ETV Bharat / state

শ্ৰী ৰঘূপতিৰ বৃহৎ সাফল্যৰ পাছত এইবাৰ ৰবি শৰ্মাৰ ৰুদ্ৰ

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 8:34 PM IST

Updated : Dec 15, 2023, 9:22 PM IST

Ravi Sarma new Movie
জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই অভিনীত নতুন ছবি ৰুদ্ৰ

Ravi Sarma new film: আহি আছে আৰু এখন বিগ বাজেটৰ অসমীয়া ছবি ‘ৰুদ্ৰ’ ৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব ৰবি শৰ্মাই ৷ শুকুৰবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ছবিখনৰ নাম আৰু কেতবোৰ তথ্য ৷

জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই অভিনীত নতুন ছবি ৰুদ্ৰ

গুৱাহাটী, 15 ডিচেম্বৰ : অসমীয়া ছবি শ্ৰী ৰঘুপতিৰ অভূতপূৰ্ব সফলতাৰ পাছত শীঘ্ৰেই আহি আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা অভিনীত নতুন ছবি 'ৰুদ্ৰ' । শুকুৰবাৰে এক সংবাদমেলযোগে ঘোষণা কৰা হয় আহিবলগীয়া নতুন ছবিখনৰ নাম ৷ শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া প্ৰথমখন ছবি 'ৰুদ্ৰ'ৰ পৰিচালনা তথা কাহিনী ৰূপক গগৈৰ ।

আনহাতে ছবিখনৰ মুখ্য প্ৰযোজক আৰু পৰিৱেশক হিচাবে আছে ৰাজেশ কুমাৰ ম'ৰ । একশ্যন-থ্ৰিলাৰধর্মী ছবিখনৰ একশ্যনসমূহ বৰ্তমানৰ হিন্দী বা দক্ষিণ ভাৰতৰ ছবিৰ সৈতে ফেৰ মাৰিব পৰাকৈ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে নতুন ছবি 'ৰুদ্ৰ' । অসমৰ লগতে হায়দৰাবাদৰ পটভূমিত নিৰ্মাণ কৰা হ'ব ছবিখন । 2024ৰ মে' মাহত চিত্ৰগ্ৰহণৰ পৰিকল্পনা কৰা লগতে ছেপ্টেম্বৰ অথবা অক্টোবৰ মাহত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনাৰ কথা উল্লেখ কৰিছে টীম ৰুদ্ৰই ।

ছবিখনৰ সম্পৰ্কত অভিনেতা ৰবি শৰ্মাই কয়, ‘‘ ৰূপক গগৈৰ লগত কাম কৰি ভাল লাগিছে । আমি সফল হ'ম । আমাৰ চলচ্চিত্ৰ উদ্যোগটো ভাৰতৰ তৃতীয় অতি পুৰণি উদ্যোগ। চলচ্চিত্ৰ উদ্যোগত এতিয়া আমাক নতুন মুখ লাগে । আমি কষ্ট কৰিম । বৰ্তমান আমি থিয়েটাৰত আছো । থিয়েটাৰৰ পৰা আহি এইখন চলচ্চিত্ৰত অভিনয় কৰিম । আমি জাতিটোক কিদৰে আগুৱাই নিব পাৰো তাৰে কামনা কৰিম । অনা অসমীয়া মানুহেও আমাৰ চলচ্চিত্ৰক এতিয়া আদৰি লৈছে ।’’

জনপ্ৰিয় অভিনেতাগৰাকীয়ে লগতে কয়, ‘‘ অনাগত সময়ত আমি যাতে দক্ষিণ ভাৰতৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয় তাৰে প্ৰয়াস কৰিম ।’’ ইফালে ছবিখনৰ মুখ্য প্ৰযোজক আৰু পৰিৱেশক ৰাজেশ কুমাৰ ম'ৰে কয়- ‘‘ শ্ৰী ৰঘূপতিৰ সফলতাৰ পাছত অসমৰ তাৰকা অভিনেতা ৰবি শৰ্মা চুক্তিবদ্ধ হৈছে শ্যাম প্ৰডাকশ্যনৰ নিবেদন 'ৰুদ্ৰ' চলচ্চিত্ৰৰ বাবে । বিশিষ্ট ছবি পৰিচালক ৰূপক গগৈয়ে 'ৰুদ্ৰ' চিনেমাখনৰ কাহিনীটো লিখি উলিওৱাৰ লগতে ছবিখনৰ পৰিচালনা কৰিব । চলচ্চিত্ৰখনৰ ৪০ শতাংশ দৃশগ্ৰহণৰ কাম হায়দৰাবাদত কৰা হ'ব । আমি দৰ্শকক নিৰাশ নকৰোঁ ।’’

আনহাতে ছবিখনত অভিনয়ৰ বাবে ৰবি শৰ্মাৰ বিপৰীতে এতিয়াও কোনো অভিনেত্ৰী বা আন চৰিত্ৰৰ বাচনি কৰা হোৱা নাই । এই চিনেমাখনৰ বাবে অসমৰ চুকে-কোণে থকা প্ৰতিভাৱান যুৱক-যুৱতীৰ আবেদন বিচাৰিছে পৰিচালক-প্ৰযোজকে । ছবিখনত অভিনয়ৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰিব ইচ্ছুক প্ৰাৰ্থীসকলে ।

এইধৰণে ছবিখনৰ নায়িকাকো নিৰ্বাচন কৰা সম্ভৱনা আছে বুলি মন্তব্য কৰে ছবিখনৰ পৰিচালকে ।

লগতে পঢ়ক : বাদুংদুপ্পাত আৰম্ভ আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহ ২০২৩

Last Updated :Dec 15, 2023, 9:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.