অসম

assam

Manipur crisis update: মণিপুৰত আৱদ্ধ অসমীয়া লোকৰ বাবে দুটা হেল্পলাইন নম্বৰ মুকলি

By

Published : May 8, 2023, 7:59 PM IST

অশান্ত জৰ্জৰ মণিপুৰত আৱদ্ধ অসমৰ লোকৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিলে দুটাকৈ হেল্পলাইন নম্বৰ (Two helpline numbers open for Manipur) । অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সংবাদমেল যোগে জনালে এই কথা । দেওবাৰে ৫৫ জন আৰু সোমবাৰে ৪৫ জন লোকক অসমলৈ পঠিওৱাৰ ব্যৱস্থা কৰে অসম আৰক্ষীৰ এটা চাৰিজনীয়া দলে ।

Two helpline numbers open for Manipur
মণিপুৰৰ বাবে দুটা হেল্পলাইন নম্বৰ মুকলি

মণিপুৰত আৱদ্ধ অসমীয়া লোকৰ বাবে দুটা হেল্পলাইন নম্বৰ মুকলি

গুৱাহাটী,৮ মে':মণিপুৰত বাহৰ পাতিছে অসম আৰক্ষীৰ এটা চাৰিজনীয়া দলে(Aerial surveillance in Manipur) । যোৱা তিনিদিন ধৰি IPS অখিলেশ সিঙৰ নেতৃত্বত যোৱা দলটোৱে দেওবাৰে মণিপুৰৰ পৰা ৫৫ জন অসমৰ লোক উদ্ধাৰ কৰি পঠোৱাৰ লগতে সোমবাৰে প্ৰায় ৪৫ জনক লোকক অসমলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে । মণিপুৰত থকা অসমৰ যি সকল লোক উভতি আহিব বিচাৰিছে সেইসকলক অসমলৈ উভতি অহাৰ ব্যৱস্থা কৰি দিছে আৰক্ষীয়ে (Communal conflict in Manipur) ।

ইতিমধ্যে দুটাকৈ হেল্পলাইন নম্বৰ আৰক্ষীয়ে মুকলি কৰিছে (Two helpline numbers open for Manipur) । 1079 আৰু 1070 এই দুটা নম্বৰত যিসকল লোকে উভতি আহিব বিচাৰিছে তেওঁলোকক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । সংবাদমেলযোগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, বহু সংখ্যক লোকে মণিপুৰৰ পৰা বৰ্তমানো উভতি আহিব পৰা নাই ।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে, মণিপুৰৰ হিংসাজৰ্জৰ পৰিস্থিতৰ বাবে অসমৰ বিভিন্ন ঠাইৰ লগতে শিলচৰত আশ্ৰয় গ্ৰহণ কৰা প্ৰায় দুই হাজাৰ লোকক মঙলবাৰৰ পৰা পুনৰ নিৰাপদে ওভতাই পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব । মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি মণিপুৰৰ পৰিস্থিতি কিছু শাম কাটিছে । মণিপুৰৰ চৰকাৰৰ লগত যোগাযোগ কৰি এই কথা নিশ্চিত কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । চৰকাৰে উভতি যোৱাৰ বাবে টিকটৰ ব্যৱস্থা কৰি দিব বুলিও তেওঁ উল্লেখ কৰে । লগতে তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহে ২৬ মে'ত মণিপুৰৰ পৰিস্থিতিৰ বুজ ল'ব বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে,মণিপুৰৰ গোষ্ঠী সংঘৰ্ষই ইতিমধ্যেই ৬ টা দিন অতিক্ৰম কৰিলে ৷ বৰ্তমানেও ইণ্টাৰনেট সেৱা ব্যাহত হৈ থকাৰ লগতে বলবৎ হৈ আছে সান্ধ্য আইন (Manipur violence update) ৷ ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ 100 টাতকৈয়ো অধিক গোটে মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ বিগত ৯৬ ঘণ্টা ধৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে (Rescue operation in Manipur) ৷

লগতে পঢ়ক:Miscreants burn Dhol: ধিক্কাৰ ! উদণ্ড যুৱকে জ্বলালে জাতিৰ স্বাভিমান গামোচা তথা ঢোল

ABOUT THE AUTHOR

...view details