ETV Bharat / state

কিয় এইবাৰ কা বিৰোধী আন্দোলন নকৰে ৰবি শৰ্মাই ? বিগত আন্দোলনে কি শিকালে অভিনেতাগৰাকীক ?

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 9:41 PM IST

Ravi Sarma opinion on CAA
কিয় এইবাৰ কা বিৰোধী আন্দোলন নকৰে ৰবি শৰ্মাই ?

Actor Ravi Sarma on CAA : কা বিৰোধী আন্দোলনৰ পৰা কি শিকিলে অভিনেতা ৰবি শৰ্মাই ? ‘কা’ৰ ক্ষেত্ৰত স্থিতি অটল আছে যদিও অভিনেতাগৰাকীয়ে নিজৰ শৈলীৰেহে কৰিব বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ অভিনেতাগৰাকীয়ে আৰু কি কি ক’লে এই প্ৰসংগত...

কিয় এইবাৰ কা বিৰোধী আন্দোলন নকৰে ৰবি শৰ্মাই ?

গুৱাহাটী, ১৬ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত নিজৰ স্থিতিত অটল আছে আৰু থাকিব অভিনেতা ৰবি শৰ্মা ৷ শুকুৰবাৰে পুনৰ এই কথা ক’লে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ৷

শুকুৰবাৰে আনুষ্ঠানিকভাৱে ঘোষণা হোৱা ৰবি শৰ্মা অভিনীত বিগ বাজেটৰ নতুন অসমীয়া ছবি ‘ৰুদ্ৰ’ টীমৰ সংবাদমলতে উপস্থিত থকা অভিনেতাগৰাকীয়ে ‘কা’ৰ প্ৰসংগতো কৰিলে কেতবোৰ মন্তব্য ৷ তেওঁ কয়, ‘‘ 'কা’ৰ বিৰোধিতা তেতিয়াও কৰিছিলোঁ আৰু সকলোৱে যেতিয়া নাচ-গান কৰিছিল তাৰ আগতেও কৰিছিলো ৷ তাৰ পিছতো কৰি আছো ৷’’

নাগৰিকত্ব সংশোধনী আইনক লৈ জুবিন গাৰ্গৰ পৰি আৰম্ভ কৰি বিভিন্নজনৰ মাজত কৃত্বিত্ব দাবীৰ প্ৰতিযোগিতা চলি থকাৰ মাজতে শুকুৰবাৰে এই বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰিলে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ৷ অসমীয়া ছবিৰ ছুপাৰ ষ্টাৰগৰাকীয়ে কয়, ‘‘ মই 'কা’ৰ বিৰোধিতা আগতেও কৰিছিলোঁ, এতিয়াও কৰিম ৷”

'কা’ বিৰোধিতা কৰিলেও এইবাৰ আৰু ৰবি শৰ্মাই আন্দাোলন কৰিবলৈ নাযায় বুলিও মন্তব্য কৰে ৷ আন্দোলনক পিছলৈ একাংশই অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰাক লৈয়ো আক্ষেপ প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷

ৰবি শৰ্মাই কয়, “ মই এইবাৰ আন্দোলন নকৰো । কাৰণ আন্দোলনৰ পৰিণতি মই ভাল দেখা নাই ৷ কাৰণ আন্দোলন পিছলৈ এটা অস্ত্ৰ হৈ পৰে । যাক ব্যৱহাৰ কৰা হয় । মই নিজৰ শৈলীৰে 'কা’ৰ প্ৰতিবাদ কৰিম ৷ কামৰ মাধ্যমেৰে প্ৰতিবাদ কৰিম ৷ আন্দোলন মোৰ কাম নহয় ।”

ইয়াৰোপৰি ‘কা’ বিৰোধী আন্দোলনৰ সময়ত চান্দমাৰীত হোৱা নাচ-গানৰ অনুষ্ঠানৰ প্ৰতি ৰবি শৰ্মাৰ সমৰ্থন নাছিল বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অভিনেতাগৰাকীয়ে ৷ তেওঁ কয়, “ চান্দমাৰী ফিল্ডত নাচ-গান হওঁতে মই নাছিলোঁ ৷ তাৰ অৰ্থটো আছিল যে মই সেই কামটো সমৰ্থন কৰা নাছিলো ৷ ”

লগতে পঢ়ক : শ্ৰী ৰঘূপতিৰ বৃহৎ সাফল্যৰ পাছত এইবাৰ ৰবি শৰ্মাৰ ৰুদ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.