‘‘কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে অসমলৈ ম্যানমাৰৰ চুপাৰি সৰবৰাহ বন্ধ কৰি থৈছে যদিও এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব চৰকাৰৰ দিনত সৰবৰাহ হৈ আছে ম্যানমাৰৰ চুপাৰি । সেই হিচাপত দৈনিক ১৫ ৰ পৰা ২০ খন চুপাৰিভৰ্তি ট্ৰাক অসমলৈ সৰবৰাহ হয় । বিধায়কগৰাকীয়ে লগতে কয়, অসমৰ থলুৱা চুপাৰিৰ ওপৰতো চলি আছে ছিণ্ডিকেট । থলুৱা চুপাৰিৰ এখন ১৬ চকীয়া ট্ৰাকৰ পৰা ছিণ্ডিকেত চক্ৰই সংগ্ৰহ কৰে ৯ লাখকৈ টকা । ৰাজ্যৰ ৬ খন টোলগেটে এই চুপাৰিৰ ছিণ্ডিকেটটোত পূৰ্ণ সহযোগত চলি থকাৰ অভিযোগ তোলে অখিল গগৈয়ে’’ ।

বিজেপিৰ বিধায়কে কয়লা ছিণ্ডিকেট চলাই থকাৰ অভিযোগ অখিল গগৈৰ

মহন্ত উপাধিৰ এজন ব্যক্তিয়ে এই ৬ খন টোলগেটৰ জৰিয়তে ছিণ্ডিকেটটো চলাই থকাৰো অভিযোগ তোলে বিধায়ক অখিল গগৈয়ে । লভিতা নাটকৰ বিতৰ্কক(Lobhita drama controversy) লৈও অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ লভিতা নাটক আজিৰে পৰাই বন্ধ কৰাৰ দাবী জনায় বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীয়ে কয়, ‘‘ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৱালাৰ লভিতা নাটক চুৰি কৰিছে নাট্যকাৰ অভিজিৎ ভট্ৰাচাৰ্য তথা আৱাহন থিয়েটাৰে ।

লভিতা হ'ল অসমীয়া জাতিৰ এটা নিৰ্দিষ্ট সময়ৰ নিৰ্দিষ্ট মতাদৰ্শৰ প্ৰতিফলন । আৱাহন থিয়েটাৰৰ লভিতাক নকল লভিতা আখ্যা দি অখিল গগৈয়ে জ্যোতি প্ৰসাদ আগৰৱালাৰ নাটক নকল কৰাজনক জাতীয় শত্ৰু হিচাবে মানি লোৱা হ'ব’’ ৷ আৱাহন থিয়েটাৰ কৰ্তৃপক্ষই লভিতা নামৰ নাটখন বন্ধ নকৰিলে যিকোনো সময়ত প্ৰতিবাদত বহিবলৈ বাধ্য হ’ব বুলি জানিবলৈ দিয়ে বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক: MP Pabitra Margherita: অখিল গগৈয়ে অৰ্কিড উদ্যানৰ মাটিৰ কিস্তি দিয়া নাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.