ETV Bharat / state

বাদুংদুপ্পাত আৰম্ভ আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহ ২০২৩

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 3:41 PM IST

Badungduppa International Theater Festival: গোৱালপাৰা ৰামপুৰস্থিত বাদুংদুপ্পা নাট্য কলাকেন্দ্রত আৰম্ভ আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহ ২০২৩ 'আণ্ডাৰ দ্যা শাল ট্রি' (Under the Sal tree)। উদুলি-মুদলি বাদুংদুপ্পা নাট্য কলাকেন্দ্ৰৰ বাকৰি । বাংলাদেশৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত নাট্যকৰ্মীৰ দল । শুক্রাচার্য ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভ কৰে আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহ ২০২৩ ।

Annual Theater Festival of Badungduppa Kala Kendra
বাদুংদুপ্পাত আৰম্ভ আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহ ২০২৩

বাদুংদুপ্পাত আৰম্ভ আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহ ২০২৩

গোৱালপাৰা,১৫ ডিচেম্বৰ: অসমৰ নাট্য আন্দোলনৰ দীঘলীয়া পথচোৱাত বিভিন্ন সময়ত বিভিন্নজন নাট্যকৰ্মীয়ে ভিন্ন নাট্য পৰীক্ষা চলায় আহিছে ৷ নাট্য জগতখনত নাট্যচিন্তা, নাট্য শিল্পক লৈ বিভিন্ন সময়ত বিভিন্নজনে চলায় যোৱা পৰীক্ষা-সম্পৰীক্ষাৰ ক্ষেত্ৰত সদায়ে চৰ্চালৈ আহে এটা বিশেষ নাম । শুক্ৰাচাৰ্য ৰাভা, আৰু সেই শুক্ৰাচাৰ্য ৰাভাৰে অনবদ্য সৃষ্টি বাদুংদুপ্পা কলা-কেন্দ্ৰ । বিগত বছৰৰ দৰে বাদুংদুপ্পাত আৰম্ভ নাট সমাৰোহ ।

দেশৰ বহু আগশাৰীৰ নাট্যকৰ্মীৰে ভৰি পৰিল বাদুংদুপ্পাৰ শালনীবাৰী । উখল-মাখল পৰিৱেশৰ মাজেৰে আৰম্ভ হ'ল বাদুংদুপ্পা নাট্য কলাকেন্দ্ৰৰ প্রাকৃতিক মঞ্চত তিনিদিনীয়া আন্তঃৰাষ্ট্রীয় নাট্য সমাৰোহ 'আণ্ডাৰ দ্যা শাল ট্রি' ২০২৩ । গোৱালপাৰা জিলাৰ আগিয়া ৰামপুৰ বাদুংদুপ্পা নাট্য কলা কেন্দ্রত দেশৰ ভিন্ন প্রান্তৰ পৰা বহু বিশিষ্ট নাট্যকাৰ-পৰিচালক আহি ভৰি পৰিল সমাৰোহস্থলীত ।

সমাৰোহৰ আৰম্ভণিতে বাদুংদুপ্পাৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক প্রয়াত শুক্রাচার্য ৰাভা আৰু তেওঁৰ প্রয়াত গুৰু পদ্মশ্রী কানহাইলালৰ প্রতিমূর্তিত বন্তি প্রজ্বলনেৰে মাল্য অর্পণ কৰা হয় । পুৱা ৯:৩০ বজাত বন্তি প্রজ্বলনেৰে মঞ্চৰ শুভ উদ্বোধন কৰি ভাষণ প্রদান কৰে বিশিষ্ট নাট্যকাৰ-পৰিচালক ভৱেন ৰাভাই । মঞ্চ উন্মোচনৰ পিছতে পুৱা ১০ বজাৰ পৰা প্ৰবক্তা এইছ এছ শিৱ প্ৰকাশৰ ৰচনা আৰু প্ৰয়াত নাট্য পৰিচালক শুক্ৰাচাৰ্য ৰাভাই পৰিচালনা কৰা ৰাভা ভাষাৰ নাট 'মাডায়া মুচি' নাটখনেৰে আণ্ডাৰ দ্যা শাল ট্রি ২০২৩ বৰ্ষৰ নাট সমাৰোহৰ শুভাৰম্ভণি কৰা হয় ।

শুকুৰবাৰে বিয়লি ২:৩০ বজাত বঙালী ভাষাৰ নাট 'শ্ৰীজান হবে কবে' বিদ্যুৎজিৎ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা নাটখন মঞ্চস্থ কৰিব কলাভূমি আগৰতলা নাট্য দলে । বাদুংদুপ্পাৰ নাট্য সমাৰোহত চুবুৰীয়া দেশ বাংলাদেশৰ লগতে অসমৰ বিভিন্ন প্রান্তৰ উপৰিও ত্ৰিপুৰা, ভূপাল আৰু পশ্চিমবংগকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিশিষ্ট অভিনেতা, পৰিচালক, শিল্পী, কলা-কুশলীয়ে সমাৰোহস্থলী ভৰি পৰে ।

লগতে পঢ়ক: পুনৰ ‘কা’ নমনাৰ প্ৰতিশ্ৰুতিৰে নতুন ছবিৰ বাৰ্তা দিলে জুবিনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.