ETV Bharat / state

JEC student death : যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত উদ্ধাৰ ছাত্রৰ মৃতদেহ

author img

By

Published : Apr 8, 2023, 12:58 PM IST

শুকুৰবাৰে পুৱাই যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ (JEC student body recovered)। ছাত্ৰাৱাসৰ কোঠাত উদ্ধাৰ মিৰ্জাৰ ছাহ নিহাজুল নিহাজৰ মৃতদেহ । ঘটনাক গাপ দিয়াৰ চেষ্টা মহাবিদ্যালয় কৰ্তৃপক্ষৰ ।

JEC student death
ছাত্ৰাৱাসৰ কোঠত উদ্ধাৰ ছাত্রৰ মৃতদেহ

যোৰহাট,৮ এপ্ৰিল : যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ ৰহস্যজনক মৃত্যু (Mysterious death of JEC student)। ছাত্ৰাৱাসৰ কোঠাতে উদ্ধাৰ ছাত্ৰজনৰ মৃতদেহ । ঘটনাক লৈ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত তীব্ৰ চাঞ্চল্য । কিন্তু কেনেকৈ মৃত্যু হ'ল ছাত্ৰজনৰ ? আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

ছাত্ৰজনৰ নাম ছাহ নিহাজুল নিহাজ । গুৱাহাটীৰ মিৰ্জাত ঘৰ ছাহ নিহাজুলৰ । ইফালে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৫ নং ছাত্ৰাৱাসৰ ৫০৬ নম্বৰ কোঠাত আছিল ছাত্ৰজন । শুকুৰবাৰে পুৱাই ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হৈছিল (JEC student body recovered at hostel room)। কিন্তু ছাত্ৰৰ মৃত্যুৰ ঘটনাক গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্রাৱাসৰ ৱাৰ্ডেনগৰাকীৰ বিৰুদ্ধে । কিন্তু শুকুৰবাৰে নিশাৰ ভাগলৈ উক্ত ঘটনা সৰ্বত্ৰে বিয়পি পৰে ।

২০১৯ বৰ্ষৰ এক পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল ছাত্ৰজন । পৰীক্ষা দিবলৈ গৈ ৫ নং ছাত্রাৱাসৰ আৱাসী হৈ আছিল ছাত্ৰজন । কিন্তু শুকুৰবাৰে পুৱা সেই কোঠাতে ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হয় । অৱশ্যে পৰিয়াল লোকসকল উপস্থিত নোহোৱাৰ বাবে শুকুৰবাৰে নিশাৰ পৰিৱৰ্তে শনিবাৰেহে মৰণোত্তৰ পৰীক্ষা কৰা হ'য় । কিন্তু ছাত্ৰজনৰ মৃত্যু কেনেকৈ হ'ল তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে ।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাচতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব । ইফালে ছাত্রৰ ৰহস্যজনক মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ভিতৰে বাহিৰে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত ৫ নং ছাত্ৰাৱাসৰ বাৰ্ডেন আৰু মহাবিদ্যালয় কৰ্তৃপক্ষৰ মাজত শনিবাৰে এক বৈঠকো অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে ।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে ছাত্ৰজনে অত্যাধিক পৰিমাণে নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলতে তেওঁৰ মৃত্যু হয় । কিন্তু সঁচাকৈয়ে যদি ছাত্ৰজনে ড্ৰাগছ বা নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত মৃত্যু হৈছে তেনেহ'লে ছাত্ৰাৱাসত ছাত্রসকলক কোনে যোগান ধৰে নিচাজাতীয় দ্ৰব্য ? সেয়া এক ডাঙৰ প্ৰশ্ন ।

লগতে পঢ়ক :Raids against PFI : বৰপেটাত দুই PFI আৰু এজন CFIৰ নেতাক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.