ETV Bharat / entertainment

পুনৰ ‘কা’ নমনাৰ প্ৰতিশ্ৰুতিৰে নতুন ছবিৰ বাৰ্তা দিলে জুবিনে

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 5:35 PM IST

চিকাৰৰ দৃশ্যগ্ৰহণৰ পাছত লণ্ডনৰ পৰা উভতিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গ ৷ চিকাৰ ছবিৰ পিছতেই নতুন বছৰত আহি আছে জুবিন গাৰ্গৰ ছবি ' ৰৈ ৰৈ বিনালে' ৷ জানুৱাৰী মাহত আৰম্ভ হ'ব ' ৰৈ ৰৈ বিনালে' ছবিখনৰ শ্বুটিং ৷

Zubeen
নৱবৰ্ষৰ দৰ্শকৰ বাবে বিশেষ উপহাৰ লৈ আহি আছে জুবিন গাৰ্গ

পুনৰ ‘কা’ নমনাৰ প্ৰতিশ্ৰুতিৰে নতুন ছবিৰ বাৰ্তা দিলে জুবিনে

গুৱাহাটী, 14 ডিচেম্বৰ: জুবিন প্ৰেমীসকলে অতি আগ্ৰহেৰে বাট চাই আছে তেওঁ আগন্তুক ছবি চিকাৰৰ বাবে ৷ বিগত কিছু সময় ধৰি ছবিখনৰ শ্বুটিঙক লৈ লণ্ডনত ব্যস্ত আছিল শিল্পীগৰাকী ৷ বৰ্তমান দৃশ্যগ্ৰহণৰ পাছত এতিয়া লণ্ডনৰ পৰা স্ব-ভূমিলৈ উভতি আহিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ ৷ ইফালে, অসমলৈ উভতি অহাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত লণ্ডনত " চিকাৰৰ" শ্বুটিঙৰ অনুভৱ ব্যক্ত কৰিলে শিল্পীগৰাকীয়ে ৷

জনাই দিও যে, আহিবলগীয়া নতুন ছবি চিকাৰত দৰ্শকে জুবিন গাৰ্গক দেখা পাব এজন আদিবাসীৰ ৰূপত ৷ ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি শিল্পী গৰাকীয়ে কয়,' চিকাৰৰ কাম খুব ভাল হৈছে ৷ চিকাৰ এনে প্ৰথমখন অসমীয়া ছবি যাৰ শ্বুটিঙ লণ্ডনত সম্পন্ন কৰা হৈছে ৷ পূৰ্ণ গতিত চলি আছে চিকাৰ ছবিৰ কাম ৷

জুবিনে জানিবলৈ দিয়া মতে, জুলাই নহ'লে আগষ্ট মাহত মুক্তিলাভ কৰিব চিকাৰে ৷ অসম আৰু লণ্ডনৰ পটভূমিত চিকাৰ ছবিখন নিৰ্মাণ কৰা হৈছে ৷

ইফালে, নতুন বছৰত দৰ্শকে লাভ কৰিব জুবিনৰ দুখনকৈ ছবি ৷ ৩ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকাৰৰ পাছতে আৰম্ভ হ'ব শিল্পী গৰাকীৰ ছবি'ৰৈ ৰৈ বিনালে'ৰ কাম ৷ এই সম্পৰ্কে মন্তব্য কৰি শিল্পী গৰাকীয়ে কয়,' "২০২৪ বৰ্ষত মোৰ দুখনকৈ ছবি মুক্তি লাভ কৰিব ৷ জানুৱাৰী মাহত আৰম্ভ হ'ব ' ৰৈ ৰৈ বিনালে' ছবিখনৰ কাম ৷ ছবিখনত এগৰাকী অন্ধ ব্যক্তিৰ ভূমিকাত অভিনয় কৰিম ৷ ছেপ্টেম্বৰ মাহত ' ৰৈ ৰৈ বিনালে' ছবি খনৰ মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে ৷"

আনহাতে, ছবিগৃহসমূহৰ সন্দৰ্ভত মন্তব্য কৰি জুবিনে কয় যে,' ছবিগৃহসমূহ খোলাৰ পদক্ষেপ হাতত লৈ থকা হৈছে ৷ চেপনত নতুন ছবিগৃহ এটা খোলাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে ৷

ইয়াৰ লগতে 'ৰাঘৱ'ৰ সন্দৰ্ভত মন্তব্য কৰি জুবিন গাৰ্গে কয়,' চিনেমাৰ নামত ৰাজনীতি হ'ব নালাগে ৷ যতীন বৰাৰ চিনেমাৰ লগত ৰাজনীতি হ'ল ৷ কলা-সংস্কৃতিক লৈ ৰাজনীতি হ'ব নালাগে ৷ আমি জ্যোতিপ্ৰসাদৰ ধাৰাক লৈ চলিব লাগিব ৷

ইফালে 'কা' আন্দোলন সন্দৰ্ভত মন্তব্য কৰি জুবিন গাৰ্গে কয়,"মই 'কা' বিৰোধী আগতেও আছিলো আৰু এতিয়াও আছো ৷ 'কা' গোটেইটো ৰাজনীতি হৈ থাকিল ৷ হাস্পতালৰ পৰা ওলাই আহি কা বিৰোধী আন্দোলনত দুজন মানুহহে থিয় হৈ থকা দেখিলো ৷ কেৱল সমুজ্জ্বল ভট্টাচার্য আৰু মই ৷ কা বিৰোধী আন্দোলন এইবাৰ বেলেগ ধৰণে হ'ব ৷ এইবাৰ সামাজিক মাধ্যমৰ ওপৰত গুৰুত্ব দিয়া হ'ব ৷ প্ৰয়োজন হ'লে ধৰ্ণা দিম ৷ যোৱাবাৰ আমি পাঁচজনক হেৰুৱালো, তাৰ বাবে ৰাইজৰ ওচৰত ক্ষমাপ্ৰাৰ্থী ৷"

শিল্পীগৰাকীৰ শেহতীয়া স্বাস্থ্য সন্দৰ্ভত সোধাত তেওঁ নিজৰ ভালে থকা বুলি মন্তব্য কৰে ৷ তেওঁ কয়," বৰ্তমান স্বাস্থ্য মোৰ ভাল, আপোনালোকে দেখিছেই ৷"

লগতে পঢ়ক: ​সম্পাদক নহয় এইবাৰ নেতাৰ ৰূপত Panchayatৰ অভিনেতা জিতেন্দ্ৰ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.