ETV Bharat / state

Raids against PFI : বৰপেটাত দুই PFI আৰু এজন CFIৰ নেতাক গ্ৰেপ্তাৰ

author img

By

Published : Apr 8, 2023, 11:29 AM IST

Two PFI leaders arrested
PFI ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ৰাজ্যত পুনৰ পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ PFI ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Operation against Popular Front of India) ৷ অভিযানকালত আৰক্ষীৰ জালত পৰিল তিনিটাকৈ নেতা ৷

PFI ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বৰপেটা, 8 এপ্ৰিল : ৰাজ্যত পুনৰ সক্ৰিয় হৈ পৰিছে পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ PFI ৷ পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ বিৰুদ্ধে শুকুৰবাৰে আৰক্ষীয়ে চলায় অভিযান ৷ অভিযানকালত বৰপেটাৰোড ৰে’ল ষ্টেচনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় PFI ৰ দুই শীৰ্ষ নেতাক ৷ লগতে CFI ৰ আন এগৰাকী শীৰ্ষ নেতাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Operation against Popular Front of India) ৷

ধৃত PFI নেতা দুজন হৈছে জাকিৰ হুছেইন আৰু আবু চামাদ আহমেদ ৷ আনহাতে গ্ৰেপ্তাৰ হোৱা আনজন কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়া তথা CFI নেতা হৈছে জাহিদুল ইছলাম ৷ ধৃত আবু চামাদ আহমেদ পপুলাৰ্চ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি বুলি জানিবলৈ পোৱা গৈছে ৷ আনহাতে ধৃত জাকিৰ হুছেইন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ ৰাজ্যিক সমিতিৰ সম্পাদক বুলি আৰক্ষী সূত্ৰত প্ৰকাশ (Campus Front of India) ৷

Two PFI leaders arrested
PFI ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

তদুপৰি, বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জাহিদুল ইছলাম কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ CFI ৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি বুলি জানিবলৈ পোৱা গৈছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি , জাকিৰ হুছেইন আৰু জাহিদুল ইছলামে দিল্লীত বিগত কেইবামাহ ধৰি আত্মগোপন কৰি আছিল ৷ অৱশ্যে এই মুহূৰ্তলৈকে আৰক্ষীয়ে ঘটনা সম্পৰ্কে সংবাদ মাধ্যমৰ আগত কোনো বিশেষ কথা উল্লেখ কৰা নাই (Two PFI leaders arrested) ৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ 27 ছেপ্তেম্বৰৰ দিনা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী বা সংযুক্ত মৰ্চাসমূহক ৫ বছৰৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এটা নিষিদ্ধ সংগঠন হিচাবে ঘোষণা কৰিছিল । অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত চলিছিল এই পি এফ আই বিৰোধী অভিযান ৷ এই অভিযানৰ পিচতে কেন্দ্ৰীয় চৰকাৰে পি এফ আইক নিষিদ্ধ ঘোষণা কৰে (Raids against PFI in Assam) ।

Two PFI leaders arrested
PFI ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

তাৎপৰ্যপূৰ্ণভাৱে, সমগ্ৰ দেশজুৰি পি এফ আই বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে গৰুখুটি কাণ্ডৰ আঁৰত পি এফ আই জড়িত আছিল বুলি উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি, 'কা' আন্দোলনৰ সময়তো পি এফ আই আৰু এছ এফ আইৰ গতিবিধি প্ৰত্যক্ষ কৰা হৈছিল হৈছিল বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়াইছিল মন্তব্য ।

লগতে পঢ়ক : Rupjyoti Kurmi at Mariani : মায়ে কৈছে কুকুৰে ভুকিলে ভুকিব দিবি আৰু হাতীৰ দৰে গৈ থাকিবি: ৰূপজ্যোতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.