অসম

assam

AASU protest in Guwahati: মাতৃভাষা মাধ্যমৰ ওপৰত ইংৰ‍াজী জাপি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ

By

Published : Apr 8, 2023, 6:22 PM IST

চৰকাৰে মাতৃভাষা মাধ্যমত ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান বিষয় দুটাৰ পাঠ্যপুথি ইংৰ‍াজী ভাষাত প্ৰকাশ কৰাত বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছে (AASU protests on medium issue )। ইয়াৰ সৈতে সংগতি ৰাখি আছুৱে ৰাজ্য়জুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ।
AASU protest in Guwahati
আছুৰ ৰাজ্য়জুৰি প্ৰতিবাদী কাৰ্যসূচী

আছুৰ ৰাজ্য়জুৰি প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটী,৮ এপ্ৰিল:মাতৃভাষাৰ মাধ্যমত গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ৰ পাঠ্যপুথি ইংৰাজীত চপোৱাৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু (AASU protest in Guwahati)। শনিবাৰে আছুৰ আহ্বান ক্ৰমে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিয‍ান্ত্রিক মহাবিদ্যালয়ৰ খেলপথাৰত ছাত্র সন্থাই মাতৃভাষা মাধ্যম নিঃশেষ কৰাৰ চৰকাৰী ষড়যন্ত্ৰৰ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে (Institute of Assam Engineering College) ।

প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ আৰু প্লেকাৰ্ড লৈ বিক্ষোভ প্ৰদৰ্শন কৰে (AASU protest against English medium Book)। আনহাতে, প্ৰতিবাদকাৰীসকলে অসম অভিয‍ান্ত্রিক মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা সমদল কৰি ৰাজপথলৈ ওলাই আহিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে । আছুৱে অসমত অসমীয়া মাধ্যম আৰু বড়ো মাধ্যমকে ধৰি মাতৃভাষ‍া মাধ্যম নিঃশেষ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা আকোৰগোঁজ স্থিতি বাতিল কৰাৰ দাবী জনায় ।

এই সন্দৰ্ভত সদৌ কামৰূপ মহানগৰ জিল‍া ছাত্ৰ সন্থা সাধাৰণ সম্পাদক টুটুমনি কলিতাই কয় যে, চৰকাৰে মাতৃভাষা মাধ্যমত ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান বিষয় দুটাৰ পাঠ্যপুথি ইংৰ‍াজী ভাষাত প্ৰকাশ কৰিছে । যাৰ ফলত শিক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । এনেদৰে ইংৰাজী মাধ্যম জাপি দি চৰকাৰে মাতৃভাষাৰ মাধ্যমটো ধ্বংস কৰিব বিচাৰিছে বুলি ।

তেওঁ পুনৰ কয় যে, পূৰ্বতে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী মাধ্যমত পাঠদান কৰাৰ সিদ্ধান্ত কেবিনেটত লোৱা হৈছিল (AASU protest against govt decission on Medium)। ইয়াকলৈ ব্যাপক প্ৰতিবাদ হোৱাৰ পাচত এইবাৰ চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা বিষয় দুটাৰ পাঠদান ইংৰাজীত কৰাৰ ব্যৱস্থা কৰিছে (Controcersy on english medium of Science)।

এয়া মাতৃভাষাৰ মাধ্যমৰ ওপৰত আঘাত বুলি উল্লেখ কৰি তেওঁ কয় যে, এই কাৰ্য কোনো কাৰণতে মানি ল'ব নোৱাৰি । চৰকাৰে দক্ষতাসম্পন্ন শিক্ষকৰে মাতৃভাষাৰ বিদ্যালয়ত ইংৰাজী শিকোৱাৰ ব্যৱস্থা কৰক বুলি তেওঁ সদৰি কৰে । তেওঁ লগতে কয় যে, চৰকাৰে মাতৃভাষা মাধ্যম পৰিপন্থী সিদ্ধান্ত বাতিল নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলা হ'ব ।

লগতে পঢ়ক:JEC student death : যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত উদ্ধাৰ ছাত্রৰ মৃতদেহ

ABOUT THE AUTHOR

...view details