ETV Bharat / state

Rupjyoti Kurmi at Mariani : মায়ে কৈছে কুকুৰে ভুকিলে ভুকিব দিবি আৰু হাতীৰ দৰে গৈ থাকিবি: ৰূপজ্যোতি

author img

By

Published : Apr 8, 2023, 8:15 AM IST

30 মাৰ্চৰ পৰা আৰম্ভ হোৱা ঐতিহাসিক এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ শুকুৰবাৰে অনুষ্ঠিত হোৱা খেলত জয়লাভ কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দলে ৷ ৫৭ সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাস্থলীত উপস্থিত হৈ ৰাজ্যৰ শেহতীয়া বিতৰ্ক সন্দৰ্ভত মুখ খোলে বিধায়কগৰাকীয়ে (Rupjyoti Kurmi reaction on controversy) ৷

57 th ATPA Shield Football competition
এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাত বিধায়ক কুৰ্মী

এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাত বিধায়ক কুৰ্মী

যোৰহাট, 8 এপ্ৰিল : সংবাদ মাধ্যমৰ আগত বিভিন্ন সময়ত বিভিন্ন বিতৰ্কিত মন্তব্য আগবঢ়ায় সংবাদ শীৰ্ষ দখল কৰি অহা মৰিয়নি সমষ্টিৰ বিতৰ্কিত বিধায়ক ৰূপজ্যোতি কুৰ্মী পুনৰ চৰ্চালৈ আহিছে ৷ শুক্ৰবাৰে নিশা যোৰহাটত অনুষ্ঠিত হোৱা এ টি পি শ্বিলড ফুটবল প্ৰতিযোগিতাত উপস্থিত থাকি শেহতীয়া ঘটনাৱলী সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

যিসকলে বিধায়কগৰাকীক সমালোচনা কৰিছে, সেইসকলক কুকৰ আৰু হাতীৰ সৈতে তুলনা কৰি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, মায়ে কৈছে কুকুৰে ভুকিলে ভুকিব দিবি আৰু হাতীৰ দৰে বেগেৰে গৈ থাকিবি ৷ যি কৰে হৃদয়ৰ পৰা কৰিবৰ বাবে তেওঁক পৰামৰ্শ আগবঢ়োৱাৰ লগতে ৰাজনীতি, প্ৰশাসনিক সেৱা যি কৰ্মতে নিয়োজিত নহওক কিয় প্ৰতিটো কামে অন্তৰৰ পৰা কৰি যাব লাগে বুলি মাকে তেওঁক পৰামৰ্শ আগবঢ়ায় বুলি উল্লেখ কৰে ৷ নামঘৰলৈ গ’লে হৃদয়ৰ পৰা সেৱা কৰিবৰ বাবে মাকে তেওঁক কয় বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে কুৰ্মীয়ে (Rupjyoti Kurmi at Mariani) ৷

উল্লেখযোগ্য যে, শুক্ৰবাৰে নিশা ৰোমাঞ্চকৰ খেলখনত জয়লাভ কৰি ৫৭ সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে ৰূপজ্যোতি কুৰ্মী খেলুৱৈ ৰূপে থকা মৰিয়নি উপ ক্ৰীড়া সংস্থা দলটোৱে । মৰিয়নি দলে পশ্চিমবংগৰ ৱাৰী এথেলেটিক ক্লাবক ১-০ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয় । শুকুৰবাৰেে দুয়ো দলে প্ৰথমৰ পৰাই আক্ৰমণাত্মকভাৱে খেল প্ৰদৰ্শন কৰে । এ টি পি এ শ্বিল্ডত যোৰহাটৰ প্ৰথমটো দল হিচাবে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হৈ ফিল্ডত নমা মৰিয়নি দল আছিল অধিক আক্ৰমণাত্মক (57 th ATPA Shield Football competition)।

অৱশ্যে খেলৰ প্ৰথমাৰ্ধ সমাপ্ত হয় গ’ল শূণ্যভাৱে । গ’ল শূণ্যভাৱে শেষ হোৱা খেলখনৰ দ্বিতীয়াৰ্ধত অধিক আক্ৰমণাত্মক হৈ উঠে মৰিয়নি দল আৰু সেই অনুসৰি সফলতাও লাভ কৰে মৰিয়নি দলে খেলৰ দ্বিতীয়াৰ্ধৰ ৩ মিনিটত । মৰিয়নি দলৰ সুদীপ্ত কোঁৱৰে আগবঢ়ায় নিয়া বলটো গ’ললৈ ঠেলি দিয়ে মৰিয়নি দলৰ লোহিত তায়ে । ইয়াৰ পিচতে মৰিয়নি দলে যোৰহাটৰ প্ৰথমটো দল হিচাবে এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ ছেমিত স্থান নিশ্চিত কৰিছে।

লগতে পঢ়ক : Traditional Assamese Gamocha : পাৱাৰ লুমৰ গামোচা নিষিদ্ধকৰণৰ পাচতে দাম বৃদ্ধি থলুৱা গামোছাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.