অসম

assam

আগন্তুক নাট্যবৰ্ষৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰত নাথাকে ৰবি শৰ্মা, স্পষ্ট কৰিলে অভিনেতাগৰাকীয়ে

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 6:38 AM IST

Interview With Actor Ravi Sarma : স্বাস্থ্যৰ কথা চিন্তা কৰি আগন্তুক নাট্যবৰ্ষৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰত নাথাকে বৰি শৰ্মা ৷ ‘কা’ৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিত অটল আছে অভিনেতাগৰাকী ৷ শেহতীয়াকৈ নিৰ্দিষ্ট এখন অসমীয়া ছবিৰ প্ৰতি অসমীয়া দৰ্শকে কিয় অনিহা প্ৰকাশ কৰিলে তাৰো উত্তৰ দিলে অভিনেতা ৰবি শৰ্মাই ৷

Actor Ravi Sarma
অভিনেতা ৰবি শৰ্মাৰ সৈতে সাক্ষাৎকাৰ

অভিনেতা ৰবি শৰ্মাৰ সৈতে সাক্ষাৎকাৰ

গুৱাহাটী, 16 ডিচেম্বৰ : শ্ৰীৰঘুপতিৰ সফলতাৰ পিছত আহি আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ নতুন ছবি ‘ৰুদ্ৰ’ ৷ শুকুৰবাৰে ঘোষণা কৰা হয় ৰবি শৰ্মাই অভিনয় কৰিবলগীয়া নতুন ছবিখনৰ নাম ।

অভিনেতাগৰাকীৰ আহিবলগীয়া বিগ বাজেটৰ নতুন ছবিখনৰ সন্দৰ্ভত কয়, ‘‘ ছবিখনৰ কাহিনীটো মই থুলমূলকৈ শুনিছোঁ । ছবিখনক লৈ এটা নতুন পৰিকল্পনা কৰা হৈছে । নিজৰ দেশখন, জাতিটোক ভালপোৱা এটা চৰিত্ৰত মই অভিনয় কৰিম । ছবিখনৰ শ্বুটিং অসমৰ লগতে হাইদাৰাবাদত কৰা হ'ব ।’’

ইফালে আগন্তুক নাট্যবৰ্ষত মঞ্চত দেখা পোৱা নাযাব অভিনেতাগৰাকীক । পুনৰ থিয়েটাৰলৈ যোৱাৰ পৰিকল্পনা নাই অভিনেতাগৰাকীৰ । ভ্ৰাম্যমানৰ সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, ‘‘ থিয়েটাৰত ভাল লাগে । থিয়েটাৰৰ জৰিয়তে দৰ্শকৰ সৈতে পোনপটীয়াকৈ যোগাযোগ হয় । প্ৰত্যক্ষভাৱে তেওঁলোকৰ লগত জড়িত হোৱাৰ কথাটো কেতিয়াও নাপাহাৰোঁ । কেৱল বহু দেৰিকৈ হোৱা শ্ব' আৰু তাৰবাবে অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে মই থিয়েটাৰৰ পৰা সোনকালে বিদায় লৈ আহিব বিচাৰিছো ।''

জনপ্ৰিয় অভিনেতাগৰাকীৰ শেহতীয়া ছবি শ্ৰী ৰঘুপতিৰ চিকুৱেল সন্দৰ্ভত কয়, ‘‘ শ্ৰী ৰঘুপতিৰ পৰৱৰ্তী কাহিনী মই কৰিমেই, কিন্তু কি নাম দিম সেয়া এতিয়াও ঠিক হোৱা নাই ।’’ অসমীয়া ছবিক লৈ ৰাজনীতি কৰা বুলি বহুতে কৰা মন্তব্যৰ সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, ‘‘ ছবি এখন চাবলৈ যোৱা আৰু নোযোৱাৰ আঁৰত বহু কথা থাকিব পাৰে । ৰাইজৰ নিজৰ দৃষ্টিভংগী আছে । ৰাইজে জানে কিয়, কোনটো আৰু কিয় ? প্ৰত্যেকটো ভাত খোৱা জাতিয়ে ব্যক্তিগত জীৱনটো চায় । গতিকে ইয়াত বহুত কথা নিৰ্ভৰশীল । যিমানেই ডাঙৰ ডাঙৰ পোষ্টাৰ নলগাওক কিয়, যদি ছবিৰ মানদণ্ড বেয়া তেন্তে হললৈ দৰ্শক নাহে ।’’

‘কা’ বিৰোধী আন্দোলনৰ সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, ‘‘ মই আগৰ স্থিতিতেই আছোঁ । মোৰ এতিয়া বয়সো নাই সলনি হ’বলৈ ৷ তদুপৰি সলনি হোৱাৰ কোনো উদ্দেশ্যও নাই ৷’’

লগতে পঢ়ক :কিয় এইবাৰ কা বিৰোধী আন্দোলন নকৰে ৰবি শৰ্মাই ? বিগত আন্দোলনে কি শিকালে অভিনেতাগৰাকীক ?

ABOUT THE AUTHOR

...view details